Logo
image

ফেচবুকত মন্তব্য দি জে’ললৈ যুৱক হাহাকাৰ ৰুগীয়া পিতৃ-মাতৃৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৬ ডিচেম্বৰঃ আলফাৰ পক্ষত সামাজিক মাধ্যমত মন্তব্য দি আৰক্ষীৰ ৰোষত পৰিল ডিব্ৰুগড়ৰ এজন যুৱক৷ তেওঁৰ নাম সনাতন হাজৰিকা৷ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ ফেচবুক পোষ্টত আলফাৰ সমৰ্থনত মন্তব্য দি সনাতন গ্ৰেপ্তাৰ হোৱাৰ পাছত এতিয়া যুৱকজনৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতি৷ সনাতনৰ ৰুগীয়া পিতৃ-মাতৃয়ে চকুৰে ধোঁৱাকোৱা দেখিছে৷ উল্লেখ্য, নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ ফেচবুকৰ এটা ভিডিঅ’ত আলফাৰ (স্বা) সপক্ষত মন্তব্য কৰিছিলযুৱকজেন৷ ইয়াৰ পাছতে কালি নিশা জকাই হৰেঘাটৰ সনাতন হাজৰিকাক আৰক্ষীয়ে ঘৰৰ পৰা ধৰি আনি গ্ৰেপ্তাৰ কৰে৷ আদালতে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ সনাতন হাজৰিকাই শীৰ্ষ আৰক্ষী বিষয়াজনৰ ফেচবুক প’ষ্টৰ কমেণ্ট বক্সত লিখিছে– ‘এনেকৈ যদি মণিপুৰৰ লগত যুঁজি সিহঁতক আঁতৰাব পাৰিলে হয়, বেছি ভাল লাগিল হয়৷ অসম আৰক্ষী মাৰ, খেদা খাই পলাই আহিল৷ ময়ো আলফাবিৰোধী৷ কিন্তু তেওঁলোকে অসম, অসমীয়াৰ হকে মাত মাতি আহিছে৷ আলফা আছে কাৰণে অসমখন বাচি আছে৷ জয় আলফা স্বাধীন৷’ এই পোষ্টৰ পাছতে মাজনিশা শুই থকা অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰে সনাতন হাজৰিকাক৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী সনাতন হাজৰিকাক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পাছতেই ঘৰখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ পুত্ৰক এৰি দিবলৈ প্ৰশাসনৰ ওচৰত কাকূতি-মিনতি কৰিছে সনাতন হাজৰিকাৰ ৰুগীয়া পিতৃ-মাতৃয়ে৷ ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনাক লৈ কোনোধৰণৰ মন্তব্য দিয়া নাই যদিও ডিব্ৰুগড় সদৰ থানাত যুৱকজনক আবদ্ধ কৰি ৰখা হৈছে৷ উল্লেখ্য, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আলফাৰ [স্বা] সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য দিলেই কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছিল৷ একে সময়তে ডি এছ পি নৱ কুমাৰ বৰাইয়ো তেওঁৰ ফেচবুক পোষ্টত আলফাৰ (স্বা) সমৰ্থনত মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ ইংগিত দিছিল৷ শেহতীয়াকৈ অসম আৰক্ষীয়ে আলফাৰ (স্বা) বিৰুদ্ধে ব্যাপক অভিযান চলাইছে৷

জয়সাগৰ বিস্ফোৰণ সন্দৰ্ভত গুৱাহাটী-শিৱসাগৰত ধৃত দুই যুৱক

‘আমাৰ অসম’ৰ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ জয়সাগৰস্থিত চিআৰপিএফ কেম্পৰ সমীপত যোৱা ৯ ডিচেম্বৰত বিস্ফোৰিত হোৱা ৰহস্যজনক গ্ৰেনেডৰ অনুসন্ধানত শিৱসাগৰ আৰক্ষীয়ে শনিবাৰে পল্লৱজ্যোতি গগৈ নামৰ এজন আলফা লিংকমেনক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি শিৱসাগৰ আৰক্ষীয়ে এজন যুৱকক আটক কৰাৰ লগতে কামৰূপ মেট্ৰ’ আৰক্ষীয়ে আন এজন যুৱকক আটক কৰাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শনিবাৰে গ্ৰেপ্তাৰ কৰা পল্লৱজ্যোতি গগৈৰ লগত যোগাযোগ থকাৰ সন্দেহত আৰক্ষীয়ে দুয়োজন যুৱকক আটক কৰিছে বুলি জানিব পৰা গৈছে৷ আটক হোৱা যুৱক দুজন দীপু দুৱৰা আৰু আৰু দীপ লাহন বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ শিৱসাগৰ থানাৰ অন্তৰ্গত কোঁৱৰপুৰ বিক্ৰমপুৰ অঞ্চলৰ যুৱক দীপু দুৱৰাক শিৱসাগৰ আৰক্ষীয়ে যোৱা নিশা আটক কৰাৰ বিপৰীতে একে অঞ্চলৰ বাসিন্দা দীপ লাহনক গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে আটক কৰে৷ আলফাৰ ম্যানমাৰ কেম্পত থাকি অহা পল্লৱজ্যোতি গগৈৰ সৈতে এই দুয়োজন যুৱকৰ সম্পৰ্ক থকাৰ সন্দেহত আটক কৰাৰ কথা আৰক্ষীৰ তৰফৰ পৰা জানিব পৰা গৈছে৷ উল্লেখ্য, শনিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা পল্লৱজ্যোতি গগৈয়ে দেওবাৰে পুৱতি নিশা গেলেকী অঞ্চলৰ নিজান ঠাইত লুকাই ৰখা গুলীৰ সম্ভেদ দিবলৈ গৈ পলায়নৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ গুলীচালনাত আহত হয়৷ ২০১৯চনত আলফাৰ ম্যানমাৰ শিবিৰত এমাহ থাকি আহি অসম ৰাইফলছৰ হাতত গ্ৰেপ্তাৰ হোৱা পল্লৱজ্যোতিয়ে পৰৱৰ্তী সময়ত আলফাক তথ্য যোগান ধৰাৰ লগতে বিভিন্ন কূটাঘাতজনক সামগ্ৰী সৰৱৰাহত জড়িত হৈ আছিল বুলি আৰক্ষীয়ে জানিব দিছে৷ অৱশ্যে শিৱসাগৰ আৰক্ষীয়ে আটক কৰা দীপু দুৱৰাক প্ৰাথমিক জেৰাৰ পাছত শিৱসাগৰ আৰক্ষীয়ে মুকলি কৰি দিয়ে৷ কিন্তু হাতীগাঁও আৰক্ষীয়ে আটক কৰা দীপ লাহনৰ সন্দৰ্ভত কোনো তথ্য বাতৰি লিখা পৰলৈকে লাভ কৰা নাই৷ পল্লৱজ্যোতি গগৈৰ সৈতে থকা যোগাযোগ আৰু সঘন সম্পৰ্কই এই আটকৰ মূল কাৰণ৷ শিৱসাগৰ আৰক্ষীৰ দাবী যে পল্লৱজ্যোতি গগৈৰ গ্ৰেপ্তাৰে শিৱসাগৰ জিলাৰ লগতে চৰাইদেউ জিলাত হ’ব পৰা গুৰুতৰ কূটাঘাত ৰোধ কৰিব পৰা গ’ল৷ যাৰ বাবে পল্লৱজ্যোতি গগৈৰ সৈতে সঘন সম্পৰ্ক থকা লোকসকলক আৰক্ষীয়ে সুৰক্ষাজনিত কাৰণত সোধা-পোছা কৰা হৈছে বুলিও সদিৰ কৰে৷ আনহাতে, পল্লৱজ্যোতি গগৈৰ গ্ৰেপ্তাৰ আৰু গুলীচালনাক যিদৰে এচাম লোকে সমালোচনা কৰিছে সেইদৰে দীপ লাহন আৰু দীপু দুৱৰাক আটক কৰাক লৈ একাংশই তীব্ৰ সমালোচনা কৰিছে৷ দীপ আৰু দীপুৰ আলফাৰ সৈতে দূৰ-দূৰণিলৈ সম্পৰ্ক নাই বুলি একাংশ লোকে দাবী কৰি এয়া জয়সাগৰৰ গ্ৰেনেড বিষ্ফোৰণক প্ৰমাণিত কৰাৰ মিছা প্ৰয়াস বুলিও সমালোচনা কৰিছে৷