চকুৰ পতা কঁপিছে! কোনো বিপদৰ আগজাননী নহয়তো...
আমাৰ অসম বিশেষঃ বাওঁ চকুৰ পতা কঁপা মানেই হয়তো কোনো ভয়ংকৰ বিপদৰ আগজাননী– এই চিন্তাতে আৰম্ভ হয় বহুতোৰে অস্থিৰতা৷ একেদৰে সোঁ-চকুৰ অংশ কঁপিলে বহুতেই স্বস্তিৰ নিশ্বাস এৰে৷ হয়তো কোনো সু-সংবাদৰ আগজাননী৷ আচলতে ইয়াৰ সত্যতা কিমান? চকুৰ পতা যেতিয়া কঁপি থাকে সি সোঁ বা বাওৱেই হওক ইয়ে কি ইংগিত বহন কৰে? চিকিৎসা বিজ্ঞানে কিন্তু এই কথা মানি নলয়৷ চিকিৎসা বিজ্ঞানৰ মতে মূলতঃ পেশীৰ সংকোচনৰ বাবেই চকুৰ পতা এনেকৈ কঁপি থাকে৷ মানসিক চাপে আমাৰ শৰীৰত নানা ধৰণে প্ৰভাৱ বিস্তাৰ কৰে৷ সমান্তৰালকৈ ইয়াৰ বিভিন্ন পাশ্বৰ্ক্ৰিয়াও দেখা যায়৷¸ এই পাশ্বৰ্ক্ৰিয়াৰ সংকেতেই হ’ল চকুৰ পতা লৰচৰ কৰা৷ তেনেহ’লে আমি ভাবিব পাৰো নেকি যে মানসিক চাপৰ বাবেই চকুৰ পতা কঁপি থাকে! যিসকলৰ এলাৰ্জিজনিত সমস্যা আছে তেওঁলোকৰো বহু সময়ত চকুৰ পতা কঁপি উঠে৷ এলাৰ্জিজনিত সমস্যাৰ কাৰণে চকুপানীৰ সৈতে ‘হিষ্টামিন’ নিৰ্গত হয়৷ যাৰ কাৰণে চকুৰ পতা কঁপি থাকে৷
চিকিৎসাবিদসকলৰ মতে– যিসকলে মেগনেচিয়ামৰ অভাৱত ভুগিছে তেওঁলোকে এই সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ সেয়েহে শীঘ্ৰে চিকিৎসকৰ শৰণাপন্ন হোৱা উচিত৷ অপৰ্যাপ্ত টোপনিয়ে আমাৰ শৰীৰত নানা ব্যাঘাতৰ সৃষ্টি কৰে৷ একেদৰে অতিৰিক্ত পৰিশ্ৰমৰ বাবে আমি প্ৰচণ্ড ক্লান্তি অনুভৱ কৰো৷ এই দুয়োটা কাৰণতে আমাৰ চকুৰ পতা কঁপি থাকে৷ অতিৰিক্ত এলকহল আৰু কেফেইন ব্যৱহাৰ, দীৰ্ঘসময় ধৰি ম’বাইল ফোন ব্যৱহাৰ, টিভিৰ ষ্ক্ৰীণলৈ দীৰ্ঘসময় চাই থকা আদি অভ্যাস যিসকলৰ আছে তেওঁলোকৰ চকুৰ পতা কঁপি থাকে৷