Logo
image

ভাল খবৰঃ ৩১ ডিচেম্বৰত আলফা-চৰকাৰৰ মাজত শান্তি চুক্তি

ডিজিটেল ডেস্কঃ ৰাজ্যত আলফা স্বাধীনে সঘনাই কূটাঘাত সংঘটিত কৰি থকাৰ মাজতে আগবাঢ়িছে শান্তি আলোচনা প্ৰক্ৰিয়া৷ বৰদিনৰ দিনটোতে আহিছে ভাল খবৰ৷ সুদীৰ্ঘ সময় ধৰি সশস্ত্ৰ বিপ্লৱৰ সূচনা কৰা অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া নেতৃত্বধীন সংযুক্ত মুক্তি বাহিনী, অসম শান্তি চুক্তিৰ বাবে আগবাঢ়িছে৷ চলিত বৰ্ষতে স্বাক্ষৰিত হ'ব আলফা-কেন্দ্ৰ-ৰাজ্যৰ ত্ৰিপাক্ষিক শান্তি চুক্তি৷ ৩১ ডিচেম্বৰত দিল্লীত স্বাক্ষৰিত হ'ব শান্তি চুক্তি৷

ইতিমধ্যে শান্তি চুক্তিৰ বাবে দিল্লীত বাহৰ পাতিছে আলোচনাপন্থী নেতা অনুপ চেতিয়াৰ নেতৃত্বত এটা দলে৷ ২৭ ডিচেম্বৰত দিল্লীলৈ ৰাওনাহ'ব আন নেতাসকলো৷ শান্তি চুক্তিৰ সময়ত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ লগতে কেইবাজনো শীৰ্ষ নেতৃত্ব৷ 

উল্লেখ যে ২০১১ চনৰে পৰা চলি আছে আলোচনা প্ৰক্ৰিয়া৷ অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আৰম্ভ হৈছিল এই আলোচনা প্ৰক্ৰিয়া৷ পৰৱৰ্তী সময়ত এই আলোচনা প্ৰক্ৰিয়াত যোগ দিয়ে অনুপ চেতিয়াই৷ এই চুক্তিত কি থাকিব সেই বিষয়ে এতিয়ালৈকে অৱগত নহয় আলোচনাপন্থী নেতাৰ শীৰ্ষ নেতৃত্ব৷