Logo
image

অহা বছৰ টকিঅ’ অলিম্পিক আয়োজনৰ বাবে বদ্ধপৰিকৰ জাপান

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ কৰ’নাৰ বাবে এবছৰ পিছুৱাই গৈছে টকিঅ’ অলিম্পিক ২০২০৷ কিন্তু অহা বছৰ প্ৰতিযোগিতাখন আয়োজনৰ বাবে বদ্ধপৰিকৰ জাপান৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত জাপানৰ প্ৰধান মন্ত্ৰী য়’শ্বিহিডে ছুগাই কয় যে ২০২১ চনত অলিম্পিক আয়োজনৰ বাবে তেওঁলোক দৃঢ়প্ৰতিজ্ঞ ৷ কৰ’না ভাইৰাছৰ বাবে সকলো খেলা-ধূলাই এবছৰৰ বাবে পিছুৱাই গৈছে৷ চলিত বৰ্ষৰ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী আৰু জাপান চৰকাৰ টকিঅ’ অলিম্পিক পিছুৱাই দিয়াৰ বাবে সহমতত উপনীত হৈছিল৷ জাপানৰ প্ৰধান মন্ত্ৰীয়ে কয়–‘এটা ভাইৰাছে আমাৰ জীৱন স্থবিৰ কৰি দিছে৷ কিন্তু এয়া স্থায়ী নহয়৷ অহা বছৰ টকিঅ’ অলিম্পিক আৰু পেৰা অলিম্পিক আয়োজনৰ বাবে আমি বদ্ধপৰিকৰ৷ মহামাৰীক পৰাস্ত কৰি কিদৰে মানবতাৰ জয় হয় সেয়া আমি প্ৰমাণ কৰিব বিচাৰো৷’ অহা বছৰ অলিম্পিক আয়োজন হ’লেও উদ্ধোধনী অনুষ্ঠানসহ কেইবাটাও ইভেণ্ট কৰ্তনৰ প্ৰস্তাব দিছে উদ্যোক্তাসকলে৷ কৰ’না পৰিস্থিতিৰ বাবেই উদ্যোক্তা সকলে এনে প্ৰস্তাব আগবঢ়াইছে৷ ২০২১ চনৰ ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব টকিঅ’ অলিম্পিক৷ অন্ত পৰিব ৮ আগষ্টত৷ পেৰা অলিম্পিক আৰম্ভ হ’ব ২৪ আগষ্টৰ পৰা৷ ৫ ছেপ্টেম্বৰ পৰ্যন্ত চলিব এই প্ৰতিযোগিতা৷