Logo
image

এলিছা মঙললৈ গ’লে আৰু উভতি নাহে

আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ ৩ বছৰ বয়সত এটি শিশুৱে তেওঁৰ জীৱনৰ লক্ষ্য ঠিৰাং কৰিব পাৰেনে? তুমি ডাঙৰ হ’লে কি হ’বা? এনে প্ৰশ্নৰ উত্তৰত ৯-১০ বছৰীয়া এজনী ছোৱালীয়ে খুউব বেছি ক’ব পাৰে, মই ডাঙৰ হ’লে এয়াৰ হোষ্টেছ হ’ম৷ অথবা তাতকৈ এঢাপ বেছি আকাংক্ষা থাকিলে পাইলট হোৱাৰ সপোন দেখিব পাৰে৷ কিন্তু এলিছা কাৰ্ছনে ৩ বছৰ বয়সতে মঙলগ্ৰহলৈ যোৱাৰ সপোন দেখিছিল আৰু স্থিৰভাৱে সেই সপোনৰ পিছত দৌৰি ১৭ বছৰ পাছত এলিছা মঙল গ্ৰহলৈ নাছাৰ প্ৰথম মহাকাশচাৰী হিচাপে যাবলৈ সাজু৷ কেৱল মঙল গ্ৰহলৈ যোৱাৰ বাবে সাজু বুলি ক’লে ভুল হ’ব, নাছা-ব্লুবেৰীৰূপে খ্যাত এলিছা কাৰ্ছনে মঙল গ্ৰহৰ পৰা জীৱদ্দশাত উভতি আহিব নোৱাৰিব বুলি একপ্ৰকাৰ নিশ্চিত হৈয়ো এই অভিযানৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈছে৷ কিয়নো মংগল গ্ৰহত অৱতৰণ কৰিব পৰাকৈ নাছাই মাৰ্ছ-ৰ অভিযানৰ প্ৰস্তুতি চলালেও এতিয়ালৈকে সেই অভিযান ‘ৱান ৱে’–অৰ্থাৎ মংগল গ্ৰহণৰ পৰা উভতি অহাৰ ব্যৱস্থা কৰা হোৱা নাই৷ 

২০৩০ চনত নাছাই তেওঁলোকৰ প্ৰথমগৰাকী মহাকাশচাৰী হিচাপে এলিছা কাৰ্ছনক মঙলগ্ৰহলৈ প্ৰেৰণ কৰিবলৈ প্ৰস্তুতি চলাই আছে৷ ২০০১ চনৰ ১০ মাৰ্চত জন্মগ্ৰহণ কৰা এলিছা কাৰ্ছতে ৩ বছৰ বয়সতে তেওঁৰ পিতৃ বাৰ্ট কাৰ্ছনক কৈছিল–‘ডেডি, মই ডাঙৰ হ’লে নভোচৰ হ’ম আৰু প্ৰথম মহাকাশচাৰী হৈ মংগল গ্ৰহললৈ যাত্ৰা কৰিম৷’ সেই মুহূৰ্তত বাৰ্ট কাৰ্ছনৰ মংগল গ্ৰহৰ মানৱ অভিযান সম্পৰ্কে কোনো ধাৰণা নাছিল৷ কিন্তু এলিছা ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ কন্যাৰ ইচ্ছাপূৰণৰ বাবে কৰিব পৰা সকলোবোৰ কামেই কৰি দিছে৷ সৰ্বসাধাৰণৰ বাবে অসাধ্য এই সকলো পদক্ষেপ সম্ভৱ হৈছে এলিছাৰ দৃঢ় মন আৰু একাগ্ৰতাৰ বাবে৷ ২০ বছৰ সম্পূৰ্ণ হ’বলৈ এমাহ বাকী থকা এলিছাই তেওঁৰ অদম্য ইচ্ছাৰে ইতিমধ্যে ৩টা ‘স্পেচ শ্বাটল’ৰ উৎক্ষেপণৰ সাক্ষী হৈছে আৰু ৩টা ‘স্পেচ কেম্প’ সফলতাৰে সম্পূৰ্ণ কৰিছে৷ ৩টা স্পেচ একাডেমী কৰ্ছো সম্পূৰ্ণ কৰা এলিছা কেৱল ৰব’টিক একাডেমীৰ পৰা ৩টা সূচী সম্পূৰ্ণ কৰা বিশ্বৰ একমাত্ৰ কিশোৰী নহয়, এডভান্স স্পেচ একাডেমীৰ তেওঁ কনিষ্ঠতম স্নাতকো৷ ২০১২-২০১৩ চনত তেওঁ একাধিকবাৰ ‘ছেলী ৰাইড’ কেম্প কৰিছে আৰু তুৰস্ক, কানাডা তথা আমেৰিকাত হোৱা নাছাৰ বিশ্বজোৰা তিনিওটা ‘স্পেচ কেম্প’ত সফতাৰে ভাগ লোৱা একমাত্ৰ মানবীত পৰিণত হৈছে৷ তেওঁ নাছাৰ পাছপ’ৰ্ট প্ৰগেমতো সফলতাৰে ভাগ লৈছে আৰু নাছাৰ ৯টা  ভিজিটৰ্ছ চেণ্টাৰ পৰিদৰ্শন কৰিছে৷ এই মহাকাশ ভ্ৰমণৰ সূচীত ভাগ লৈ থকাৰ সময়তে নাছাই এলিছাক ২০১৩ চনত ‘এম ই আৰ-১০’ নামৰ অভিযানত ভাগ লোৱাৰ বাবে আমন্ত্ৰণ জনাবলৈ বাধ্য হয় তেওঁৰ অদম্য ইচ্ছাৰ বাবে আৰু ইতিমধ্যে সম্পূৰ্ণ কৰা মহাকাশচাৰী প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ সফলতাৰ বাবে৷ এতিয়া এলিছা নাছাৰ মংগল গ্ৰহ অভিযানৰ ৭গৰাকী নিৰ্বাচিত এম্বাছাডৰৰ তালিকাৰ শীৰ্ষত আছে৷ এই তালিকাৰ কনিষ্ঠতম হৈছে এলিছা, কিন্তু স্বাস্থ্যৰ দিশৰ পৰা তেওঁ নিৰোগী আৰু সবল হৈ থাকিলে প্ৰথমগৰাকী মহাকাশচাৰী ৰূপে মঙলগ্ৰহলৈ যাব৷ 

এলিছা মংগল গ্ৰহলৈ যাব, কিন্তু তেওঁ পুনৰ এই ধৰালৈ উভতি অহাৰ আশা নাই৷ এই বিষয়টোক লৈ এছিলাৰ পিতৃ বাৰ্ট কাৰ্ছন ব্যথিত৷ তেওঁ এলিছাক কেৱল জীৱনৰ লক্ষ্য পূৰণত সফল হোৱাৰ বাবে সহায় কৰি আছে, পিতৃ ধৰ্ম পালন কৰি৷ মঙল গ্ৰহলৈ পৃথিৱীৰ পৰা দূৰত্ব ১৯৬.৩৪ নিযুত কিলোমিটাৰ৷ সেয়ে পৃথিৱীৰ পৰা মঙলত উপস্থিত হ’বলৈ ৬-৮ মাহ সময়ৰ প্ৰয়োজন হয়৷ এতিয়ালৈকে বিশ্বৰ কোনো দেশ, সংস্থাই মংগল গ্ৰহলৈ মানৱযান প্ৰেৰণ কৰা নাই৷ ২০২৪ চনত প্ৰথম মানৱযান প্ৰেৰণ কৰিবএ এলন মাস্কৰ স্পেচ এক্সে৷