Logo
image

ভাল খবৰ! চুলি সৰা সমস্যাৰ সমাধান বিচাৰি পাইছে জাপানী গৱেষকে

আমাৰ অসম বিশেষঃ চুলি সৰাৰ সমস্যাৰ লগতে যি সকলে ইতিমধ্যে তপামূৰৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে জাপানৰ এদল বিজ্ঞানীয়ে কঢ়িয়াই আনিছে এটা আশাৰ খবৰ৷ জাপানৰ ৰিকেন চেণ্টাৰ  ফৰ বায়ছিষ্টেম ডাইনামিকছ ৰিছাৰ্চৰ এটা বিজ্ঞানীৰ দলে ষ্টেম কোষৰ সহায়ৰ জৰিয়তে চুলি সৰা, তপামূৰৰ সমস্যা সমাধানৰ কৌশল প্ৰস্তুত কৰি উলিয়াইছে৷ বিজ্ঞানীসকলে ষ্টেম কোষৰ সহায়ত ফলিক’ল প্ৰস্তুত কৰি উলিয়াইছে৷ এই ফলিক’লৰ দ্বাৰা  চুলি সৰাৰ পিছতো পুনৰ চুলিৰ বৃদ্ধি কৰিব পৰা যাব৷ 

জাপানৰ গৱেষকৰ দলটোৰ মুৰব্বী টাকাচী টুচুজীয়ে কয়– ‘আমাৰ এই ৰোপন প্ৰণালীয়ে ষ্টেম কোষৰ পৰা চুলিৰ ফলিক’লৰ সক্ৰিয় বিকাশৰ বাবে এক পদ্ধতি স্থাপন কৰে৷ এই পদ্ধতিৰ দ্বাৰা অতিশীঘ্ৰে চুলিৰ ফলিক’ল পুনৰ বিকাশ চিকিৎসাক বাস্তৱত গঢ়ি তুলিবলৈ সহায় কৰিব৷’

বৰ্তমানলৈকে জাপানৰ গৱেষকসকলে প্ৰাক্‌ ক্লিনিকেল পৰীক্ষাগাৰৰ পৰীক্ষাত ষ্টেম কোষ থেৰাপি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে তপা মূৰ নিৰাময়ৰ এই নতুন  ব্যৱসায়িক উপলব্ধ হোৱাৰ পূৰ্বে তেওঁলোকৰ গৱেষনাই ক্লিনিকেল পৰীক্ষাতো উত্তীৰ্ণ হ’ব লাগিব৷ গৱেষকৰ দলটোৱে নতুন চুলিৰ ক্লিনিকেল এপ্লিকেচনৰ বাবে সহযোগিতা বিচাৰি আছে৷

 স্তন্যপায়ী প্ৰাণীৰ ওপৰত ষ্টেম কোষৰ প্ৰয়োগ আৰু ইয়াৰ অগ্ৰগতি সম্পৰ্কত জাপানৰ ৰিকেন চেণ্টাৰ ফ’ৰ বায়ছিষ্টেম ডাইনামিকছ ৰিছাৰ্চ গৱেষণা প্ৰতিষ্ঠানে এখন গৱেষণা পত্ৰ প্ৰকাশ কৰা লগে লগে সমগ্ৰ বিশ্বতে বিজ্ঞানী মহলৰ মাজত পুনৰ চুলি গজাব পৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে৷ 

নিগনিৰ শৰীৰৰ নোম আৰু শুঙৰ কোষ লৈ গৱেষক সকলে ২২০টা সংমিশ্ৰণ ব্যৱহাৰ কৰাৰ লগতে সেয়া একেলগে লেবত আন উপাদানৰ সৈতে ৰোপন কৰিছিল৷ এই গৱেষণাৰ সাফল্যই নিশ্চয় মহিলাসকলক  চুলি সৰা সমস্যাৰ পৰা সকাহ দিব৷ কিয়নো যদিহে ফলিক’লৰ দ্বাৰা চুলি সৰাৰ পাছতো পুনৰ চুলিৰ বৃদ্ধি সম্ভৱ হৈ উঠে তেন্তে  গৰিলা গ্লু ব্যৱহাৰৰ পৰা মুক্ত হ’ব মহিলাসকল৷ 

গৱেষণা পত্ৰত প্ৰকাশ পোৱা অনুসৰি জাপানৰ গৱেষকৰ দলটোয়ে গৱেষণাত প্ৰাকৃতিকভাৱে চুলিৰ পুনৰ বিকাশৰ চিকিৎসাত গুৰুত্ব দিছিল৷   বিজ্ঞানীৰ দলটোৱে বায়’ ইঞ্জিনিয়াৰড হেয়াৰ ফলিক’ল ষ্টেম কোষবোৰ পৰীক্ষাগাৰত বিশেষ বৈজ্ঞানিক প্ৰক্ৰিয়াৰে একাকাৰ কৰিছিল৷ তেওঁলোকে তিনি সপ্তাহৰ বাবে পুনৰ বিকাশ হোৱা চুলিৰ গতি-বিধি লক্ষ্য কৰিছিল৷