Logo
image

ৰাতি মোজা পিন্ধি নুশুব! শৰীৰৰ ক্ষতি হ’ব পাৰে

আমাৰ অসম বিশেষঃ শীতকালত ঠাণ্ডাৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আমি সাধাৰণতে গৰম পোছাক পিন্ধো৷ গৰম পোছাকে শৰীৰটোক শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰে৷ শীত কালত কাণ, মূৰ, হাত আৰু ভৰি দুটা গৰম কৰি ৰখাটো অতি প্ৰয়োজনীয়৷ অনেকেই শীতকালি ভৰিত মোজা পিন্ধি থাকে৷ ই আৰামদায়ক যদিও শৰীৰৰ কাৰণে ক্ষতিকাৰক হ’ব পাৰে৷ বিশেষকৈ মোজা পিন্ধি শোৱাৰ ফলত শৰীৰৰ মাৰাত্মক ক্ষতি হ’ব পাৰে৷ আহকচোন মোজা পিন্ধি শুলে মানৱ দেহৰ কি কি ক্ষতি হ’ব পাৰে জানো৷

  • মোজা পিন্ধি শুলে শৰীৰত ৰক্ত সঞ্চালন হ্ৰাস পায়৷ ফলত শৰীৰৰ কাৰণে ই খুব বিপজ্জনক৷ 
  • মোজা পিন্ধি শোৱাৰ ফলত ভৰি ঘামে, ফলত সংক্ৰমণ হোৱাৰ ভয় থাকে৷ বিশেষকৈ খুব টাইট মোজা হ’লে বা পৰিষ্কাৰ হৈ নাথাকিলে দুৰ্গন্ধ ওলায় আৰু সংক্ৰমণৰ ভয় থাকে৷ 
  • টাইট মোজা পিন্ধি শুলে অস্বস্তিবোধত পৰিব পাৰে৷ ফলত ৰাতি ভালদৰে টোপনি নাহে৷ 
  • নাইলনৰ মোজা শৰীৰৰ কাৰণে উপযোগী নহয়৷ এনে ধৰণৰ মোজা পিন্ধিলে ছালৰ ক্ষতি হ’ব পাৰে৷ সেয়ে এই ক্ষেত্ৰত কটনৰ সূতাৰ মোজাই ভাল৷ কাৰণ সুতাৰ পৰা তৈয়াৰী মোজাই ঘাঁম শোষণ কৰে আৰু সংক্ৰমণ ৰোধ কৰে৷
  • মোজা পিন্ধি শুলে শৰীৰটো প্ৰয়োজনতকৈ অধিক গৰম হ’ব পাৰে৷ দেহৰ তাপমাত্ৰা বঢ়াই তোলে মোজাই৷ সেয়ে শোৱাৰ সময়ত মোজা নিপিন্ধাই ভাল৷