Logo
image

ভূপেন বৰাৰ আচৰণ বেলেগ গ্ৰহৰ প্ৰাণীৰ দৰেই আচহুৱা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ নৱেম্বৰঃ ভূপেন বৰাৰ আচৰণ বেলেগ গ্ৰহৰ প্ৰাণীৰ দৰে আচহুৱা৷ তেওঁ এজন ননচিৰিয়াছ পলিটিছিয়ান৷ এই ভাষ্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷ সোমবাৰে মন্ত্ৰী হাজৰিকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কঠোৰভাৱে সমালোচনা কৰি কয়–ভূপেন বৰা ননছিৰিয়াছ পলিটিচিয়ান, বেলেগ গ্ৰহৰ পৰা অহা ব্যক্তিৰ নিচিনা কথা কয়–ৰাজনীতি কৰা ব্যক্তি হিচাপে মই অনুভৱ কৰোঁ যে, জাগীৰোড সমষ্টিৰ পৰা যদি এজন ব্যক্তিও অন্য ৰাজনৈতিক দললৈ গুচি যায় আমি কষ্ট পাওঁ,চিন্তাত পৰোঁ৷ এগৰাকী ৰাজনৈতিক নেতাৰ এইটো চিৰাচৰিত সাধাৰণ কথা৷ ঠিক তেনেদৰেই দেবব্ৰত শইকীয়াই চিন্তা কৰিছে৷ কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বেলেগ গ্ৰহৰ পৰা অহা ব্যক্তিৰ নিচিনা কথা কয়৷ তেওঁ এনেকাৰণতে নিৰ্বাচনত পৰাজয় বৰণ কৰে৷ শেহতীয়াকৈ নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দলত্যাগক লৈ ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি এই মন্তব্য আগবঢ়ায় মন্ত্ৰী পীয়ূষ হাজৰীকাই৷ আজি জাগীৰোড সমষ্টিৰ বাঘজাপ গাঁও পঞ্চায়তৰ বাঘজাপ ৰামমন্দিৰ প্ৰাংগণত আয়োজিত পঞ্চায়ত পৰ্যায়ৰ ‘‘অসম সাংস্কৃতিক মহাসংগ্ৰাম’’ প্ৰতিযোগিতাৰ আৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰীজনে৷ তেওঁ লগতে কয় –আমি নিৰ্বাচনত পৰাজয় হোৱা নাই কাৰণ এনেবোৰ কথাত আমি যথেষ্ট ছিৰিয়াছ হওঁ৷ এজন যদি ব্যক্তি দলৰ পৰা গুচি যায়, দলৰ ক’ৰবাত কিছু বিসংগতি হৈছে৷ গতিকে এজনো ব্যক্তি যাতে দলৰ পৰা গুচি নাযায় তাৰ প্ৰতি আমি যথেষ্ট সংবেদশীল হওঁ৷  মানুহ দলত থাকক বা নাথাকক ভূপেন বৰাৰ কোনো মতলব নাই৷ তেওঁ কথা মাত্ৰ এটাই যে আসনখনত কিবাকৈ থাকিব লাগে৷ ভূপেন বৰা ননছিৰিয়াছ পলিটিচিয়ান৷ গতিকে তেওঁ এনেকথা ক’ব পাৰে৷  ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি ইউডিএফ বিধায়ক কৰিমউদ্দিন বৰভূঞাই কয়– কংগ্ৰেছ হৈছে ফুটা বেলুন৷ শীঘ্ৰেই বিজেপিত যোগ দিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পাঁচৰ পৰা ছয়জন বিধায়কে যোগদান কৰিব ইউডিএফত৷ নগাঁৱত প্ৰাৰ্থী দিব ইউডিএফ নগাঁও লোকসভা সমষ্টিত ইউডিএফ জয়ী হোৱাটো নিশ্চিত৷ ইয়াৰ বিপৰীতে বিজেপি বিধায়ক দিগন্ত কলিতাই কয়– কংগ্ৰেছৰ আভ্যন্তৰীন বিষয়ত ভূপেন বৰাৰ মন্তব্য বেলেগ আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ মন্তব্য বেলেগ৷ এই মন্তব্যই তেওঁলোকৰ তৃণমূল কৰ্মীৰ মাজত বিভ্ৰান্তিকৰ সৃষ্টি কৰিব৷ ২০২৪চনত কংগ্ৰেছৰ মহাপ্ৰলয় হ’ব৷ ত্ৰিপল ডিজিটৰ তলত থাকিব কংগ্ৰেছ৷ দলটোৱে মহাপ্ৰলয়ৰ আগজাননী ইতিমধ্যে দিছে৷ তেওঁ আৰু কয়– বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰৰ কথা বিৰোধীয়ে ক’লে শোভা নাপায়৷ যিটো দলৰ সৈতে এটা সময়ত ভাই ভাই এতিয়া তেনেকৈ ক’লে কি হ’ব? বিজেপি চৰকাৰ নোহোৱাহেতেন ইতিমধ্যে অসমত আজমলেই উপমুখ্যমন্ত্ৰী হ’লেহেতেন৷ 

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীক্ষ্ণ সমালোচনা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ৷ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদ এৰি সুৰেশ বৰাই বিজেপি দলত যোগদান কৰাৰ পিছতে গৰম হৈ পৰিছে নগাঁৱৰ ৰাজনীতি৷  আজি নগাঁৱৰ নিজ বাসভৱনত এক সংবাদমেলৰ আয়োজন কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰি কয়–কংগ্ৰেছত থাকোঁতে নম্ৰ-ভদ্ৰ আছিল জয়ন্ত মল্ল৷ ৰাহুল গান্ধীৰ গাত গা-ঘেলাই আম আদমীৰ চিপাহী হোৱা জয়ন্ত মল্ল বৰুৱাই পিছত টিকট পাই বিধায়কো হৈছিল৷ কিন্তু বিজেপিলৈ গৈ শিষ্টাচাৰ পাহৰি মোৰ দৰে জ্যেষ্ঠ বিধায়ককো অপমান কৰিলে৷ উইচিৰিঙাই মৃত্যুৰ সময়ত বেছি পোহৰ দেখে৷ জয়ন্ত মল্লৰো ৰাজনৈতিক কেৰিয়াৰ শেষ হোৱাৰ সময় আহি পৰিছে, সেয়েহে কোটি কোটি টকাৰ ঠিকা দিয়াৰ কথা কৈছে৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ পিছত ইডি লগাই তদন্ত কৰক৷ ইপিনে নিজা বাসভৱনত বঢ়মপুৰ কংগ্ৰেছৰ এক সভাৰ আয়োজন কৰি ৰকিবুল হুছেইনে কয়, –‘মোৰ অনুভৱ হৈছে আমি পাপ কৰিছিলো৷ অচিন কাঠৰ থোৰা লগাইছিলো৷ বঢ়মপুৰত সুৰেশ বৰাৰ নিজা ভোট নাই, চামগুৰিতো মোৰ নিজা ভোট নাই৷ এইবোৰ কংগ্ৰেছৰ ভোটহে৷ ‘উল্লেখ্য যে এই সভাতে বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতিৰূপে ৰঞ্জিত বৰাক নিযুক্তি দিয়া হয়৷