Logo
image

৩১ ডিচেম্বৰত চুক্তি, আন্ধাৰত আলফা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ ডিচেম্বৰঃ আলফাৰ সন্দেহত স্মাৰ্ট অসম আৰক্ষীয়ে অসমীয়া যুৱকক ‘তথাকথিত’ এনকাউণ্টাৰত গুলীবিদ্ধ কৰাক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ মাজতে আলোচনাপন্থী আলফাৰে শান্তি চুক্তি স্বাক্ষৰৰ বাবে সাজু হৈছে নতুন দিল্লী৷ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ৩১ ডিচেম্বৰত সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰৰে চমক দিবলৈ প্ৰস্তুতি চলাইছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ ঐতিহাসিক এই চুক্তিত কি লাভ কৰিব সেই বিষয়ে কোনো কথাই অৱগত নহয় যদিও ইতিমধ্যে  নতুন দিল্লীত বাহৰ পাতিছে আলফা সাধাৰণ সম্পাদক অনুপ চেতিয়া৷ ৩১ডিচেম্বৰত স্বাক্ষৰিত হ’বলগীয়া চুক্তিক লৈ আলোচনাপন্থী সংগঠনটোৰ নেতা-কেডাৰসকল অন্ধকাত থাকিলেও সোমবাৰে বিমান যোগে দিল্লীত গৈ উপস্থিত হৈছে আলফাৰ শীৰ্ষ নেতা অনুপ চেতিয়া আৰু শশধৰ চৌধুৰী৷ অৱশ্যে আলফাৰ সৈতে সম্পন্ন হ’বলগীয়া ত্ৰিপাক্ষিক শান্তি চুক্তিৰ খচৰাৰ সন্দৰ্ভতো এই মুহূৰ্তলৈ অসম চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা আনুষ্ঠানিক কোনো পত্ৰ প্ৰেৰণ কৰা নাই৷ এক কথাত ত্ৰিপাক্ষিক শান্তি চুক্তিক লৈ অসম চৰকাৰো এক প্ৰকাৰ অন্ধকাৰত আছে বুলি দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে নতুন বৰ্ষৰ পূৰ্বে ৩১ ডিচেম্বৰত আলফাৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰি কেন্দ্ৰ  আৰু ৰাজ্য চৰকাৰে চমক সৃষ্টিৰে পৰেশ বৰুৱালৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যদিও শান্তি চুক্তিয়ে প্ৰায় দুকুৰি বছৰে স্বাধীন অসমৰ দাবীত সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখা আলোচনাপন্থী গোটৱে কি  লাভালাভ কৰিব সেয়া সময়েহে ক’ব৷ কিয়নো কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা অন্তিমখন বৈঠকত আলফা নেতৃত্বই অসন্তুষ্টি ব্যক্ত কৰিছিল৷ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰে খিলঞ্জীয়া লোকৰ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাত কেন্দ্ৰই কোনো গুৰুত্ব দিয়া নাই বুলি আক্ষেপ কৰিছিল৷ আনকি অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম বিধান সভাৰ পৰা পঞ্চায়তলৈ ৮৮শতাংশ সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ বাবে আলফাই জনোৱা দাবীকো মোদী চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছিল৷ অৱশ্যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  আলফাৰ শান্তি চুক্তিত অসম চুক্তি ৬ নং দফাৰ বিষয়বস্তু থাকিব বুলিও সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল৷ কিন্তু দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই আলফাৰ শান্তি চুক্তিত ৬নং দফা কাৰ্যকৰীকৰণৰ কোনো প্ৰসংগই স্থান নাপাই বুলিহে জানিবলৈ দিছে৷ এনে প্ৰেক্ষাপটত আলফাৰে হ’ব লগা শান্তি চুক্তিত অসমে বা বিদ্ৰোহী সংগঠনটোৰে কি লাভ কৰিব চুক্তিৰ শেষতহে স্পষ্ট হ’ব৷ কিন্তু অসম আৰক্ষীৰ এনকাউণ্টাৰ বিতৰ্কৰ মাজতে চমক সৃষ্টি কৰি শান্তি চুক্তিত স্বাক্ষৰৰ বাবে চৰকাৰে কুচকাৱাজ আৰম্ভ কৰা বিষয়টোৰে বিশেষ তাৎপৰ্য বহন কৰিছে৷ অৱশ্যে স্বাধীন অসমৰ চৰ্তক বাদ দি আলোচনাপন্থী আলফাৰ হ’ব লগীয়া চুক্তিক পৰেশ বৰুৱাপন্থীয়ে কি দৰে গ্ৰহণ কৰিব সেয়াও সময়ত হ’ব লক্ষণীয়৷  ইফালে শান্তি চুক্তিৰ সন্দৰ্ভত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই  কয় যে খচৰা প্ৰস্তুকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে শীঘ্ৰে তেওঁ আৰn বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে আলোচনাত মিলিত হ’ব আৰু তাৰ পাছতেই চুক্তিৰ খচৰা সাজু হৈ উঠিব বুলি আশা কৰা হৈছে৷ অৱশ্যে গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কোন দিনা তেওঁলোক মিলিত হ’ব সেই সময়সূচী এতিয়াও নিশ্চিত কৰা হোৱা নাই বুলি চেতিয়াই জানিবলৈ দিয়ে৷  মন কৰিবলগীয়া যে, ইতিমধ্যে আলফাৰ ফালৰ পৰা ১১ টাতকৈয়ো অধিক দাবীৰ এক দাবী চনদ কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰা হৈছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত হ’ব বহু প্ৰত্যাখিত এই চুক্তিখন৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াবৰ্গ, অসম চৰকাৰৰ মুখ্য সচিব আৰু গৃহ বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ লগতে চুক্তিৰ সময়ত উপস্থিত থাকিব আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, বিত্ত সচিব চিত্ৰবন হাজৰিকা, বৈদেশিক সচিব শশধৰ চৌধুৰী, উপ-সেনাধ্যক্ষ ৰাজু বৰুৱা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী আৰু সাংস্কৃতিক সম্পাদিকা প্ৰণতি ডেকা৷ উপস্থিত থাকিব সংগঠনটোৰ কৰ্ম পৰিষদৰ দহজনীয়া  এটা দলো৷