Logo
image

'এইমছ'ৰ উদ্যোগত উত্তৰ গুৱাহাটীত বিশ্ব ডায়েবেটিছ দিৱস উদযাপন

ডিজিটেল ডেস্কঃ আজি সমগ্ৰ বিশ্বৰ লগতে উত্তৰ গুৱাহাটীটো বিশ্ব ডায়েবেটিছ দিৱস উদযাপন কৰা হয়। সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীৰ (চমুকৈ এইমছৰ) উদ্যোগত আৰু উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত ডায়েবেটিছ ৰোগ প্ৰতিৰোধ আৰু প্ৰতিকাৰ সম্পৰ্কীয় এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়  আৰু বিনামূলীয়াকৈ ডায়েবেটিছ ৰোগী সকলক চিকিৎসা প্ৰদান কৰা হয়। এইমছ গুৱাহাটীৰ চিকিৎসক ডাঃ পূৰৱী ফুকনে কয়  ডায়েবেটিছ ৰোগ সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসম তথা ভাৰততো ভয়ানক ভাৱে জনজীৱনলৈ  বৃদ্ধি হৈছে। সমান্তৰালভাৱে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ভয়াবহ ভাবে বৃদ্ধি হৈছে। এই ভয়াবহ ৰূপ লোৱা এই ৰোগৰ প্ৰতিৰোধ  আৰু ইয়াৰ প্ৰতিকাৰৰ বিভিন্ন উপায় সমূহৰ বিষয়ে বহলাই ব্যাখ্যা কৰে। ডাঃ ফুকনে নিয়মীয়া খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। ডাঃ পূৰৱী ফুকনে ডাইবেটিছ ৰোগী সকলক চিন্তা মুক্ত হৈ থাকিবলৈ অনুৰোধ জনায়। কিয়নো মানুহৰ মন মগজুত পৰা অত্যাধিক হেঁচাই এই ৰোগ প্ৰতিৰোধ কৰাত বাধাৰ সৃষ্টি কৰে। তেওঁ  আৰামদায়ক জীৱন আৰু সহজলভ্য খাদ্যাভ্যাসৰ বাবেও এই ৰোগ বৃদ্ধিৰ মূল কাৰণ বুলিও লগতে কয়।সভাত এইমছৰ যোগ থেৰাপিষ্ট অংকিতা বৰঠাকুৰে  যোগভ্যাষে ডাইবেটিছ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে বুলি কয়। এই ক্ষেত্ৰত তেওঁ ডাইবেটিছ ৰোগ প্ৰতিৰোধ আৰু প্ৰতিকাৰ কৰাৰ কেইবাটাও যোগ কৌশল শিকাই দিয়ে। ইয়াৰ পাছতে এইমছৰ চিকিৎসক সকলে উত্তৰ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় ১০০ গৰাকী ডাইবেটিছ ৰোগীৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ডাইবেটিছ ৰোগ পৰীক্ষা কৰে। ৰোগী সকলক চিকিৎসা প্ৰদান কৰে এইমছৰ মেডিচিন বিভাগৰ মূৰব্বী চিকিৎসক ডাঃ ভূপেন বৰ্মণ, এইমছৰ আবাসিক চিকিৎসক ডাঃ শুভ্ৰজিৎ চক্ৰৱৰ্তী,এইমছৰ সহকাৰী অধ্যাপক ডাঃ লিমালেমলা জানুই,এইমছৰ জ্যেষ্ঠ আবাসিক চিকিৎসক ডাঃ শুভা কৃষ্ণাৰ লগতে কেইবাজনো চিকিৎসকে। অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া ডাঃ মুনীন্দ্ৰ নাথ চমুৱা উপস্থিত থাকে।