Logo
image

এই দীপাৱলীত ধোঁৱা-কোঁৱা দেখিছে চীনে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ নৱেম্বৰঃ বৈৰী ৰাষ্ট্ৰ চীনক এইবাৰৰ দীপাৱলীত অৰ্থনৈতিক আঘাত হানিলে ভাৰতে৷ এক কথাত দীপাৱলীত ভাৰতৰ বজাৰ দখলৰ সপোন দেখা ৰঙা চীনে এতিয়া যেন ধোঁৱা-কোঁৱাহে দেখিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ভকেল ফৰ লোকেল’ শ্লোগানক হাতে-কামে কৰি দেখুৱালে ভাৰতীয় ব্যৱসায়ীসকলে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও পোহৰৰ উৎসৰ দীপাৱলীত চুবুৰীয়া চীনে অতি কমেও ১ লাখ কোটি টকা আৰ্থিক লোকচানৰ সন্মুখীন হৈছে৷ প্ৰতিবছৰে দীপাৱলীত চীনৰ সামগ্ৰীয়ে ভাৰতৰ বজাৰ ভৰি থাকে যদিও এইবাৰ যেন ‘মেড-ইন-ইণ্ডিয়া’ সামগ্ৰীয়ে চীনক প্ৰত্যুত্তৰ দিয়ে ভাৰতে৷ কনফেডাৰেশ্বন অৱ অল ইণ্ডিয়া ট্ৰেডাছ চমুকৈ চি এ আই টিৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাটিয়া আৰু সচিব প্ৰধান প্ৰবীন খাণ্ডেলৱালে সদৰী কৰা মতে এইবাৰ দীপাৱলীত ভাৰতীয় ব্যৱসায়ীসকলে চীনা সামগ্ৰীক বৰ্জন কৰাত ৰঙা চীনৰ অতি কমেও ১ লাখ কোটি টকা আৰ্থিক লোকচান হৈছে৷ লক্ষণীয় বিষয়টো হৈছে প্ৰতিবছৰে দেৱালীত চীনৰ পৰা ৰং বিৰঙৰ এল ই ডি লাইটৰ পৰা আৰম্ভ কৰি বৈদুতিক চাকি, মম, ফটকা পৰ্যন্ত ভাতৰলৈ আমদানি হৈ অহাত ভাৰতে কোটি কোটি টকা ৰাজহ হেৰুৱালগীয়া হৈ আহিছে৷ বিশেষকৈ চীনৰ সামগ্ৰীসমূহ কম দামত উপলব্ধ হোৱাৰ বাবে গ্ৰাহকে প্ৰথম পচন্দ হিচাপে এনে সামগ্ৰীকে অগ্ৰাধিকাৰ দিয়ে৷ ফলত দেৱালীত দেশৰ প্ৰতিখন চহৰৰ বজাৰতে চীনা সামগ্ৰীয়ে ব্যাপক চাহিদা লাভ কৰে৷ একাংশ অসাধু ব্যৱসায়ীয়ে অধিক মুনাফাৰ স্বাৰ্থত কৰ ফাঁকি দি চীনৰ বিশেষকৈ ইলেক্ট্ৰনিকছ সামগ্ৰী ভাৰতৰ বজাৰত মেলি দি আহিছে৷ অৱশ্যে শেহতীয়াকৈ সমগ্ৰ দেশতে চীনা সামগ্ৰী বৰ্জনৰ এক জাগৰণৰ সৃষ্টি হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতি সবল কৰাৰ স্বাৰ্থত ‘ভকেল ফৰ লোকেল’ শ্লোগানেৰে থলুৱা ব্যৱসায়ীৰ উৎপাদন সামগ্ৰী ক্ৰয় কৰি উৎসাহিত কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে৷ দেশৰ ব্যৱসায়ীসকলৰ লগতে সাধাৰণ নাগৰিকসকলেও চীনা সামগ্ৰী বৰ্জনৰ ক্ষেত্ৰত সবল ভূমিকা গ্ৰহণ কৰাৰ বাবে এইবাৰৰ দেৱালীত চীনে ১ লাখ কোটি টকা লোকচানৰ সন্মুখীন হোৱা বুলি সদৰী কৰিছে চি এ আই টি ইণ্ডিয়াই৷ কনফেডাৰেশ্বন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ সচিব প্ৰধানে এটা টুইতত প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ ‘ভকেল ফৰ লোকেল’ আহ্বানলৈ দেশৰ ৯ কোটি ব্যৱসায়ীয়ে পূৰ্ণ সমৰ্থন জনোৱা বুলিও সদৰী কৰিছে৷ তথ্য অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত চীন আৰু ভাৰতৰ মাজত দ্বৈত বাণিজ্য প্ৰায় ১.৫ শতাংশ হ্ৰাস পাইছে৷ ২০২১-২২ বৰ্ষত দ্বৈত বাণিজ্য ১১৫.৪২ বিলিয়ন ডলাৰ আছিল যদিও ২০২২-২৩ বৰ্ষত ইয়াৰ  পৰিমাণ ১১৩.৮৩ বিলিয়ন ডলাৰলৈ হ্ৰাস পায়৷ অৱশ্যে চি এ আই টি ইণ্ডিয়া কতৃৰ্পক্ষই চীনৰ আৰ্থিক লোকচান হোৱা বুলি দাবী কৰিলেও দেশৰ দীপাৱলীৰ বজাৰত চীনৰ ইলেক্ট্ৰনিক সামগ্ৰী বিক্ৰী হোৱাও দেখা গৈছে৷ বিশেষকৈ এইবাৰ সমগ্ৰ দেশতে চীনত নিৰ্মিত পানী ঢালিলে এল ই ডি লাইট  জ্বলি উঠা এখন চাকিয়ে বিশেষ সমাদৰ লাভ কৰা দেখা গৈছে৷ আনকি ই-মাৰ্কেটিং এপ সমূহেও চীনৰ এই চাকিখন বিক্ৰী কৰা পৰিলক্ষিত হৈছে৷ গুৱাহাটীৰ বজাৰতো চীনা আলোক সজ্জাই ভৰি পৰিছে৷

অসমবাসীয়ে উদ্‌যাপন কৰিলে দীপাৱলী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ মূল্যবৃদ্ধিৰ জুইত দগ্ধ ৰাজ্যবাসী৷ তাৰ মাজতো ৰাজ্যবাসীয়ে দেওবাৰে উদ্‌যাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী বা দীপান্বিতা৷ অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে গ্ৰীণ দেৱালীৰ আহ্বান সত্ত্বেও মিঠাতেলৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে ৰাজ্যত প্ৰায়সংখ্যক লোকে চীনা সামগ্ৰীৰে দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হয়৷ গুৱাহাটী মহানগৰীত অতি সীমিতসংখ্যক আৰু গ্ৰামাঞ্চলৰ একাংশ লোকে মাটিৰ চাকি জ্বলাই দীপাৱলী উদ্‌যাপন কৰাৰ বিপৰীতে প্ৰায়সংখ্যক লোকে চীনৰ পৰা আমদানিকৃত বিজুলী চাকি, সুগন্ধিযুক্ত মম আদিৰে দীপাৱলী উদ্‌যাপন কৰা পৰিলক্ষিত হয়৷ ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে হিমাচল প্ৰদেশৰ লেপচা জিলাত সেনা-জোৱানসকলৰ সৈতে উদ্‌যাপন কৰে দীপাৱলী৷ তেওঁ সেনা-জোৱানসকলৰ সৈতে চীনা সীমান্তৰ আওহতীয়া গাঁওসমূহলৈও যায়৷ সেনা-জোৱানসকলৰ মাজত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয়– ‘ভাৰতীয় সেনাই দেশক সুৰক্ষা দিয়াৰ দৰে হিমালয় পৰ্বতমালাই শত্ৰুৰ আক্ৰমণৰ পৰা সুৰক্ষা দি আছে৷’ দেশৰ চহৰে-নগৰে, পাহাৰে-কণ্ডৰে সৰ্বস্তৰৰ লোকে পোহৰৰ উৎসৱ দীপাৱলী উদ্‌যাপন কৰাৰ সমান্তৰালভাৱে এইবেলি ইউয়ৰ্কতো উদ্‌যাপন কৰা হয় দীপাৱলী৷ দীপাৱলী উপলক্ষে নিউয়ৰ্ক চহৰত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷ উল্লেখ্য, নিউয়ৰ্কত দীপাৱলী উপলক্ষে এইবেলি প্ৰথমবাৰৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰখা হয়৷ জুন মাহত নিউয়ৰ্ক চহৰৰ মেয়ৰ এৰিক আডামছে দীপাৱলীৰ দিনটো ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছিল৷ সেই মৰ্মে দীপাবলীৰ দিনা নিউয়ৰ্কত বিদ্যালয়সমূহ বন্ধ ৰখা হয়৷