চীনত নিষিদ্ধ বি বি চি
কৰ’না ভাইৰাছ, উইঘুৰ মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বাতৰি কৰাৰ ফল
আমাৰ অসম, ১৩ ফেব্ৰুৱাৰীঃ চীন আৰু পশ্চিমীয়া দেশসমূহৰ মাজত অব্যাহত আছে যুঁজ৷ এতিয়া এই যুঁজে অধিক প্ৰসাৰতা লাভ কৰিছে৷ বৃহস্পতিবাৰে চীনে ব্ৰিটেইনৰ আগশাৰীৰ সংবাদ মাধ্যম ‘বি বি চি ৱল্ডৰ্ নিউজ’ক নিষিদ্ধ কৰে৷ ফলত ব্ৰিটিছ টেলিভিছন চেনেল বি বি চি ৱল্ডৰ্ নিউজে চীনত কোনোধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিব নোৱাৰিব৷ চীনৰ ৰাষ্ট্ৰীয় ৰেডিঅ’ আৰু টেলিভিছন প্ৰশাসনে [এন আৰ টি এ] বি বি চি ৱল্ডৰ্ নিউজৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰি কয় যে কৰ’না ভাইৰাছ আৰু শ্বিনজিয়াঙৰ সন্দৰ্ভত ভুৱা আৰু একপক্ষীয় বাতৰি পৰিৱেশন কৰি ব্ৰিটিছ টেলিভিছন চেনেলটোৱে সকলো নীতি-নিয়ম উলংঘা কৰিছিল৷ বি বি চি ৱল্ডৰ্ নিউজে আনকি সত্য আৰু নিৰপেক্ষ হোৱাৰ সকলো নিয়মো উলংঘা কৰি আহিছিল৷ গতিকে চীন চৰকাৰে বি বি চিক নিষিদ্ধ কৰাৰ বাহিৰে আন কোনো পথ নাছিল৷ বি বি চিৰ অনুজ্ঞা-পত্ৰ নিলম্বিত কৰি চীন চৰকাৰে কয় বি বি চিয়ে মিছা বাতৰি পৰিৱেশন কৰি চীনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় একতাতো ব্যাঘাত জন্মাইছে৷ গতিকে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থত চীনে বি বি চিক নিষিদ্ধ কৰিবলগীয়া হ’ল৷ এতিয়া অহা বছৰলৈকে বি বি চিয়ে চীনত কোনোধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিব নোৱাৰিব৷ উল্লেখ্য, যোৱা ৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ চৰকাৰে চীনৰ চৰকাৰী মিডিয়া ‘চি জি টি এন’ক নিষিদ্ধ কৰিছিল৷ ফলত চীনৰ চৰকাৰী সংবাদ মাধ্যমটোৱে ব্ৰিটেইনত বাতৰি পৰিৱেশন কৰাৰ অধিকাৰ হেৰুৱাইছিল৷ গতিকে ইয়াৰে পোতক তোলে চীনে৷ চীনৰ এই সংবাদ মাধ্যমটোৱে শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টিৰ সৈতে মধুৰ সম্পৰ্ক ৰাখিছিল আৰু চীন চৰকাৰৰ নিৰ্দেশ মতে কাম কৰিছিল বুলি অনুসন্ধানত পোৱা গৈছিল৷ গতিকে ব্ৰিটেইনৰ এই কামৰ প্ৰত্যুত্তৰত চীনে বি বি চিক নিষিদ্ধ কৰে৷ উল্লেখ্য, চীনত আৰম্ভ হৈ বিশ্বৰ বিভিন্ন দেশত বিয়পি পৰা কৰ’না ভাইৰাছক লৈ বি বি চিয়ে বিভিন্ন বাতৰি পৰিৱেশন কৰিছিল৷ তদপুৰি শ্বিনজিয়াঙত সংখ্যালঘু উইঘুৰ মুছলমানৰ ওপৰত চলা বৰ্বৰ অত্যাচাৰৰ আচল বাতৰি পৰিৱেশন কৰিছিল বি বি চিয়ে৷ গতিকে চীন চৰকাৰ অসন্তুষ্ট হয়৷