Logo
image

মাটিৰ দালালৰ কথা সোধোঁতেই খং উঠিল মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ডিচেম্বৰঃ ‘মাটিৰ দালাল, মাটিৰ দালালেই৷ ইয়াত বিজেপি, কংগ্ৰেছ বুলি একো কথা নাই৷’ –এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ মাটিৰ দালালিৰ অভিযোগ উঠা এজন বিজেপি নেতা পলাতক হৈ থকা বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দি খঙাল সুৰতেই সোমবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–‘মোক মধু ডেকাৰ কথা কিয় সুধিছে৷ মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদাৰ কথা নাজানি আপোনালোকে মোক এনে প্ৰশ্ন কৰিছে৷ মই বহুত বাৰ  কৈছো মোক ৰাহুল গান্ধীৰ কথা সোধক, মল্লিকাৰ্জুন খৰ্গেৰ কথা সোধক৷ জৰ্জ বুশ্বৰ্ৰ কথা সোধক৷  অসমৰ গাঁৱৰ কথা, দলঙৰ কথা সোধক৷ সাংবাদিকৰ মাজত গণ্ডগোল কৰা মানুহ ওলালে মই মাইকটো ওলোটাই সুধিব লাগিব নেকি৷ কোনোবা সাংবাদিকে বেয়া কাম কৰিলে আপোনালোকে দায়িত্ব ল’ব নেকি৷ এপিএছচিৰ কেলেংকাৰিত কিমান সাংবাদিকৰ নাম সঙোৰ খাই আছে৷ মই কেতিয়াবা মাইক ওলোটাই সুধিছো নেকি৷ বিজেপি বুলি ক’লেই চব মাফ হৈ যাব নেকি৷ গুৱাহাটীতে বহুতে মাটি ঘূৰাই পাইছে৷ বহুত দালালে মাটি এৰি  গুছিয়েই গৈছে৷ কাৰোবাৰ যদি কিবা জেনুইন সমস্যা আছে কমিচনাৰ পুলিচক দিলেই হ’ল৷ ইয়াত বিজেপি, কংগ্ৰেছ বুলি কোনো কথা নাহে৷’ উল্লেখ্য, যোৱা বিধানসভাৰ নিৰ্বাচনত মধু ডেকা বিজেপিৰ কলাইগাঁও সমষ্টিৰ প্ৰাৰ্থী আছিল৷