Logo
image

কাজিৰঙা চাবলৈ আহিব ভূটানৰ ৰজা

'আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১ নৱেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী,  তিনিজনকৈ ৰাষ্ট্ৰপ্ৰধান, ৰাজকুমাৰ,  বহুদেশৰ ৰাষ্ট্ৰদূত, বলিউড-হলিউডৰ শিল্পীকে ধৰি দেশী-বিদেশী পৰ্যটকে বিশ্বৰ সৰ্বাধিক এটা খড়গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পাছত এইবাৰ কাজিৰঙালৈ অহাৰ মন মেলিছে স্বয়ং ৰজাই৷ অহা ৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীলৈ অসমলৈ আহিব ভূটানৰ ৰজা জিগমে কে ৱাংচুক৷ সেই সময়তে কাজিৰঙালৈ যাব ভূটানৰ ৰজা৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ মন মেলা ৰজাৰ লগতে ৰাজপৰিয়ালক আদৰিবলৈ এতিয়া কাজিৰঙাত দিনে-নিশাই চলিছে প্ৰস্তুতি৷ জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যেৰে ভাৰতৰ চুবুৰীয়া দেশ ভূটানৰ পঞ্চমজন ৰজা জিগমে খেচাৰ নামগায়েল ৱাংচুক (Jigme Khesar Namgyel Wanchuck) অহা ৪ আৰু ৫ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হ’ব৷ বোকাখাতৰ মহকুমাধিপতি চিমি কৰণে জানিবলৈ দিয়া মতে, ভূটানৰ ৰজাৰ কাজিৰঙা আগমন সম্পূৰ্ণ ব্যক্তিগত৷ গতিকে এতিয়ালৈকে কোনো কথা থিৰাং হোৱা নাই৷  সূত্ৰ এটাই জানিবলৈ দিয়া মতে, ভূটানৰ ৰজাৰ সৈতে ২৫টা পৰিয়াল কাজিৰঙালৈ আহিব৷ ৰজা জিগমেৰ সৈতে ৰাজ পৰিয়ালৰ সদস্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু এলিফেণ্ট ছাফাৰী কৰিব৷ সূত্ৰটোৱে আৰু জানিবলৈ দিয়া মতে, ৰজাৰ সৈতে কাজিৰঙালৈ আহিবলগীয়া ২৫টা পৰিয়ালৰ বাবে ইতিমধ্যে কাজিৰঙাৰ কেইবাটাও পৰ্যটন নিৱাস আগতীয়াকৈ সংৰক্ষণ কৰা হৈছে৷ উল্লেখ্য, ভূটানৰ ৰজাই ৰাত্ৰি যাপন কৰিবলগা কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত ব্যক্তিগত পৰ্যটন নিৱাসটো ইতিমধ্যে ৰং-তেল সানি মেৰামতি কৰি সজাই-পৰাই তুলিছে৷ ৰজাক আকৰ্ষিত কৰিবলৈ বৌদ্ধধৰ্মৰ বাণী লিখা ৰঙা, নীলা বিভিন্ন ৰঙৰ পতাকা আৰি দিয়া পৰিলক্ষিত হৈছে৷ ইফালে ভূটানৰ ৰজাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ উপায়ুক্তৰ নেতৃত্বত বোকাখাতৰ মহকুমাধিপতি, প্ৰশাসনৰ বিষয়-ববীয়া, পৰ্যটন নিৱাসৰ গৰাকী আদিৰ সৈতে কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ ৰজা তথা ৰাজ পৰিয়ালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণকালত যাতে কোনো ত্ৰুটি নৰয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুতি পূৰ্ণগতিত চলাই থকা হৈছে৷ বোকাখাতৰ পৰা কাজিৰঙালৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা গাতবোৰ মেৰামতি কৰি থকা হৈছে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই ৰজাৰ উদ্যান ভ্ৰমণৰ কাৰণে প্ৰস্তুতি চলাই আছে৷ আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ ৰজাক আদৰণি জনাবলৈ কাজিৰঙাত উপস্থিত থাকিব বুলিও জানিব পৰা গৈছে৷ ভূটীয়া ৰজাক কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে আদৰণি জনোৱাৰ উপৰি ৰজাৰ আতিথ্যৰ বাবে ৰজা তথা ৰাজ পৰিয়ালক অসমীয়া বিভিন্ন ব্য?নেৰে নিশাৰ আহাৰেৰে আপ্যায়ন কৰিব বুলিও সূত্ৰ এটাই জানিবলৈ দিয়ে৷ আনহাতে, ৰাজ্য চৰকাৰে কাজিৰঙালৈ ৰজাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনাগৃহৰ সন্মুখত এক সাংকৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে৷ বৰ্তমান সাংকৃতিক কাৰ্যসূচীৰ বাবে এক বৃহৎ পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে৷ য’ত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি ৰজাৰ সন্মুখত প্ৰদৰ্শন কৰোৱা হ’ব৷ উল্লেখ্য, ভূটানৰ ৰজাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ সম্পূৰ্ণ ব্যক্তিগত হোৱাৰ লগতে নিৰাপত্তাৰ খাতিৰত প্ৰশাসনে কোনো কথা মুকলিকৈ প্ৰকাশ কৰাৰ পৰা বিৰত আছে৷