Logo
image

নিবনুৱাৰ পৰাও কোটি টকা ‘কৰ’ সংগ্ৰহ চৰকাৰৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ নৱেম্বৰঃ ডেৰ লাখ কোটি টকা ঋণত ডুব গৈ থকা চৰকাৰে ৰাজহ ঘাটি জোৰা মৰাৰ বাবে বিহু অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচী, সজাগতা সভা, বাটৰ নাট প্ৰদৰ্শনৰ বাবদ আৰক্ষীৰ অনুমতিৰ নামত মাচুলৰ চলেৰে কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ বিহু বা সাংস্কৃতিক কাৰ্যসূচীয়েই নহয়, ৰাজনৈতিক সভা, সমদল, বাইক ৰেলী আদিৰ নামতো আৰক্ষী সেৱা সেতুৰ  জৰিয়তে অনুমতিৰ আবেদনৰ মাচুল পূৰ্বৰ তুলনাত ২০ গুণ পৰ্যন্ত বৃদ্ধি কৰিছে৷ যাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এফালে হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ চৰকাৰে ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি প্ৰতি মাহে হাজাৰ কোটি টকাকৈ ঋণ লৈছে আৰু আনফালে ৰাজহ ঘাটি জোৰা মৰাৰ বাবে সজাগতামূলক বাটৰ নাট আৰু বিহু অনুষ্ঠানৰ আয়োজকৰ পৰাও অনুমতি মাচুলৰ অজুহাতৰে কৰ সংগ্ৰহৰে কেকোঁৰা চেপাঁ দিবলৈ এৰা নাই৷ কিন্তু এইবাৰ ধাৰত পোত যোৱা চৰকাৰখনে নিবনুৱাৰ পৰাও কৰ সংগ্ৰহৰ গুৰুতৰ অভিযোগ উঠিছে৷ নিবনুৱাক চাকৰি দিয়াটো দূৰৰে কথা, এতিয়া নিবনুৱাৰ পৰাহে ওলোটাই ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে৷ অসম চৰকাৰে ৰ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিব বুলি ঢাক-ঢোল বজাই প্ৰচাৰ চলালেও সম্প্ৰতি ৰাজ্যৰ নিবনুৱাই ১৮ লাখৰ সংখ্যা স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে৷ উল্লেখনীয় বিষয়টো হৈছে ৰাজ্যৰ এই ১৮লাখ নিবনুৱাৰ পৰা নিয়োগ বিনিময় প’ৰ্টেলত অনলাইনত নাম পঞ্জীয়নৰ বাবদ চৰকাৰে কোটি টকাৰ কৰ সংগ্ৰহ কৰিছে৷ একাংশ নিবনুৱা প্ৰাৰ্থীয়ে অভিযোগ কৰা অনুসৰি নিয়োগ বিনিময় অনলাইন প’ৰ্টেলত নাম পঞ্জীয়ন কৰাৰ নামত প্ৰতিজন প্ৰাৰ্থীৰ পৰা ১০ টকাকৈ সংগ্ৰহ কৰিছে৷ অৰ্থাৎ পঞ্জীয়নভুক্ত ১৮ লাখ নিবনুৱাৰ পৰা প্ৰতিজনৰ পৰা ১০ টকাকৈ প্ৰায় ৰ কোটি ৮০ লাখ টকা সংগ্ৰহ কৰিছে৷ অনলাইনযোগে নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত নিয়োগ বিনিময় কেন্দ্ৰ সমূহৰ কাগজ পাতিৰ সকলো খৰচ ৰাহি হোৱাৰ পাছতো কিয় অনলাইন পঞ্জীয়নৰ বাবদ প্ৰতিজনৰে পৰা ১০ টকাকৈ ধন সংগ্ৰহ কৰিবলগীয়া হৈছে, সেয়া নুবুজা সাঁথৰ হৈ পৰিছে৷ পূৰ্বতে জিলা জিলাই নিয়োগ বিনিময় কেন্দ্ৰত অফলাইনত নিবনুৱাৰ নাম পঞ্জীয়নৰ ব্যৱস্থা আছিল৷ অফলাইন নাম পঞ্জীয়নৰ সময়ত নিয়োগ বিনিময় কেন্দ্ৰসমূহে প্ৰাৰ্থীসকলক একোখনকৈ প্ৰমাণ-পত্ৰ দিছিল যদিও ইয়াৰ বাবদ কোনো মাচুল সংগ্ৰহ কৰা নাছিল৷ কিন্তু এতিয়া প’ৰ্টেলত অনলাইন নাম পঞ্জীয়নৰ ফলত বিভাগীয়ভাৱে কাগজ-কলম তথা ফাইলৰ কামত হোৱা খৰচ ৰাহি হোৱাৰ পাছতো ওলোটাই নিবনুৱাৰ পৰাহে ১০ টকাকৈ মাচুল সংগ্ৰহ কৰিছে৷ অৰ্থাৎ চৰকাৰে যেন কৰ সংগ্ৰহৰ কোনো সুযোগেই এৰি দিব বিচৰা নাই৷ যাৰ বাবে চাকৰি দিব নোৱাৰিলেও নিবনুৱাৰ চৰকাৰী নাম পঞ্জীয়নৰ নামতে কৰ সংগ্ৰহ কৰিছে৷ নিবনুৱা শিক্ষিত যুৱক-যুৱতীসকলে নিয়োগ বিনিময় প’ৰ্টেলত নাম পঞ্জীয়নতে ধন ভৰিবলগীয়া হোৱা এনে নহয়, চাকৰিৰ বিজ্ঞাপনৰ বিপৰীতে আবেদনৰ নামতো অতিৰিক্ত মাচুল সংগ্ৰহ কৰাৰ পৰাও ৰেহাই দিয়া নাই৷ বিগত বৰ্ষত চ্ছ হাজাৰ নিযুক্তিৰ সময়তো একোজন প্ৰাৰ্থীয়ে ৫০০-৭৫০টকা পৰ্যন্ত আবেদন মাচুল আদায় দিবলগীয়া হৈছিল৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে চাকৰি নোপোৱা প্ৰাৰ্থীক আবেদন মাচুল ঘূৰাই দিব বুলি ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন অজুহাত দেখুৱাই ধন ঘূৰাই দিয়াৰ পৰাও বিৰত থাকিল৷