Logo
image

শ্বিলং, শিলচৰ, শিৱসাগৰত নিৰ্মল বতাহ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ নৱেম্বৰঃ প্ৰদূষণক লৈ চিন্তিত বিশ্বৰ পৰিৱেশ বিজ্ঞানীসকল৷ অসমৰ কেইবাখনো চহৰত প্ৰদূষণৰ প্ৰভাৱ স্পষ্ট৷ তাৰ মাজতো ৰাজ্যবাসীৰ বাবে ভাল খবৰ যে দেশৰ প্ৰদূষণমুক্ত চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰো দুখন চহৰ৷ অসমৰ শিলচৰ আৰু শিৱসাগৰ অন্তৰ্ভুক্ত হৈছে দেশৰ প্ৰদূষণমুক্ত চহৰৰ তালিকাত৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত তালিকাত শিলচৰ ৪১সংখ্যক স্থানত আৰু শিৱসাগৰ ৬২সংখ্যক স্থানত আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্বৰূপ শ্বিলং উক্ত তালিকাত ৭৪সংখ্যক স্থানত আছে৷ তালিকাত অৰুণাচল প্ৰদেশৰ নাহৰলগুণ নগৰ ৫২সংখ্যক স্থানত, নাগালেণ্ডৰ কোহিমা ৫১ সংখ্যক স্থানত আছে৷ উল্লেখ্য, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বছৰি প্ৰকাশ কৰে প্ৰদূষণমুক্ত আৰু প্ৰদূষিত চহৰৰ তালিকা৷ প্ৰদূষণ বিশ্ববাসীৰ বাবে ভয়ংকৰ সমস্যাৰূপে পৰিগণিত হোৱাৰ সময়ত অসমৰ দুই চহৰ শিলচৰ আৰু শিৱসাগৰত নিৰ্মল বতাহ বলা বুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰাটো নিশ্চিতভাৱে ৰাজ্যবাসীৰ বাবে ভাল খবৰ৷