Logo
image

গাজা এতিয়া শিশুৰ বধ্যভূমি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ নৱেম্বৰঃ পেলেষ্টাইনৰ ২৩ লক্ষাধিক আবাসীৰ বসতিস্থল ক্ষুদ্ৰ অঞ্চল গাজাষ্ট্ৰিপ এতিয়া শিশুৰ বধ্যভূমি হৈ পৰিছে৷ উপৰ্যুপৰি বিগত দুদিনত দুটাকৈ শৰণাৰ্থী শিবিৰত কেইবাটন বোমা বৰ্ষণ কৰি সকলো শৰণাৰ্থীকে মৃত্যুৰ ঠিকনা দেখুওৱা ইজৰাইলৰ এই নৰসংহাৰত গৰিষ্ঠসংখ্যক শিশুৰে মৃত্যু হৈছে৷ মঙলবাৰপৰ্যন্ত কেৱল গাজাতে নিহত হৈছে ৩,৬৪৮টা শিশু৷ আনহাতে, যোৱা ৭ অক্টোবৰত ইজৰাইলৰ প্ৰত্যাক্ৰমণৰ পৰা এইপৰ্যন্ত ২,০০০ পেলেষ্টাইনী নিৰুদ্দেশ হৈ আছে, য’ত ১,০২০টাই হৈছে শিশু৷ নিৰুদ্দেশ বুলি প্ৰকাশ কৰা পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ এই তথ্য প্ৰকৃততে নিহতৰে সংখ্যা৷ কিয়নো চৌদিশৰ পৰা অবৰুদ্ধ আৰু ৩৬৫ বৰ্গ কিলোমিটাৰ অঞ্চলৰ উপৰ্যুপৰি বোমাবৰ্ষণ চলি থকা গাজাষ্ট্ৰিপৰ পৰা বিগত ৭ অক্টোবৰৰ পৰা পৰুৱা এটাও বাহিৰলৈ ওলাই যাব পৰা নাই৷ এনে পৰিস্থিতিত এই সহস্ৰাধিক নিৰুদ্দিষ্ট শিশু গাজাৰ পৰা পলাই যোৱাটো অলৌকিক৷ প্ৰকৃততে প্ৰচণ্ড বোমাবৰ্ষণৰ ফলত ধবংসস্তূপত পৰিণত হোৱা বাসস্থানৰ আৱৰ্জনাৰ তলৰ পৰা যিসকলৰ মৃতদেহ উদ্ধাৰ সম্ভৱ হোৱা নাই, তেওঁলোকক এতিয়াও নিহত বুলি কতৃৰ্পক্ষই তথ্য প্ৰকাশ কৰা নাই; নিৰুদ্দিষ্ট বুলি পৰিসংখ্যা আগবঢ়াইছে৷ সেই ১,০২০টা শিশুক নিহত বুলি ধৰি ল’লে গাজাত শিশুৰ নিহতৰ সংখ্যা মঙলবাৰপৰ্যন্ত ৪,৬৬৮টা হ’ব৷ আনহাতে, বুধবাৰে শৰণাৰ্থী শিবিৰত বোমাবৰ্ষণত নিহত শিশুৰ তথ্য এতিয়াও পেলেষ্টাইন স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা নাই৷ কিন্তু ৰাষ্ট্ৰসংঘৰ শিশুৰ জৰুৰী পুঁজিৰ সংস্থা ইউনিচেফে কৈছে– গাজা এতিয়া ইজৰাইলৰ আক্ৰমণৰ ফলত শিশুৰ কবৰস্থানত পৰিণত হৈছে৷ জেনেভাত সাংবাদিকৰ আগত ইউনিচেফৰ মুখপাত্ৰ জেম্‌ছ এল্ডাৰে এই মন্তব্য কৰে৷

সমগ্ৰ বিশ্ব ইজৰাইলৰ এই নৰসংহাৰত উদ্বিগ্ন হৈ পৰিলেও ইজৰাইলৰ আক্ৰমণ স্তব্ধ হোৱাৰ কোনো লক্ষণ নাই৷ বৰং বাসস্থানসমূহ বোমাবৰ্ষণত ধবংস কৰি গাজাৰ বাসিন্দাক শৰণাৰ্থী শিবিৰত থাকিবলৈ বাধ্য কৰাই ইজৰাইলে এতিয়া সেই শৰণাৰ্থী শিবিৰত বোমা বৰ্ষণ কৰি কম বিস্ফোৰক ব্যয়েৰে অধিক পেলেষ্টাইনীক হত্যা কৰিছে৷ ইজৰাইলে বিগত দুদিনত দুটা শৰণাৰ্থী শিবিৰত বোমাবৰ্ষণ কৰি শিবিৰত আশ্ৰয় লৈ থকা শৰণাৰ্থীক সমুলঞ্চে হত্যা কৰিছে৷ ইয়াৰ ভিতৰত বৃহত্তম শৰণাৰ্থী শিবিৰ জাবালিয়া কেম্পত প্ৰায় হাজাৰোধিক পেলেষ্টাইনীয়ে আশ্ৰয় লৈ আছিল৷ ইজৰাইলৰ এই গণহত্যাত অতীষ্ঠ হৈ আৰু দেশখনে সকলো আন্তঃৰাষ্ট্ৰীয় বিধি-ব্যৱস্থা উলংঘা কৰাত অসন্তুষ্ট হৈ বিশ্বৰ বহুকেইখন দেশে ইজৰাইলৰ সৈতে কুটনৈতিক সম্পৰ্ক ছিন্ন কৰিছে৷ লেটিন আমেৰিকাৰ দেশ চিলিয়ে ইজৰাইলত থকা ৰাষ্ট্ৰদূতক পেলেষ্টাইনত হত্যালীলাৰ প্ৰতিবাদত দেশলৈ ওভোটাই নিছে৷ বলিভিয়াই ইজৰাইলৰ সৈতে থকা সমষ্ট কূটনৈতিক সম্পৰ্ক ছিন্ন কৰা বুলি ঘোষণা কৰিছে৷ ভেনিজুৱেলাই পেলেষ্টাইনৰ নাগৰিকক ইজৰাইলে গণহত্যাৰ জৰিয়তে সমুলঞ্চে নিঃশেষ কৰাৰ পৰিকল্পনা কৰা বুলি কৈ ইজৰাইলৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ কথা ঘোষণা কৰিছে৷ অৱশ্যে নৰসংহাৰত মদমত্ত হৈ পৰা ইজৰাইলে বিশ্বৰ জনমতলৈ কৰ্ণপাত কৰা নাই৷ বৰং ইজৰাইলে হিৰোচিমা আৰু নাগাছাকিত এটম বোমাৰে আমেৰিকাই কৰা নৰসংহাৰৰ কথা জো বাইডেনক সোঁৱৰাই দি পেলেষ্টাইনত চলাই থকা নৰসংহাৰৰ ক্ষেত্ৰত আত্মপক্ষ সমৰ্থন কৰিছে৷