তেজত কলেষ্ট্ৰ’ৰেল কমাবলৈ কি কৰিব?
আমাৰ অসম বিশেষঃ এটা নিৰ্দিষ্ট বয়সৰ পাছত যিকোনো মানুহৰ দুঃচিন্তাৰ কাৰণ হৈ পৰে কলেষ্ট্ৰ’ৰেল৷ তেজত কলেষ্ট্ৰ’ৰেলৰ মাত্ৰা বৃদ্ধি পালে হাৰ্টএটেকৰ সম্ভাৱনা বৃদ্ধি পায়৷ ইয়াৰ লগে লগে বৃদ্ধি পায় ষ্ট্ৰ’কৰ সম্ভাৱনা৷ অথচ খাদ্যৰ তালিকাৰ পৰা সম্পূৰ্ণৰূপে কলেষ্ট্ৰ’ৰেল আঁতৰাব নোৱাৰি৷ কাৰণ তেজৰ সৈতে মিহলি হৈ থকা কলেষ্ট্ৰ’ৰেলে চৰ্বি হৰম’ন প্ৰস্তুত কৰাত সহায় কৰে৷ আধুনিক জীৱন যাত্ৰা, অনিয়ন্ত্ৰিত জীৱন যাপন আৰু এনে কেতবোৰ কাৰকৰ বাবে শৰীৰত বেছিকৈ সমস্যাই দেখা দিয়ে আৰু তেজত কলেষ্ট্ৰ’ৰেলৰ মাত্ৰা বৃদ্ধি পায়৷ কলেষ্ট্ৰ’ৰেল সম্পৰ্কে বহুতেই জানে কিন্তু প্ৰকৃততে এইটো কি সেইটো বহুতেই নাজানে৷ কলেষ্ট্ৰ’ৰেল হ’ল একধৰণৰ ফেট যি তেজত মিহলি হৈ থাকে৷ কলেষ্ট্ৰ’ৰেলে দেহৰ অভ্যন্তৰত বহুতো কাম কৰে৷ ই কোষক নমনীয় কৰি ৰখাৰ বাবে আৰু ভিটামিন ডি পৰিবৰ্তনৰ বাবে দায়ী৷ সচেতন হোৱা দৰকাৰ কলেষ্ট্ৰ’ৰেল দুই ধৰণৰ আছে৷ এবিধ হ’ল এল ডি এল আৰু আনবিধ হ’ল এইচ ডি এল৷ তেজৰ ধমনীত বাধা দি এল ডি এল কলেষ্ট্ৰ’ৰেলে হৃদপিণ্ডত ক্ষতি সাধন কৰে৷ যত এইচ ডি এল কলেষ্ট্ৰ’ৰেলে হৃদপিণ্ডৰ যত্ন লৈ কাম কৰি থাকে৷ কলেষ্ট্ৰ’ৰেল বৃদ্ধিৰ কাৰণ কেৱল অনিয়ন্ত্ৰিত জীৱন-যাপন নহয়, পাৰিবাৰিক ইতিহাসো ইয়াৰ বাবে দাবী৷ সেয়েহে স্বাস্থ্যকৰ খাদ্য সেৱন, শৰীৰ চৰ্চা আৰু জীৱন-যাত্ৰা পৰিৱৰ্তনৰ মাধ্যমত ইয়াৰ পৰা মুক্তি পাব পাৰি৷
হালধিঃ শৰীৰত কলেষ্ট্ৰ’ৰেলৰ মাত্ৰা বৃদ্ধি হোৱাৰ ইংগিত পালে তৎকালে চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ খোৱা উচিত৷ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কলেষ্ট্ৰ’ৰেলৰ ঔষধ নিজে বন্ধ নকৰিব, হালধি ব্যৱহাৰ কৰক৷ হালধিয়ে অনিষ্টকাৰী কলেষ্ট্ৰ’ৰেল হ্ৰাস কৰাত সহায় কৰে৷ আচলতে হালধিত থকা উপদানসমূহে তেজৰ ধমনিৰ পৰা কলেষ্ট্ৰ’ৰেলৰ আঁতৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে হালধি আৰু গাখীৰ মিহলাই খাব পাৰে৷ অথবা পুৱা গৰম পানীৰ সৈতে আধা চামুচ হালধি গুড়ি মিহলাই খাব পাৰে৷
গ্ৰীন টীঃ ওজন কমাবলৈ আৰু হজমৰ বাবে গ্ৰীন টী ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰো পৰি শেহতীয়া এক গৱেষণাৰ পৰা গম পোৱা গৈছে যে গ্ৰীন টীত থকা উপাদানসমূহে অনিষ্টকাৰী কলেষ্ট্ৰ’ৰেল শক্তি দ্ৰুতভাৱে হ্ৰাস কৰে৷ গ্ৰীন টী খাব মন নগলে গ্ৰীন টী কেপচুলো খাব পাৰে৷
নহৰুঃ নহৰু বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰে৷ আধুনিক প্ৰজন্মৰ বাবে কলেষ্ট্ৰ’ৰেল হ্ৰাস কৰাৰ বাবে নহৰু এক অন্যতম উপাদান৷ পুৱা বা ৰাতি শুবলৈ যোৱাৰ আগতে কেঁচা নহৰু খাব পাৰে৷ কেঁচা নহৰুৱে এল ডি এল কলেষ্ট্ৰ’ৰেলৰ মাত্ৰা হ্ৰাস কৰে৷
ধনীয়াঃ আমাৰ শৰীৰত এল ডি এল নামৰ এক ধৰণৰ ক্ষতিকৰ কলেষ্ট্ৰ’ৰেল থাকে৷ যিয়ে দেহৰ শিৰা-উপশিৰাৰ জৰিয়তে হৃদপিণ্ডলৈ তেজ চলাচলত সমস্যাৰ সৃষ্টি কৰে৷ যিয়ে হাৰ্টএটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে৷ ধনীয়াই কলেষ্ট্ৰ’ৰেলৰ মাত্ৰা হ্ৰাস কৰে৷
আমলখিঃ আমলখিৰ গুণ অতুলনীয়৷ ই কেৱল ভিটামিন আৰু খনিজ উপাদানেৰে ভৰপুৰ৷ বিভিন্ন ৰোগ প্ৰতিৰোধৰ ই অন্যতম ঔষধ৷ আমলখিৰ ভিতৰত এণ্টি অক্সিডেণ্ট থাকে, যিয়ে কলেষ্ট্ৰ’ৰেল কমোৱাত সহায় কৰে৷