Logo
image

গাজা এতিয়া মৰ্ত্যৰ নৰক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ নৱেম্বৰঃ পেলেষ্টাইনীৰ ক্ষুদ্ৰতম বাসভূমি গাজা ষ্ট্ৰিপত প্ৰৱেশ কৰা ইজৰাইলৰ সেনাবাহিনীৰ যুদ্ধৰ টেংকে এতিয়া গাজাৰ সকলোকেইখন চিকিৎসালয় আগুৰি ধৰিছে৷ ইতিমধ্যে বিমান আক্ৰমণত ধুলিসাৎ হোৱা গাজাৰ ২১খন চিকিৎসালয়ৰ চিকিৎসা সেৱা কতৃৰ্পক্ষই বন্ধ কৰি দিবলৈ বাধ্য হৈছে৷ বাকী যিকেইখন চিকিৎসালয় সচল হৈ  আছে, তাত হামাছৰ সশস্ত্ৰ যোদ্ধাই আশ্ৰয় লৈ থকাৰ সন্দেহতে আইডিএফে সকলো হাস্পতাল আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বেৰি ধৰিছে৷ ইজৰাইলৰ সেনাবাহিনীয়ে নিজেই প্ৰকাশ কৰিছে, তেওঁলোকে সহস্ৰাধিক টেংকৰ জৰিয়তে ১২ খন হাস্পতাল আগুৰি আছে আৰু সেনাবাহিনীৰ হাতত আছে এণ্টি টেংক মিছাইল, ৰকেট আৰু মৰ্টাৰসহ ৬০০০ গধুৰ অস্ত্ৰ বা আৰ্টিলেৰী৷ যিকোনো মুহূৰ্তত ইজৰাইলৰ টেংক আৰু অস্ত্ৰসজ্জিত গাড়ীয়ে এই চিকিৎসালয়ত হামাছ যোদ্ধাৰ সন্ধানত আক্ৰমণ হানিব৷ সেয়া হ’ব পূৰ্ণ পৰ্যায়ৰ আক্ৰমণ৷ ইজৰাইলৰ সেনাবাহিনীয়ে দাবী কৰিছে, তেওঁলোকে গাজাৰ ৫০ শতাংশ ঘৰ ইতিমধ্যে বোমাবৰ্ষণত ধবংস কৰিছে৷ যুদ্ধ আৰম্ভ হোৱাৰ পৰা ইজৰাইলৰ সেনাই গাজাৰ ১৫,০০০টা লক্ষ্যত বোমাবৰ্ষণ কৰিছে আৰু যোৱা এমাহ তিনিদিনত ২৯,০০০ টন বিস্ফোৰক গাজাৰ ওপৰত বৰ্ষণ কৰিছে৷ ইয়াৰ ফলত দীঘলে ৪১ কিলোমিটাৰ আৰু বহলে ৬-১০ কিলোমিটাৰৰ ৩৫৬ বৰ্গকিলোমিটাৰৰ অঞ্চলটো এতিয়া মৰ্ত্যৰ নৰকলৈ পৰ্যবসিত হৈছে৷ ইজৰাইলী বায়ুসেনাবাহিনী, স্থলবাহিনী, আৰ্টিলেৰীৰ সন্মিলিত আক্ৰমণৰ সময়ত গাজাৰ হাস্পতাল, স্কুল, শৰণাৰ্থী শিৱিৰ একো বাদ পৰা নাই আৰু বিশ্বৰ অসংখ্য দেশৰ যুদ্ধ বন্ধৰ আহ্বানে ইজৰাইলক টলাব পৰা নাই৷ যোৱা ৮ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইলৰ আক্ৰমণত বৃহস্পতিবাৰলৈকে ১১,০৭৮ জন নিৰপৰাধী পেলেষ্টাইনী নিহত হৈছে৷ ইয়াৰে ৪,৫০৬টা শিশু, ৩,০২৭গৰাকী নাৰী৷ আনহাতে ইজৰাইলৰ আক্ৰমণত আহত হৈছে ২৭,৪৯০জন পেলেষ্টাইনী, য’ৰ ৮,৬৬৩টা শিশু আৰু ৬,৩২৭ গৰাকী মহিলা৷ গাজাৰ এই ক্ষুদ্ৰ অঞ্চলটোৰ ইজৰাইলীৰ অমানুষিক আক্ৰমণত যি ৰূপ হৈছে, ৰাষ্ট্ৰসংঘই ইয়াক মৰ্ত্যৰ নৰক বুলি আখ্যা দিছে৷ এতিয়াও উত্তৰ গাজাত ১২খন হাস্পতালত যুদ্ধত আহতক চিকিৎসা কৰি থকা হৈছে৷ ইজৰাইলী সেনাবাহিনীয়ে সেইকেইখন হাস্পতাল খালী কৰিবলৈ নিদেৰ্শ জাৰি কৰিছে৷ অন্যথা ইজৰাইলী বাহিনীয়ে বেৰি থোৱা এই ১২খন হাস্পতালত পূৰ্ণ পৰ্যায়ত আক্ৰমণ আৰম্ভ কৰিব৷ ইপিনে যুদ্ধ শেষ হ’লেও ইজৰাইলৰ সেনাবাহিনীয়ে গাজা অনিৰ্দিষ্ট কালৰ বাবে নিজৰ দখলত ৰাখিব বুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ঘোষণা কৰিছে৷