Logo
image

১৪খন আসনেই পাব বিৰোধীয়ে

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ২১ নৱেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত ‘শ্বোলে’ চিনেমাৰ জয়-বীৰুৰ দৰে বন্ধুত্বৰ সম্পৰ্ক আছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে সামাজিক মাধ্যমযোগে মৌলানা বদৰুদ্দিন আজমলে তেওঁক কেতিয়াবাই মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে বুলি উল্লেখ কৰিছিল৷ তাৰ পৰাই দুয়োজনৰ মাজত যে দীৰ্ঘদিনৰ পৰা এক গোপন বন্ধুত্ব আছিল সেই কথা ফাদিল হৈ পৰিছিল৷ – আজি সোণাৰিত এই মন্তব্য কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ এক দলীয় কাৰ্যসূচী লৈ সোণাৰিত আজি বিয়লি উপস্থিত হৈ সাংবাদিকে সোধা প্ৰশ্নৰ  উত্তৰত কংগ্ৰেছৰ যুৱ সাংসদজনে আৰু কয় যে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মৌলানা বদৰুদ্দিন আজমল দুয়োজন নেতাই নিৰ্বাচনৰ সময়ত অসমত হিন্দু-মুছলমানৰ ৰাজনীতি কৰি ৰাইজৰ মাজত বিভাজনৰ ৰাজনীতি কৰি আহিছে৷ দুয়োজন নেতাই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে অসমৰ সাতামপুৰুষীয়া ঐক্য-সংহতিক বিনষ্ট কৰি আহিছে৷ এইখন হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ আৰু আজানপীৰৰ অসম৷ এইখন অসমত সকলো ৰাইজে শান্তিৰে বাস কৰি আছিল যদিও এই দুজন নেতাই নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে অতি পৰিকল্পিতভাৱে ৰাইজৰ মাজত বিভাজনৰ ৰাজনীতি কৰি আহিছে৷ আজমলে যদি হিন্দু মহিলাক অপমান কৰে, তেন্তে একে সময়তে হিমন্ত বিশ্ব শৰ্মাই বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ বুলি বিতৰ্কৰ সৃষ্টি কৰিছে৷ একেদৰে অসমীয়া সমাজৰ সন্মানীয় চেলেং কাপোৰ দলিয়াই আজমলে হিন্দু সমাজক অপমান কৰাৰ দৰে হিমন্ত বিশ্ব শৰ্মায়ো আজানপীৰৰ গুৰুত্বক অস্বীকাৰ কৰি আহিছে৷ বিজেপিত ইয়াৰ পূৰ্বে এনে নেতা নাছিল বুলি উল্লেখ কৰি সাংসদজনে আৰু কয় যে অসমত বিজেপি এতিয়া দল হৈ থকা নাই, বিজেপি দলটো অসমত এতিয়া ‘ছিণ্ডিকেট’ চলোৱা এটা কৰ্পৰেট হাউচ হৈ পৰিল৷ এই কৰ্পৰেট হাউচটো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ২০২৪১ পাছত অসমৰ পৰা বিজেপি আৰু এই ইউডি এফৰ দৰে দলবোৰ নিশেষঃ হ’ব বুলিও সাংসদজনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ আনহাতে,  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি কয় যে, অসমৰ অৰ্থনৈতিক অৱস্থা এতিয়া বৰ ভাল নহয়৷ চৰকাৰে লাখ কোটিৰ ঋণ ল’বলগা হৈছে, ইখনৰ পাছ সিখন চাহ বাগিচা বিক্ৰী কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অৱস্থা দিনক-দিনে ভাল হৈছে৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকে ৰাজ্যৰ ঠায়ে ঠায়ে মাটি কিনিছে, চাহ বাগিচা কিনিছে, ৰিজ’ৰ্ট কিনিছে৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাদে অসমৰ সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া৷ অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰে আটাইতকৈ মাটি বেছি আছে৷ যুৱ সাংসদজনে আৰু কয় যে, ভাৰতৰ বিভিন্ন ঠাইৰ মুখ্যমন্ত্ৰীক মই লগ পাইছোঁ, কোনো এজন মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ দৰে গড়কাপ্টানি বিভাগটো নিজৰ লগত নাৰাখে৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে ঠিকাদাৰৰ পৰা কেৱল কমিচন সংগ্ৰহ কৰিবৰ বাবেই গড়কাপ্টানি বিভাগটো নিজৰ লগত ৰাখিছে৷ উজনি অসমৰ ৰাস্তাসমূহ নিৰ্মাণত কোনো গুৰুত্ব প্ৰদান নকৰা মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত ফ্লাই অভাৰ নিৰ্মাণ কৰিয়ে সমগ্ৰ অসমৰ উন্নয়নসাধন কৰা বুলি ভবাটো মুৰ্খামী বুলি মন্তব্য কৰি গুৱাহাটীত অপ্ৰয়োজনীয়ভাৱে ফ্লাই অভাৰ নিৰ্মাণ কৰা আৰু অসমৰ বিভিন্ন ঠাইত চাহ বাগিচা আৰু ৰিজ’ৰ্ট ক্ৰয় কৰাৰ মাজত এটা এৰাব নোৱৰা সম্পৰ্ক আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ যোৰহাটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত সাংসদজনে  কয় যে, দলে যি সমষ্টিতে প্ৰাৰ্থিত্ব দিব সেই সমষ্টিতে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব৷ নিৰ্দিষ্ট এটা সমষ্টিতকৈ অসমৰ ১৪টা সমষ্টিতে যাতে কংগ্ৰেছ দলে জয়ী হ’ব পাৰে তাৰ প্ৰচেষ্টা চলোৱা বুলি সাংসদজনে উল্লেখ কৰি কয় যে, অসমৰ আটাইকেইটা সমষ্টিতে বিৰোধী দলৰ প্ৰাৰ্থীয়ে বিজয়ী হ’ব৷ ৰাজস্থানত দলীয় দায়িত্ব সামৰি অসমত উপস্থিত হোৱা সাংসদজনে আগন্তুক লোকসভা নিৰ্বাচন শেষ নোহোৱালৈকে আন ৰাজ্যৰ পৰিৱৰ্তে অসমতে কংগ্ৰেছ দলৰ হৈ কাম কৰাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত দলৰ হাইকমাণ্ডকো অৱগত কৰা বুলি জানিবলৈ দিয়ে৷ ৩ডিচেম্বৰত তিনি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে সমগ্ৰ দেশতে এটা বিৰাট ৰাজনৈতিক পৰিৱৰ্তন সংঘটিত হ’ব আৰু কংগ্ৰেছ সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰবিন্দু হ’ব বুলি মন্তব্য কৰি অসমতো কংগ্ৰেছ দলে অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে৷