Logo
image

প্ৰতাৰণাঃ স্বামীৰ সৈতে উঠা বিবাহৰ ফটো হাতত লৈ আছুৰ অধিৱেশনত স্বামীক বিচাৰি হাবাথুৰি কলকাতাৰ যুৱতীৰ

ডিজিটেল সংবাদ, মৰিগাঁওঃ হাতত স্বামীৰ ফটো লৈ মৰিগাঁৱত অনুষ্ঠিত হোৱা আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনত স্বামীক বিচাৰি হাবাথুৰি খাইছে কলকাতাৰ পৰা অহা এগৰাকী মহিলাই৷ এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, ফেচবুক আৰু ষ্টাৰমেকাৰৰ জৰিয়তে হোজাইৰ সুভাষ দাসৰ সৈতে প্ৰথমে চিনাকি হৈছিল কলকাতাৰ যুৱতীগৰাকী ৷ পৰৱৰ্তী সময়ত হোজাইৰ শংকৰ নগৰ আদালতত দুয়োৰে আইনী বিবাহ সম্পন্ন হৈছিল৷ কিন্তু বিবাহৰ পিছত সুভাষ দাসে তেওঁক এৰি কলকাতাৰ পৰা পলায়ন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ 

সুভাষ দাসে তেওঁক প্ৰতাৰণা কৰি আত্মীৰ সহযোগত মৰিগাঁৱৰ দন্দুৱাত আত্মগোপন কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷ আনহাতে প্ৰতাৰক সুভাষ দাসে প্ৰথমা পত্নীক প্ৰতাৰণা কৰি ইতিমধ্যে চাৰিবাৰ বিবাহপাশত আৱদ্ধ হোৱাৰ কথাও অবগত কৰিছে প্ৰথমা পত্নীয়ে৷ তদুপৰি কলকাতাৰ মহিলাগৰাকীৰ পৰা ধন-সম্পত্তি দাবী কৰি আহিছে বুলিও মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। 

ইফালে, স্বামী সুভাষ দাসক বিচাৰি কলকাতাৰ মহিলাগৰাকীয়ে বিবাহৰ ফটো লৈ স্বামীক বিচাৰি আছুৰ অষ্টাদশ অধিৱেশনত ঘুৰি ফুৰা ঘটনাই মৰিগাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।