Logo
image

শ্ৰীলংকা ক্ৰিকেটক নিলম্বিত কৰিলে আইচিচিয়ে

কলম্বো, ১১ নৱেম্বৰঃ বিশ্বকাপত অভিযান সামৰি শুকুৰবাৰে স্বদেশত উপস্থিত হৈছিল শ্ৰীলংকা ক্ৰিকেট দলটো৷ সেইদিনাই বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে [আই চি চি] নিলম্বিত কৰিলে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক৷ ক্ৰিকেট ব’ৰ্ডৰ কাম-কাজত চৰকাৰৰ হস্তক্ষেপৰ বাবেই এই কঠোৰ ব্যৱস্থা লোৱা বুলি জনোৱা হৈছে৷ ফলত নিৰ্বাসন উঠাই নোলোৱা পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ কোনো টুৰ্নামেণ্টত দেখা নাযাব শ্ৰীলংকাক৷ তাৎপৰ্যপূৰ্ণ যে অহা বছৰত শ্ৰীলংকাত অনূধবৰ্ ১৯ বছৰৰ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা৷ দেশখনৰ ক্ৰিকেট ব’ৰ্ডক নিলম্বিত কৰাৰ পাছত টুৰ্নামেণ্টখন শ্ৰীলংকাত অনুষ্ঠিত হোৱাটোও অনিশ্চিত হৈ পৰিল৷ আই চি চিৰ এটা বিবৃতিত কোৱা হৈছে যে শুকুৰবাৰে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৰ ব’ৰ্ডৰ সভা অনুষ্ঠিত হৈছিল৷ সেই সভাতেই  সদস্য দেশ হিচাপে শ্ৰীলংকা ক্ৰিকেটে গুৰুতৰ নিয়ম ভংগ কৰাৰ বাবে দেশখনৰ ক্ৰিকেট ব’ৰ্ডক নিলম্বিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ বিবৃতিটোত লগতে কোৱা হয় যে আই চি চিৰ সদস্য হোৱা বাবে শ্ৰীলংকা ক্ৰিকেটে স্বতন্ত্ৰ সংস্থা হিচাপে কাম কৰিব লাগে৷ ক্ৰিকেট ব’ৰ্ডৰ কাম-কাজত কোনোক্ষেত্ৰতে চৰকাৰী হস্তক্ষেপ সহ্য কৰা নহ’ব৷ আই চি চিৰ সেই নিয়ম শ্ৰীলংকা ক্ৰিকেটে মানি চলা নাই৷ ২১ নৱেম্বৰত পুনৰ আই চি চিৰ বৈঠক অনুষ্ঠিত হ’ব আৰু সেই সভাত বিষয়টো পু্‌নৰ আলোচনা কৰা হ’ব৷ উল্লেখ্য, বিশ্বকাপত ভাৰতৰ হাতত ৩০২ ৰানত পৰাস্ত হোৱাৰ পাছত শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক বৰ্খাস্ত কৰিছিল দেশখনৰ চৰকাৰে৷ ব’ৰ্ডৰ অন্তৱৰ্তীকালীন সদস্যৰ নামো ঘোষণা কৰা হৈছিল৷ কিন্তু সেই ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে পূৰ্বৰ ক্ৰিকেট ব’ৰ্ডক পুনৰ দায়িত্ব দিছিল শ্ৰীলংকাৰ আদালতে৷ উল্লেখ্য, শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰী ৰোছন ৰণসিংহই শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডখন বৰ্খাস্ত কৰাৰ পাছত সেই ব’ৰ্ডখনৰ মুৰব্বী ছামি ছিলভাই আদালতত অবেদন জনাইছিল৷ অভিযোগ আছিল নীতিবিৰুদ্ধে কাম কৰিছে ক্ৰীড়ামন্ত্ৰীজনে৷ সেই আবেদনৰ শুনানিও আৰম্ভ কৰা হৈছে৷ শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত পুৰণা কমিটীখনতে দুসপ্তাহ দায়িত্বত থকাৰ নিৰ্দেশ দিছিল আদালতে৷ কিন্তু আই চি চিয়ে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক নিলম্বিত কৰাৰ পাছত দেশখনৰ ক্ৰিকেটৰ গতিবিধিয়ে অনিশ্চিত হৈ পৰিল৷