Logo
image

ধূমপান এৰিবলৈ মানি চলক এইকেইটা নিয়ম

আমাৰ অসম বিশেষঃ কৌতূহলৰ বাবেই হওক বা আন কোনো কাৰণতে হওক যিসকলে এবাৰ চিগাৰেট মুখত দিছে, তেওঁলোকৰ অধিকসংখ্যকৰে ধুমপান হৈ পৰিছে এৰাব নোৱৰা অভ্যাস৷ দীৰ্ঘদিন ধৰি ধুমপান কৰা এনে লোকৰ বহুতে পাছত ধুমপান এৰি পেলোৱাৰ কথা ভাৱে অথচ বহু চেষ্টা কৰিও এৰিব নোৱাৰা হৈ পৰে৷ কিছু নিয়ম মানি চলিলে আপুনিও সহজে এৰিব পাৰিব ধুমপানৰ বদ অভ্যাস৷ ধুমপান এৰিবলৈ বিশেষজ্ঞই আগবঢ়োৱা পৰামৰ্শ মানি চলিবলৈ চেষ্টা কৰকচোন কিদৰে এই অসাধ্য সাধন হ’ব অতি সহজে৷ বিশেষজ্ঞই আগবঢ়োৱা পৰামৰ্শ এনেধৰণৰ– 

প্ৰথমে আপুনি হিচাপ কৰক চিগাৰেট বা আন ধপাত জাতীয় সামগ্ৰীৰ নামত মাহেকত কিমান টকা ব্যয় হয়৷ হিচাপ কৰি দেখিলে যে ধুমপানৰ নামত মাহেকত যথেষ্ট ধুমপানে ধন ব্যয় হয়৷ আপুনি অনুধাৱন কৰক ধুমপানৰ নামত ব্যয় হোৱা ধনেৰে আপুনি কি কৰিব নোৱাৰিলেহেঁতেন ! সেইধন আপুনি আন গুৰুত্বপূৰ্ণ কামৰ ব্যয় কৰিব পাৰিলেহেঁতেন৷ 

আপোনাৰ ওচৰে পাজৰে থকা ধুমপান নকৰা বা ধুমপান কৰিবলৈ এৰি দিয়া মানুহক অনুসৰণ কৰক৷ ধুমপান এৰি দিয়াৰ ফলত মানুহৰ স্বাস্থ্যৰ কেনেধৰণৰ পৰিৱৰ্তন হৈছে সেয়া জনাৰ চেষ্টা কৰক৷ এই কথা অনুভৱ কৰি আজিয়েই ধুমপান বৰ্জন কৰাৰ প্ৰতিজ্ঞাা কৰক৷ জেপত ৰখা চিগাৰেটৰ পেকেট ডাষ্টবিনত পেলাই দিয়ক৷ এদিন অন্ততঃ ধুমপান নকৰাকৈ থাকক৷ ইয়াৰ পাছত পাৰ্থক্য অনুভৱ কৰিবলৈ চেষ্টা কৰক৷ ইয়াৰ পাছত দুদিন, তিনিদিন ধুমপানৰ পৰা দূৰত থাকক৷ দেখিব ধুমপান এৰাটো আপোনাৰ বাবে তেনেই সহজ হৈ পৰিব৷ অভ্যাস হৈ যাব ধুমপান থাকিবনে জীৱন ধাৰণৰ৷ 

আপোনাৰ ধুমপান কৰা বন্ধুৰ সংগ কৌশলৰে এৰি চলক৷ যেতিয়া আপোনাৰ ধুমপান কৰাৰ ইচ্ছা যায় তেতিয়া ৰাজপথলৈ ওপাই আহক৷ তেনে কৰিলে ধুমপানৰ প্ৰৱণতা নাইকীয়া হ’ব৷ 

যিকোনো ঠাইলৈ গ’লে ধুমপান কৰ্ণাৰৰ পৰা দূৰত  থাকিবলৈ চেষ্টা কৰক৷ 

চিগাৰেট এৰাৰ সময়ত মুখত চুইংগাম অথবা আদা চোবাব লওঁক৷ চুইংগাম বা আদা মুখত লৈ থাকিলে ধুমপানৰ প্ৰতি আকৰ্ষণ কমি আহে৷ 

নিতৌ ধুমপান বিৰোধ আৰু স্বাস্থ্য সচেতনতাৰ কিতাপ পঢ়াৰ অভ্যাস কৰক৷

এনেধৰণৰ পৰামৰ্শয়ো যদি আপোনাক ধুমপানৰ বদভ্যাস এৰাব পৰা নাই তেনেহ’লে চিকিৎসকৰ ওচৰলৈ যাওক৷ আপোনাৰ সঠিক সিদ্ধান্তই আপোনাৰ লগতে আপোনাৰ পৰিয়ালকো দিব অনাবিল আনন্দ৷