Logo
image

মিলিটেৰী ডায়েটঃ তিনি দিনতে কমিব শৰীৰৰ ওজন

আমাৰ অসম বিশেষঃ আপুনি কমাব বিচাৰিছে নেকি ওজন? কিন্তু কেনেকৈ কমাব? শৰীৰৰ ওজন কমাবলৈ আটাইতকৈ সহজ উপায়টো হৈছে ‘মিলিটেৰী ডায়েট’৷ এই ডায়েটৰ ক্ষেত্ৰত একেৰাহে তিনিদিন ডায়েট প্লেন মানি চলিব লাগিব৷ সঠিকভাৱে সকলো নীতি-নিয়ম মানি চলিলে হাততে ফল পাই যাব পাৰে৷

মিলিটেৰী ডায়েট আচলতে কি? 

মিলিটেৰী ডায়েট কৰি আপুনি মাত্ৰ তিনি দিনতে কমাব পাৰে শৰীৰৰ ওজন৷ এই ডায়েট প্লেন মানি চলিলে এসপ্তাহত প্ৰায় চাৰে চাৰি কেজি ওজন কমাব পাৰে৷ এই ডায়েট কৰিবলৈ বিচাৰিলে বিশেষ একো খৰচো কৰিবলগীয়া নহয়৷ অত্যন্ত দামী খাদ্য বা ফল-মূল নাথাকে এই ডায়েট প্লেনত৷ এই ডায়েট প্লেনৰ নামে হৈছে ‘মিলিটেৰী’৷ অৰ্থাৎ এটা কথা স্পষ্ট যে এই ডায়েটৰ সৈতে সম্পূৰ্ণভাৱে জড়িত আছে সেনাবাহিনী৷ মূলত নিউট্ৰিশ্বনিষ্টসকলে সেনা জোৱানসকলৰ সঠিক ওজন বজাই ৰখাৰ বাবে এই ডায়েট প্লেন মানি চলাৰ পৰামৰ্শ দি থাকে৷ খুব কম সময়ত অতিৰিক্ত মেদ আঁতৰাই সঠিক ওজন আৰু শ্লিম হ’ব পাৰি এই ডায়েটৰ সহায়ত৷ ইয়াক বহুতে ‘আইছক্ৰিম ডায়েট’ বুলি কয়৷ 

কেনেকৈ কি কৰিব?

তিনিদিন ধৰি এই ডায়েট প্লেন মানি চলিব লাগিব৷ এসপ্তাহ হৈ গ’লে পুনৰ নতুন সপ্তাহত নতুনকৈ আৰম্ভ কৰিব পাৰে মিলিটেৰী ডায়েট৷ এই ডায়েটৰ ফলত শৰীৰত যাতে কমকৈ কেলৰি প্ৰৱেশ কৰে তাৰ প্ৰতি নজৰ দিব লাগিব৷ 

◾মিলিটেৰী ডায়েট মানি চলাৰ সময়ত প্ৰচুৰ পৰিমাণে পানী খাব লাগিব৷ 

◾সম্পূৰ্ণ এৰি চলিব লাগিব হেল্‌থ ড্ৰিংকছ আৰু ফলৰ ৰস৷ চেনীৰ পৰিমান একেবাৰে কমাব লাগিব৷ 

◾ফেট আৰু কাৰ্বহাইড্ৰেটৰ পৰিমাণ কমাই প্ৰ’টিন আৰু পাচলি খোৱাৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব৷ 

◾নিউট্ৰিশ্বনিষ্টৰ পৰামৰ্শ এৰাই চলি মিলিটেৰী ডায়েট কৰিলে হিতে বিপৰীতে হোৱাৰ আশংকা বেছি৷ 

◾একেৰাহে বেছি দিন এই ডায়েট চলিলে শৰীৰত বিভিন্ন উপদানৰ ঘাটি হ’ব পাৰে৷ যাৰ ফলত শৰীৰত বিভিন্ন ৰোগে দেখা দিব পাৰে আৰু অসুস্থ হ’ব পাৰে৷ পুষ্টিহীনতাই দেখা দিব পাৰে৷ ওজন হয়তো কমিব, কিন্তু তাৰ লগে লগে অন্য সমস্যাই দেখা দিব পাৰে৷