Logo
image

ভাৰতৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু নিউজীলেণ্ড

নতুন দিল্লী, ১৪ নৱেম্বৰঃ বিশ্বকাপৰ ছেমিফাইনেলত বুধবাৰে মুম্বাইত ভাৰতৰ সন্মুখীন হ’ব নিউজীলেণ্ড৷ ক্ৰমাগত ৯খন মেচত জয়েৰে চলিত বিশ্বকাপত দমনীয় প্ৰদৰ্শন দাঙি ধৰিছে ৰোহিত শৰ্মাৰ দলে৷ মুঠ ১৮ পইণ্ট লাভ কৰি শীৰ্ষ স্থানৰ দল হিচাপে ভাৰতে লীগ পৰ্যায়ত অভিযান সামৰিছে৷ আনহাতে, ৯ খন খেলৰ পাঁচখনত জয়েৰে ১০ পইণ্ট লাভ কৰি ছেমিত  স্থান লাভ কৰে নিউজীলেণ্ডে৷ বেটে-বলে শক্তিশালী প্ৰদৰ্শন আগবঢ়োৱা ঘৰুৱা দলটোৰ সন্মুখীন হ’বলৈ সাজু হোৱাৰ সময়ত কিন্তু চিন্তিত হোৱা নাই যোৱবাৰৰ বিশ্বকাপৰ ৰানাৰ্ছ-আপ দলটো৷ জ্যেষ্ঠ ক্ৰিকেটাৰৰ অভিজ্ঞতাক সাৰথি কৰিয়েই ছেমিফাইনেলত ভাৰতৰ সন্মুখীন হ’ব নিউজীলেণ্ড৷ লগতে আই চি চি ইভেণ্টৰ নকআউট পযাৰ্য়ত ভাৰতৰ বিৰুদ্ধে দলটোৰ প্ৰদৰ্শন উৎসাহজনক৷ সেই দিশৰ পৰা ভাৰতৰ বিৰুদ্ধে ছেমিফাইনেলখনত আত্মবিশ্বাসেৰেই নামিব কেন উইলিয়ামছনৰ দল৷ ২০১৯ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতক পৰাস্ত কৰিছিল নিউজীলেণ্ডে৷ ২০২১ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজীলেণ্ডে ভাৰতক পৰাস্ত কৰিছিল৷ ছেমিফাইনেলখনলৈ সাজু হোৱাৰ সময়ত নিউজীলেণ্ড ক্ৰিকেটে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত  অ’পেনিং বেটাৰ ডেভন ক’নৱেই কয়–‘ভাৰত কিমান এটা ভাল দল সেই বিষয়ে আমি সকলোৱেই অবগত৷ চলিত প্ৰতিযোগিতাত তেওঁলোকে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে৷ কিন্তু আমি তেওঁলোকৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে অপেক্ষা কৰিছো৷ আয়োজক দলৰ বিৰুদ্ধে ছেমিত অৱতীৰ্ণ হোৱাটো ৰোমাঞ্চকৰ হ’ব৷ আমি জ্ঞাত যে ভাৰতে আমাৰ সন্মুখত ভাবুকিৰ সৃষ্টি কৰিব৷ কিন্তু সেই প্ৰত্যাহ্বানৰ বাবে আমি সাজু আছো৷’ ক’নৱেই আৰু কয়–‘আমি ভাগ্যৱান যে আমাৰ শিবিৰত বহুকেইজন অভিজ্ঞ খেলুৱৈ আছে৷ তেওঁলোকৰ পূৰ্বে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা আছে৷ আমি সেই অভিজ্ঞ খেলুৱৈসকলৰ সহায় ল’ব পাৰো৷’ লীগ পৰ্যায়ত চতুৰ্থ স্থান লাভ কৰি ছেমিফাইনেলত উপনীত হ’লেও ফাইনেলত উপনীত হ’ব পাৰিব বুলি বিশ্বাস কৰে নিউজীলেণ্ডে৷ ক’নৱেই কয়–‘বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাটো আমাৰ এক লক্ষ্য৷ সেই লক্ষ্যৰ বাটত আমি এখোজ কাষ চাপিলো৷ আমি কৰা ভাল প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব লাগিব৷’ উল্লেখ্য, চলিত  বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে অংশ¸ লোৱা নিউজীলেণ্ডৰ প্ৰথম মেচখনত অপৰাজিত ১৫২ ৰানৰ ইনিংছ খেলিছিল ক’নৱেই৷