Logo
image

বিগ-বিৰ ২৮০০ কোটি টকাৰ সম্পত্তিৰ ভাগ

বলীউডৰ শ্বাহেনশ্বাহ হিচাপে খ্যাত অমিতাভ বচ্চনৰ সম্পত্তিৰ ভাগ বাটোৱাৰা কাৰ্য আৰম্ভ হৈছে৷ ৯ লাখ টকীয়া পেন, পাঁচ কোটিৰ ঘড়ীকে ধৰি বচ্চন পৰিয়ালৰ প্ৰায় ২৮০০ কোটি টকাৰ সম্পত্তিৰ ভাগ কিদৰে হ’ব তাক জনালে অমিতাভ বচ্ছনে৷ অৱশ্যে বচ্চন পৰিয়ালৰ ভিতৰচ’ৰাৰ সমীকৰণক লৈ নানা মুনিৰ নানা মত৷ ইফালে বচ্ছন পৰিয়ালৰ সৈতে বোৱাৰী ঐশ্বৰ্য ৰায়ৰ সম্পৰ্কত দূৰত্ব বাঢ়িছে বুলিও বাতৰিত গল্প-গুজৱ প্ৰকাশ হৈছে৷ এইবাৰ দীপাৱলীত উপহাৰ হিচাপে অমিতাভ বচ্ছনে ‘প্ৰতীক্ষা’ নামত বাংলোটো কন্যা শ্বেতাৰ নামত লিখি দিয়ে৷ বাংলোটোৰ বজাৰ মূল্য প্ৰায় ৫০ কোটি টকা৷ ভিট্টালনগৰ কো-অপাৰেটিভ হাউছিং ছ’চাইটিত থকা প্ৰতীক্ষা হ’ল বিগ-বিৰ জীৱনৰ প্ৰথম সম্পত্তি৷ অমিতাভৰ পিতৃ হৰিবংশ ৰায় বচ্চনে এই বাংলোটো বিগ-বিক উপহাৰ দিছিল৷ প্ৰকাশিত বাতৰি অনুসৰি অমিতাভ বচ্চনে  মাহে ৩০ কোটি টকা উপাৰ্জন কৰে৷ পত্নী জয়া বচ্চনৰ উপাৰ্জন মাহে ৩৫ লাখ টকা৷ কৌন বনেগা কৌড়পতি অনুষ্ঠানৰ পৰা প্ৰতিটো খণ্ডত অমিতাভে প্ৰায় ৪ কোটি টকা৷ প্ৰতিখন ছবিৰ বাবদ পাৰিশ্ৰমিক হিচাপে পায় ১০ কোটি টকা৷ মুম্বাইত ‘জলছা’কে ধৰি আৰু পাঁচটা ব্যয়বহুল বাংলো আছে বিগ-বিৰ৷ প্ৰতিটো প্ৰাসাদৰ মূল্য প্ৰায় ৩২ কোটি টকা৷ আনহাতে, ২০১৮ চনত জয়া বচ্চনে নিৰ্বাচনী আয়োগৰ ওচৰত জমা দিয়া শপতনামাত উল্লেখ কৰিছে মুঠ ধনৰ পৰিমাণ হাজাৰ কোটি টকা৷ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫৪০ কোটি আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪৬০ কোটি টকা৷