Logo
image

কি কি ফল-পাচলিত কমলাতকৈ বেছি ভিটামিন ‘চি’ আছে, জানি লওঁক

আমাৰ অসম বিশেষঃ কৰ’নাৰ আতংকৰ পাছত মানুহ এতিয়া পূৰ্বতকৈ অধিক বেছি স্বাস্থ্যৰ প্ৰতি সচেতন হৈছে৷ ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ যিদৰে মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিছে ঠিক তেনেকৈ শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন ‘চি’ৰ ওপৰত ভৰসা ৰাখিবলৈও পৰামৰ্শ আগবঢ়াইছে৷ ইমিউনিটি সঠিক কৰি ৰাখিবলৈ মানুহ আজিকালি অধিক সচেতন৷ সেয়েহে ফল, শাক-পাচলি খোৱাৰ প্ৰতি গুৰুত্ব দিছে বহু মানুহে৷ ভিটামিন ‘চি’ সমৃদ্ধ ফল মানেই কমলা টেঙা, নেমু বা আন কিছুমান তেনেকুৱা খাদ্য সামগ্ৰী আছে৷ এইবাৰ কৰ’নাৰ বাবে মানুহে কমলা আৰু নেমুক বেছিকৈ খাদ্যৰ লগত ব্যৱহাৰ কৰিছে৷ এতিয়া শীত যাওঁ যাওঁ অৱস্থা৷ এনে অৱস্থাত কমলাৰ উৎপাদনো কমি যাব৷ এই মুহূৰ্তত আৰু কি কি ফল বা পাচলি ভিটামিন ‘চি’ সমৃদ্ধ তাক জানি লওক৷ এই পাচলিবোৰতো কমলাতকৈ বেছি পৰিমাণৰ ভিটামিন ‘চি’ আছে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ বিশেষজ্ঞসকলে কি কয়–

অমিতাঃ এবাতি পকা অমিতাত উপলব্ধ ৮৮.৩ এম জি পৰিমাণৰ ‘চি’ ভিটামিন৷ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হজম শক্তি বঢ়োৱাত সহায় কৰে আৰু হাড়ৰ ক্ষয় ৰোধ কৰে৷

ষ্ট্ৰ’বেৰিঃ এবাতি ষ্ট্ৰ’বেৰিত পোৱা যায় ৮৭.৪ মিলিগ্ৰাম ভিটামিন ‘চি’৷ ইয়ে শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰে আৰু হাৰ্ট সুস্থ কৰি ৰখাত সহায় কৰে৷ ষ্ট্ৰ’বেৰিয়ে ছালৰ নানা সমস্যাও দূৰ কৰে৷

ফুলকবিঃ এটা সৰু ফুলকবিৰ টুকুৰাত পোৱা যায় ১২৭.৭ মিলিগ্ৰাম ভিটামিন ‘চি’, ৫ গ্ৰাম ফাইবাৰ আৰু ৫ গ্ৰাম প্ৰ’টিন৷ ৰান্ধি বা অন্য ধৰণে সিজাই খালে ইয়াৰ উপকাৰিতা পোৱা যায়৷

আনাৰসঃ আনাৰসত আছে ডাইজেষ্টিভ এনজাইম ব্ৰমেলাইন৷ যিয়ে হজম শক্তি বৃদ্ধিত ভীষণভাৱে সহায় কৰে৷ এটুকুৰা আনাৰসত থাকে ৭৮.৯ মিলিগ্ৰাম ভিটামিন ‘চি’৷

ব্ৰকলিঃ ব্ৰকলিত থাকে ১৩২ মিলিগ্ৰাম ভিটামিন ‘চি’ আৰু ফাইবাৰ৷ ব্ৰকলিয়ে কেৱল ইমিউনিটি বৃদ্ধি নকৰে, ইয়াৰ মাজত আছে এণ্টিকেন্সাৰ গুণো৷

আমঃ যিকোনো ধৰণৰ আমতে থাকে প্ৰচুৰ পৰিমাণৰ ভিটামিন ‘এ’৷ ইয়াৰ উপৰি ইয়াত পোৱা যায় ১২২.৩ মিলিগ্ৰাম ভিটামিন ‘চি’৷ যিয়ে গৰমৰ দিনত শৰীৰ সুস্থ ৰখাত অধিক সহায় কৰে৷

ৰঙা কেপচিকামঃ খোৱাৰ বাবে বহুতেই ৰঙা কেপচিকামৰ খেতি কৰে৷ ইয়াক বেছি উপকাৰী বুলি জনাইছে বিশেষজ্ঞসকলে৷ কাৰণ ইয়াৰ মাজত থাকে কম পৰিমাণৰ কেল’ৰি৷ ১০০গ্ৰাম ৰঙা কেপচিকামত থাকে ১২৭.৭ মিলিগ্ৰাম ভিটামিন ‘চি’৷

বন্ধাকবিঃ সৰু বন্ধা কবিত থাকে প্ৰচুৰ পৰিমাণৰ এণ্টিকেন্সাৰ গুণ৷ ইয়াৰ উপৰি বন্ধাকবিত থাকে প্ৰচুৰ পৰিমাণৰ ফাইবাৰ৷ এটুকুৰা সৰু বন্ধাকবিত উপলব্ধ ৭৪.৮ মিলিগ্ৰাম ভিটামিন ‘চি’৷