Logo
image

নেলীৰ কথা

চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘ্যৰ  অসমীয়া চিনেমা ‘নেলীৰ কথা’ ৮ ডিচেম্বৰত ৰাজ্যজুৰি ২৫টা চিত্ৰগৃহত মুক্তি পাব৷ নেলীৰ গণহত্যাক মূল বিষয় হিচাপেলৈ সংবেদনশীলতাৰে ‘নেলীৰ কথা’ চিনেমাখন নিৰ্মাণ কৰা হৈছে৷ ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক  আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই৷  নেলীৰ আকাশত যেন এতিয়াও বিয়পি আছে সেই আৰ্তনাদ৷ নেলীৰ ঘটনাক কেমেৰাৰ ভাষাৰে ক’ব বিচাৰিছে পৰিচালক পাৰ্থজিৎ বৰুৱাই৷  উল্লেখ্য  ২৯সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখালৈ পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘ্যৰ  অসমীয়া চিনেমা ‘নেলীৰ কথা’ নিৰ্বাচিত হৈছে৷ এই চলচ্ছিত্ৰ মহোৎসৱ কলিকতাত ৬-১২ ডিচেম্বৰলৈ চলিব৷ ইতিমধ্যে এই চিনেমাখন অজন্তা-ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱতো প্ৰতিযোগিতা শাখাত আছে৷ সেইদৰে গ্ৰীচৰ  ৬৪সংখ্যক থেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগ আৰু ইন্দিয়ান ফিল্ম ফেষ্টিবেললৈ আমন্ত্ৰণ লাভ কৰিছে ছবিখনে৷ 

চিনেমাখনৰ মুখ্যচৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই৷ ছবিখনত দেখা যাব বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক  ছাত্ৰ ৰাজীৱ পাটৰ [অৰ্ঘদ্বীপ বৰুৱা] নেলীৰ ঘটনাটোৰ বিষয়ে জানিবলৈ গুৱাহাটীৰ পৰা নেলীৰ ভিতৰুৱা মুছলিম আৰু তিৱা গাওঁসমূহলৈ যায়৷ বহু নজনা কথা জানিব পাৰে তেওঁ৷ ‘নেলী কথা’  চিনেমাখনৰ  পৰিচালনা, কাহিনী, চিত্ৰনাট্য, আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ৷  চানলিষ্ট ষ্টুডিঅ’ৰ বেনাৰত তেওঁ প্ৰযোজনা কৰা এই ছবিখনৰ সহকাৰী সংলাপ দিছে প্ৰাঞ্জল কুমাৰ মহন্তই৷   চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক নীল বৰ্মন৷ সুমন দুৱৰাই চিনেমাখনৰ  ফটোগ্ৰাফী কৰিছে৷ সম্পাদনা হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন আৰু মিক্সং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ডেনিয়েল ইংতিৰ৷ ১০০ মিনিট দৈৰ্ঘ্যৰ নেলীৰ কথা ছবিখনত অভিনয় কৰিছে ক্ৰমে– অৰ্ঘদ্বীপ বৰুৱা, স্বাগতা ভৰালী, ৰয়ন্তী ৰাভা,  ধনঞ্জয় দেৱনাথ,  মহেন্দ্ৰ দাস,  সুদৰ্শন নাথ, সপোনটি বৰদলৈ, ড॰ আশা কুঠাৰী চৌধুৰী, মুকুট চন্দ্ৰ ভূঞা,  সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষবী বৰা, সঞ্জীৱনী বৰা,  সুস্মিতা শইকীয়া, ত্ৰিদিশা আৰ. পৰাশৰ, পুনীৰাম শইকীয়া, লক্ষ্যজ্যোতি শইকীয়া ৰূপম  শইকীয়া৷ গোৱা মহোৎসৱৰ ফিল্ম বাজাৰৰ গ্ৰীণ ৰূমত ছবিখন উপলব্ধ হৈছে৷