Logo
image

ড॰ হীৰেন গোহাঁইৰ মন্তব্য ভিত্তিহীন, গোকাট মিছা

‘আমাৰ অসম’ কাকতৰ ১৬ ডিচেম্বৰ, ২০২৩ সংখ্যাত প্ৰকাশিত ‘জুবিন-সমুজ্জ্বলক সমালোচনা ড॰ হীৰেন গোহাঁইৰ, ‘কা’ক লৈ একে স্থিতিতে ৰবি’ শীৰ্ষক বাতৰিটোত বিশিষ্ট শিক্ষাবিদ ড॰ হীৰেন গোহাঁয়ে কৰা মন্তব্য মোৰ দৃষ্টিগোচৰ হৈছে৷ এটা কথা সত্য যে ‘কা’বিৰোধী আন্দোলনটোত অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছিল৷ অসমৰ ৰাইজৰ অভিভাৱকত্বত সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিছটা জনগোষ্ঠীয় সংগঠনে ‘কা’বিৰোধী আন্দোলনটোক আগুৱাই নিছিল, নি থাকিব৷ নেছ’ৰ আহ্বানত উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে উত্তৰ-পূৰ্বাঞ্চলজুৰি এই আন্দোলন আগবঢ়াই নিছিল, নি থাকিব৷ জুবিন গাৰ্গে শিল্পী সমাজ, অসমৰ হৈ ‘কা’বিৰোধী আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিয়াটো আৰু আন্দোলনটোত অসমৰ শিল্পী সমাজে লোৱা ইতিবাচক ভূমিকাৰ কথা অসমৰ ৰাইজে ভালকৈ জানে৷

ড॰ হীৰেন গোহাঁই ডাঙৰীয়াই মোক জড়িত কৰি, ‘বিজেপিৰ লগত থাকি ‘কা’ৰ বিৰোধিতা কৰা’ বুলি দিয়া মন্তব্যবোৰ অদ্ভুত, আশ্চৰ্যকৰ, উদ্দেশ্যপ্ৰণোদিত আৰু গোকাট মিছা৷ তেখেতৰ দৰে সন্মানীয় শিক্ষাবিদে কোনো তথ্য নোহোৱা, সম্পূৰ্ণ ভিত্তিহীন, মনেসজা, মিছা কথা কোৱাটো শোভা নাপায়৷ জনসাধাৰণৰ মনত অনাহক সন্দেহ, বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ তেখেতে এক অপচেষ্টা কৰিছে৷ এনে অসত্য কথাৰে সমাজক বিপথে পৰিচালিত কৰিবলৈ অপচেষ্টা কৰাৰ নৈতিক অধিকাৰ তেখেতৰ নাই৷ তেখেতে যিমানেই অপচেষ্টা নকৰক কিয়, মোৰ সংগ্ৰামী সত্বাক চুলিৰ মানো স্তব্ধ কৰিব নোৱাৰে৷ বিধেয়ক এখন আইন হোৱাৰ লগে লগে উচ্চতম ন্যায়ালয়ত তাক বাতিল কৰিবলৈ আৱেদন কৰাটো অন্যতম যুক্তিসংগত গণতান্ত্ৰিক প্ৰক্ৰিয়া৷ ‘কা’ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অসমৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমখন আৱেদন দাখিল কৰিছিল৷ তাৰ পাছত নেছ’, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি আন আন সংগঠন আৰু ব্যক্তিবিশেষে আৱেদন কৰিছিল৷ বৰ্তমান উচ্চতম ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলৰ ৫৩খন আৱেদন আছে৷ তাৰে পঞ্চাছখন অসমৰ আৰু তিনিখন ত্ৰিপুৰাৰ৷ আছু আৰু নেছ’ৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিৰ বাবেই উচ্চতম ন্যায়ালয়ে অসম, ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়টো শুনিবলৈ সুকীয়া সময় নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছিল৷ পৰৱৰ্তী সময়ৰ প্ৰতিটো শুনানিত আছু-নেছ’ৰ অধিবক্তাই ন্যায়ালয়ত নিজৰ যুক্তি প্ৰদৰ্শন কৰিছে আৰু আছু-নেছ’ৰ নেতৃবৰ্গ ন্যায়ালয়ত উপস্থিত আছে৷ যুৱ-ছাত্ৰৰ পৰিষদৰ নেতৃত্ব উপস্থিত আছিল৷ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য হোৱা নাই৷ শুনানিৰ দিন ধাৰ্য হ’লে প্ৰয়োজনীয় আইনগত পদক্ষেপ লোৱা হ’ব৷ ‘কা’ৰ বিৰুদ্ধে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলজুৰি গণতান্ত্ৰিক সংগ্ৰাম আৰু ন্যায়িক যুঁজ অব্যাহত থাকিব৷