Logo
image

বলীউড-নেতা-পালিনেতাৰ ভিৰ, পাহৰিলে কপিল দেৱক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ নৱেম্বৰঃ দুয়োটা দৃশ্যৰ মাজত অদ্ভূত সাদৃশ্য৷ এটা ২০১৯ চনৰ ৬ ছেপ্টেম্বৰৰ আৰু আনটো ২০২৩ চনৰ ১৯ নৱেম্বৰৰ৷ দুয়ো ঠাইতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ব্যৰ্থ নায়কক সান্তনা প্ৰদান কৰিছে৷ প্ৰথমটো দৃশ্য ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ মুখ্য কাৰ্যালয়, য’ত চন্দ্ৰযান-২১ লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত ঠেকেছা খাই ভাগি পৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ ক্ৰন্দনৰত মুৰব্বীক আঁকোৱালি ধৰি সান্তনা প্ৰদান কৰিছিল৷ দ্বিতীয়টো দৃশ্য ১৯ নৱেম্বৰৰ আহমেদাবাদৰ৷  বিশ্বকাপ অৰ্জনৰ তেনেই কাষ চাপিও ফাইনেলত পৰাস্ত হোৱা ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰতিযোগিতাৰ সৰ্বাধিক ৰাণ কৰা বিৰাট কোহলি তথা সৰ্বাধিক উইকেট লাভ কৰা মহম্মদ ছামিক ঠিক একেদৰে সান্তনা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে৷ তেতিয়া টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূমত ক্ৰন্দনৰত তিনি পৰাজিত নায়ক৷ কাকতালীয়ভাৱে ভাৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা দুয়োস্থানত সোঁশৰীৰে উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্যৰ্থতাৰ অন্তত পৰাজিত নায়কক একেদৰেই অভিভাৱকৰ দৰে সাbLনা প্ৰদান কৰিলে তেওঁ৷

বিশ্বকাপ প্ৰতিযোগিতা সমাপ্ত হোৱাৰ পাছতে এতিয়া বিভিন্ন বিষয়ক লৈ প্ৰতিযোগিতাখনৰ আয়োজক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড একাধিক অনাকাংক্ষিত ঘটনাৰ বাবে তীব্ৰ সমালোচনা সন্মুখীন হৈছে৷ প্ৰতিযোগিতাৰ আহমেদাবাদত অনুষ্ঠিত ফাইনেললৈ ভাৰতৰ প্ৰথমটো বিশ্বকাপ বিজয়ী দলটোৰ অধিনায়ক কপিল দেৱক নিমন্ত্ৰণ কৰা হোৱা নাছিল৷ ভাৰতীয় ক্ৰিকেটলৈ ১৯৮৩ চনত বিশ্বকাপ অৰ্জনৰ জৰিয়তে বিপ্লৱ অনা স্বয়ং কপিল দেৱেই প্ৰকাশ কৰিছে এই তথ্য৷ প্ৰতিযোগিতাত উপস্থিত নাছিল দেশৰ দ্বিতীয়টো বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনি৷ অথচ আহমেদাবাদৰ গুজৰাট ক্ৰিকেট এছ’চিয়েছনে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সহযোগত আয়োজন কৰা এই ফাইনেল মেচখনলৈ পূৰ্বৰ সকলো বিশ্বকাপ বিজয়ী দলৰ অধিনায়কক আমন্ত্ৰণ জনাই একোটাকৈ বিশ্ববিজয়ী ব্লেজাৰ প্ৰদানেৰে সন্মান জনাইছিল৷ বিশ্বৰ সকলো দেশৰ  বিশ্ব চেম্পিয়ন দলৰ অধিনায়কে সেই আমন্ত্ৰণ গ্ৰহণ কৰি ফাইনেলত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত থকাৰ সময়ত ভাৰতৰ দুজন বিশ্বকাপ বিজয়ী অধিনায়ক উপস্থিত নথকাত তীব্ৰ কৌতুহলৰ সৃষ্টি হয়৷ পিছে সোমবাৰে সেই কৌতুহলৰ নিৰসন ঘটাই স্বয়ং কপিল দেৱে জনালে যে তেওঁক বিশ্বকাপৰ ফাইনেললৈ কোনেও নিমন্ত্ৰণ জনোৱা নাছিল৷ এ বি পি নিউজৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কিয় আহমেদাবাদৰ বিশ্বকাপৰ ফাইনেলত উপস্থিত নাথাকিল সেই প্ৰশ্ন কৰাত কপিল দেৱে ক’লে– ‘মোক তালৈ আমন্ত্ৰণ জনোৱা নাছিল৷ তেওঁলোকে মোক কোনেও ফোনতো মতা নাছিল, সেয়ে মই নগ’লো৷ সেয়া সাধাৰণ কথা৷ মই বিচাৰিছিলো ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটো সকলো খেলুৱৈ আহমেদাবাদৰ ফাইনেলত উপস্থিত থাকক৷ কিন্তু মই ভাবো ইমান এখন ডাঙৰ প্ৰতিযোগিতা পাতিছে, য’ত সকলোৱেই ইমান ব্যস্ত, সকলোৰে ইমান দায়িত্ব আছে, হয়তো তেওঁলোকে মাতিবলৈ পাহৰিয়েই গ’ল৷’ ইপিনে মহেন্দ্ৰ সিং ধোনি কিয় উপস্থিত নাথাকিল সেই সন্দৰ্ভত এতিয়ালৈকে কোনো নিৰ্ভৰযোগ্য বাতৰি প্ৰকাশ পোৱা নাই৷ কিন্তু কেইদিনমান পূৰ্বে তেওঁক বিশ্বকাপৰ কোনো মেচত কিয় দেখা পোৱা নাই বুলি প্ৰশ্ন কৰাত তেওঁ ইনষ্টাগ্ৰামত লিখিছিল– ‘কনচিডাৰ মি ৰিটায়াৰ্ড’ (মোক অৱসৰপ্ৰাপ্ত বুলি ধৰি লোৱা)৷ অসমৰ্থিত বাতৰিত প্ৰকাশ, কপিল দেৱক আহমেদাবাদলৈ আয়োজকসকলে নিমন্ত্ৰণ নকৰাৰ প্ৰতিবাদতে এম এছ ধোনিও ফাইনেলত উপস্থিত নাথাকিল৷ আনহাতে একাংশ সংবাদ মাধ্যমে দাবী কৰিছে, কপিল দেৱে শেহতীয়াকৈ ৰেছলিং সন্থাৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজভূষণ ছাৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ৰেছলাৰ সকলক সমৰ্থন জনোৱাৰ বাবেই কপিল দেৱক এলাগী কৰা হ’ল৷ অৱশ্যে সেই বাতৰিৰ সত্যতা এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই৷

বিশ্বকাপৰ ফাইনেললৈ আয়োজকে বলীউডৰ বৃহৎ সংখ্যাত চেলেব্ৰিটীক নিমন্ত্ৰণ জনাইছিল৷ ফাইনেলত উপস্থিত আছিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, ৰনবীৰ সিং, অনুষ্কা শৰ্মাকে ধৰি এটা বৃহৎ দল৷ কেমেৰাৰ ভাৰ্জিন-ট্যুৰত বাৰে বাৰে বলীউডৰ চেলেব্ৰিটী ধৰা পৰিছিল৷ শ্বাহৰুখ খানৰ লগতে তেওঁৰ সন্মুখত বহি আছিল পুত্ৰ আৰিয়ান খান আৰু কন্যা সুহানা খান৷ উল্লেখ্য, শচীন-কন্যা ছাৰা তেণ্ডুলকাৰকো বহুতেই বলীউডৰ চেলেব্ৰিটী বুলিয়েই গণ্য কৰে৷ যদিও এতিয়ালৈ ছাৰা তেণ্ডুলকাৰে কোনো ছবিত অভিনয় কৰা নাই, তথাপি তেওঁৰ বন্ধু মহল বলীউডৰ তাৰকাৰ সন্তান৷ সেয়ে দেওবাৰে ছাৰাৰ লগতো উপস্থিত আছিল বলীউড পৰিয়ালৰ বহু ‘ষ্টাৰ কিড’৷

সমালোচনা উঠিছে, বিশ্বকাপৰ ফাইনেল মেচখন প্ৰায় চৰকাৰী অনুষ্ঠান অথবা বিজেপিৰ অনুষ্ঠান যেন হৈ পৰিছিল৷ যিখন ফাইনেললৈ আয়োজকে কপিল দেৱৰ দৰে দেশৰ জীৱন্ত কিম্বদন্তী ক্ৰিকেটাৰক নিমন্ত্ৰণ জনাবলৈ পাহৰি গ’ল, সেইখন ফাইনেললৈ সমগ্ৰ দেশৰ বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা হৈছিল৷ ফাইনেলত উপস্থিত আছিল নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ বৃহৎ এদল কেন্দ্ৰীয় মন্ত্ৰী৷ উপস্থিত আছিল বিজেপিৰ অলেখ নেতা৷ আনহাতে বিভিন্ন বিজেপি শাসিত ৰাজ্যৰ অনেক মন্ত্ৰী আৰু বহু নেতা-পালিনেতাও বিশ্বকাপৰ ফাইনেললৈ আমন্ত্ৰিত হৈছিল৷ পিছে সকলোৰে মাজত টীম ইণ্ডিয়াৰ জাৰ্ছিৰ সৈতে একে নীলা ৰঙৰ হাউছ কোট আৰু কান্ধত একে ৰঙৰ উত্তৰীয় লৈ জিলিকি আছিল প্ৰধানমন্ত্ৰী মোদী৷ সমালোচকে ক’ব খোজে, এই ফাইনেল মেচখনক লৈ বিজেপিয়ে এটা বৃহৎ ৰাজনৈতিক লাভালাভ অৰ্জনৰ পৰিকল্পনা কৰিছিল৷ পিছে ভাৰত হতাশাজনকভাৱে পৰাজিত হোৱাত সেই পৰিকল্পনা সফল নহ’ল৷ কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমত প্ৰৱেশ কৰি  ৰোহিত-কোহলিৰ সৈতে যিখন ফটো তুলিলে, আৰু মহম্মদ ছামিক সাৱটি ধৰা যিখন ফটো আজি দেশজুৰি মিডিয়াত প্ৰচাৰিত হ’ল, তাৰ জৰিয়তেই মোদীয়ে আজুৰি আনিলে দেশৰ বহু তৰুণ-তৰুণীৰ সমৰ্থন৷ কোৱা হৈছে এই সমৰ্থনে  বিজেপিক বিশেষকৈ ৰাজস্থানৰ নিৰ্বাচনত যথেষ্ট সহায় কৰিব৷ পৰাজয়ৰ ঘটনাৰ পৰাও যে ইতিবাচক ৰাজনৈতিক লাভালাভ সংগ্ৰহ কৰিব পাৰি সেয়া হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ আৰু আন কোনো ভাৰতীয় নেতাই বেছি নাজানে৷