Logo
image

বলয়হীন হৈ পৰিব শনি গ্ৰহ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ নৱেম্বৰঃ ১৬১০ চনত বিশ্বৰ প্ৰথমজন মানৱ হিচাপে গেলিলিও গেলিলিয়ে শনি গ্ৰহৰ চমৎকাৰ আঙুঠি প্ৰত্যক্ষ কৰিছিল৷ কিন্তু তেওঁ আকাশলৈ পোনোৱা টেলিস্কোপটোৰ শক্তি ইমানেই কম আছিল যে গেলিলিওৱে শনি গ্ৰহৰ সেই বলয়ক গ্ৰহটোৰ কাণৰ দৰেহে দেখিছিল আৰু তেওঁ সেইদৰেই বৰ্ণনা কৰিছিল৷ টেলিস্কোপৰ ৰিজ’লিউচন কম হোৱাৰ বাবে গেলিলিও শনিৰ বলয়ৰ দৃষ্টিনন্দন ৰূপ উপভোগ কৰাৰ পৰা বঞ্চিত হৈছিল ঠিকেই, কিন্তু ১৭ শতিকাৰ একেবাৰে আৰম্ভণিতে বিশ্বৰ প্ৰথমগৰাকী মানৱ হিচাপে তেওঁ সেই আঙুঠি কাণৰ দৰে হ’লেও প্ৰত্যক্ষ কৰিছিল আৰু বিজ্ঞানী হিচাপে নিশ্চিত কৰিছিল শনিৰ চাৰিওদিশে থকা এবিধ বলয়াকৃতিৰ আৱৰণ৷ কিন্তু আজি বিশ্বৰ যিকোনো এজন জ্যোতিৰ্বিদক সোধক–পৃথিৱীক বাদ দি আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ সুন্দৰ আৰু কিয়, তেতিয়া প্ৰত্যেকৰে উত্তৰ একেটাই হ’ব–শনি আৰু ইয়াক বেৰি থকা আঙুঠি বা বলয়ৰ বাবে৷ কিয়নো গেলিলিওৰ সেই কষ্টসাধ্য প্ৰচেষ্টাৰ পাছত যেতিয়াই পৃথিৱীৰ পৰা পৰিষ্কাৰভাৱে শনি গ্ৰহ প্ৰত্যক্ষ কৰিব পৰা হৈছে, তেতিয়াৰ পৰাই শনিৰ ৰূপত মোহিত হৈছে জ্যোতিৰ্বিজ্ঞানী৷ কাৰণ এটাই–শনি গ্ৰহৰ চাৰিওদিশে বেৰি থকা বলয়ক লৈ সৌৰজগতৰ ষষ্ঠতম গ্ৰহটোৰ সৌন্দৰ্য৷ জ্যোতিৰ্বিদে সেয়ে সদায় এই বলয়ক বৰ্ণনা কৰে মেগনিফিচেণ্ট ৰিং, অৰ্থাৎ চমৎকাৰ বলয় বুলি৷ কিন্তু আ(ৰ্যকৰ বিষয় এয়াই যে আৰু ১৮ মাহৰ পাছত শনিৰ এই দৃষ্টিনন্দন বলয় পৃথিৱীবাসীৰ বাবে অদৃশ্য হৈ পৰিব৷ বলয়হীন হৈ পৰিব শনি গ্ৰহ৷

অবিশ্বাস্য যেন লাগিলেও সত্য, ২০২৫ চনৰ মাৰ্চৰ পৰা শনি গ্ৰহ বলয়হীন হৈ পৰিব৷ অৱশ্যে শনি গ্ৰহক ৪০০ নিযুত বছৰৰ পূৰ্বে শুৱনি কৰা এই বলয় বাস্তব অৰ্থত নোহোৱা হৈ নাযায়৷ কেৱল সেই সুদৃশ্য বলয় পৃথিৱীৰ পৰাহে নেদেখা হ’ব৷ ইয়াৰ কাৰণ হৈছে পৃথিৱী আৰু শনিৰ এদাল সৰলৰেখাত অৱস্থান৷ ২০২৫ চনৰ মাৰ্চৰ পৰা শনি গ্ৰহ আৰু পৃথিৱীৰ কৌণিক অৱস্থান এনে হৈ পৰিব, য’ৰ পৰা পৃথিৱীবাসীয়ে এই বলয় নেদেখা হৈ পৰিব৷ এই অৱস্থাটোৰ সহজ উদাহৰণ হ’ল– এখন কাগজ বহু দূৰৰ পৰা তাৰ ধাৰ অংশলৈ চোৱাৰ দৰে৷ অৰ্থাৎ এখন কাগজ যদি দূৰৈৰ পৰা আমাৰ চকুৰ পিনে তাৰ কাষটো পোনাই দিয়া হয়, তেতিয়া ই আমাৰ বাবে অদৃশ্য যেন হৈ পৰে৷ ২০২৫ চনৰ মাৰ্চৰ পৰা শনিৰ বলয় আৰু আমাৰ পৃথিৱীৰ অৱস্থানো তেনে হৈ পৰিব৷ আমাৰ পৃথিৱীখনো নিজৰ অক্ষত এটা দিশে ২৩.৫ ডিগ্ৰী হেলনীয়া হৈ থাকে৷ আনহাতে শনি গ্ৰহ বেঁকা হৈ থাকে ২৬.৭ ডিগ্ৰী৷ ইয়াৰ লগে লগে শনিৰ বলয়ো হেলনীয়া হৈ থাকে৷ ২০২৫ চনৰ মাৰ্চৰ পৰা শনি আৰু ইয়াৰ বলয় হেলনীয়া হৈ এনে অৱস্থিতি ল’ব, যি সময়ত আমি শনিৰ বলয়ক এটা কাষৰ পৰাহে দেখিবলৈ পাম৷ যিহেতু এই বলয় অতি পাতল, সেয়ে আমি তাৰ এটা কাষ অৰ্থাৎ ধাৰ অংশটো দেখা, ঠিক নেদেখাৰ সমতুল্য হ’ব৷ অৰ্থাৎ শনিৰ বলয় আমাৰ দৃষ্টিৰ পৰা অদৃশ্য হৈ যাব৷ শনিয়ে সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ পৃথিৱীৰ দিনৰ জোখেৰে ২৯.৫ বছৰ সময় লয় আৰু প্ৰতি ১৩-১৫ বছৰৰ পাছত শনি আৰু পৃথিৱীয়ে এদাল সৰলৰেখাত অৱস্থান কৰে৷ তেনে সময়ত আমি শনিৰ ক্ষীণ, প্ৰায় পোহৰহীন বলয় পৃথিৱীৰ পৰা দেখা নাপাও৷ পুনৰ ২০৩২ চনত আমি শনিৰ এই বলয় পৃথিৱীৰ পৰা দেখিবলৈ পাম৷ লাহে লাহে শনি আৰু পৃথিৱী সৰলৰেখাৰ অৱস্থানৰ পৰা আঁতৰি গ’লেই জ্জ বছৰৰ অপেক্ষাৰ পাছত পুনৰ বলয়ৰ সৈতে শনি গ্ৰহক পৃথিৱীৰ পৰা পূৰ্বৰ দৰে দেখা পোৱা যাব৷

অৱশ্যে শনি গ্ৰহৰ এই গেছীয় বলয় ৩০০ নিযুত বছৰৰ পাছত একেবাৰে নোহোৱা হৈ পৰিব৷ কিয়নো অসংখ্য কণাৰে গঠিত এই বলয়ক শনি গ্ৰহটোৱে নিৰন্তৰ নিজৰ দিশে আকৰ্ষণ কৰি আছে৷ হাতৰ মুঠিৰ আকৃতিৰ পৰা কেইবামহলীয়া এটা ঘৰৰ আকৃতিৰ শনিৰ বলয় ঘাইকৈ বৰফৰ একো একোটা গেছীয় খণ্ড৷ প্ৰকৃততে বহু আঙুঠিৰ সমষ্টি এই বলয়, যাক ঘাইকৈ গ্ৰহটোৰ দিশৰ পৰা বাহিৰলৈ ডি, চি, বি, এ, এফ, জি, ই হিচাপে চিহ্নিত কৰা হয়৷ শনি গ্ৰহৰ আকৰ্ষণত এটা সময়ত এই বৰফাবৃত বলয় শনি গ্ৰহৰ বহু বুকুত বিলীন হৈ যাব৷ তেতিয়াৰ পৰা শনি গ্ৰহ চিৰদিনৰ বাবে বলয়হীন হৈ পৰিব৷