Logo
image

কাইলৈ নলবাৰীত স্থানীয় বন্ধ ঘোষণা

ডিজিটেল সংবাদ, নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ ২৮ নৱেম্বৰত নলবাৰীত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে৷ নলবাৰীত উদযাপিত ৰাস মহোৎসৱ উপলক্ষে মঙলবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে। জিলা আয়ুক্ত বৰ্ণালী ডেকাই ঘোষণা কৰিছে স্থানীয় বন্ধৰ। জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা৷ পৰীক্ষা চলি থকা শিক্ষানুষ্ঠানৰ বাহিৰে বাকী সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।