Logo
image

অপেক্ষা শেষ, জন্মদিনৰ দিনাই মুক্তি পালে ডাংকিৰ টিজাৰ

ডিজিটেল ডেস্ক: শ্বাহৰুখ খানৰ ৫৮ সংখ্যক জন্মদিনত অনুৰাগীসকলে লাভ কৰিলে ডাবল গিফ্ট। প্ৰথমটো জৱান ছবি অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পোৱাৰ লগে লগে ইয়াক এক নম্বৰ শীৰ্ষ দহখন ছবিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ল। দ্বিতীয়টো মুক্তি পালে বহু প্ৰত্যাশিত ছবি ডাংকিৰ টিজাৰ।  টিজাৰ মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ঢৌ সৃষ্টি কৰা দেখা গৈছে। অনুৰাগীসকলে এই ছবিখনক শ্বাহৰুখ খানৰ আন এখন ব্লকবাষ্টাৰ বুলি অভিহিত কৰাৰ সময়তে মুক্তিৰ তাৰিখ সন্দৰ্ভত অধৈৰ্য্যতা প্ৰকাশ কৰিছে। 

এজন মহান চলচ্চিত্ৰ নিৰ্মাতা হিচাপে পৰিচিত ৰাজকুমাৰ হিৰানীয়ে এইবাৰ পুনৰ দৰ্শকক মনোৰঞ্জন দিবলৈ আহিছে ডাংকি নামৰ হাস্যৰসেৰে ভৰা আন এখন সুন্দৰ ছবিৰে।বৃহস্পতিবাৰে নিৰ্মাতাসকলে টিজাৰ উন্মোচন কৰে আৰু দৰ্শকক ৰাজকুমাৰ হিৰানীৰ অনন্য জগতখনৰ আভাস দিয়ে।ডাংকি হৈছে বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত প্ৰেম আৰু বন্ধুত্বৰ এক উজ্জ্বল কাহিনী। টিজাৰ ভিডিঅ’টোত বোমন ইৰাণী, তাপসী পান্নু, বিকি কৌশল, বিক্ৰম কোছাৰ, অনিল গ্ৰ’ভাৰ, শ্বাহৰুখ খানকে ধৰি এক ব্যতিক্ৰমী প্ৰতিভাশালী গোটে অভিনয় কৰা দেখা গৈছে।

ৰাজকুমাৰ হিৰানীৰ পৰিচালিত আৰু গৌৰী খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাত চলিত বৰ্ষৰ বৰদিনত মুক্তি পাব ডাংকি। ডাংকি ৰাজকুমাৰ হিৰানীৰ সৈতে কিং খানৰ  প্ৰথমখন  ছবি।