Logo
image

বহ্বাৰম্ভে লঘুক্ৰিয়া, আলফাৰ বেলিমাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন আৰু  নতুন দিল্লীৰ প্ৰতিনিধি,  ৩০ ডিচেম্বৰঃ স্বাধীন, সাৰ্বভৌম অসমৰ দাবী দূৰ অতীতত এৰি, সামান্য অৰ্থনৈতিক পেকেজ আৰু চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতিত মান্তি হৈ অসমৰ সৰ্ববৃহৎ সশস্ত্ৰ সংগঠন আলফাৰ আলোচনাপন্থী গোটে শুকুৰবাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰি ৪৪ বছৰজোৰা ৰক্তক্ষয়ী সংগ্ৰামৰ ইতি পেলালে৷ উদিত সূৰ্যৰ প্ৰতীক লৈ ১৯৭৯ চনৰ ব’হাগ বিহুৰ এসপ্তাহ   পূৰ্বে আহোমৰ ৰাজধানীৰ ঐতিহাসিক ৰংঘৰত জন্মলাভ কৰা আলফাৰ বেলিমাৰ গ’ল দেশৰ ৰাজধানী নতুন দিল্লীত বৰ্ষশেষৰ বিয়লিত৷ চৰকাৰৰ আহ৩ানত সময়ে সময়ে আত্মসমৰ্পন কৰা, দেশে-বিদেশে গ্ৰেপ্তাৰ হৈ অধুনাবিলুপ্ত টাডাৰ গোচৰত জামিনত থকা আৰু বাংলাদেশৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ ভাৰতীয় সেনাৰ কব্জালৈ অহা আলফাৰ এসময়ৰ শীৰ্ষস্থানীয় নেতাৰ সৈতে শুকুৰবাৰে হোৱা শান্তি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আলফাৰ আলোচনাপন্থী গোটৰ ১৬ জন নেতা৷ এই শান্তি চুক্তিক ঐতিহাসিক বুলি আখ্যা দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক’লে–‘আজি অসমৰ ভৱিষ্যতৰ বাবে এটা উজ্জ্বল দিনৰ আৰম্ভণি হোৱাটো মোৰ বাবে অত্যন্ত সুখৰ বিষয়৷ দীৰ্ঘদিন ধৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চল হত্যা-হিংসাৰ বলি হৈ আহিছিল৷ আজি আলফাই শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে সামগ্ৰিকভাৱে উত্তৰ-পূব আৰু বিশেষকৈ অসমলৈ শান্তিৰ নতুন যুগৰ আগমন ঘটিল৷’ 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলফাৰ আলোচনাপন্থী গোটে এখন সাধাৰণ শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ সময়তো কিন্তু সশস্ত্ৰ বিদ্ৰোহৰ অংগীকাৰ আৰু স্বাধীন, সাৰ্বভৌম অসমৰ দাবীত অবিচল হৈ চৰকাৰে ঢুকি পোৱাৰ পৰা দূৰত্বত ৰৈ গৈছে আলফা স্বাধীনক নেতৃত্ব দি থকা পৰেশ বৰুৱা৷ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপে যিদৰে লাহে লাহে শক্তি সঞ্চয় কৰি ভয়ানক চাইক্লনৰ ৰূপ ধৰে, সেইদৰে বিগত ১২টা বছৰে ম্যানমাৰ আৰু চীনত ঘাটি পাতি পৰেশ বৰুৱাই অৰণ্য আৰু পাহাৰৰ টিঙত শক্তি বৃদ্ধি কৰি আছে আলফা স্বাধীনৰ৷ সম্প্ৰতি ম্যানমাৰৰ জুণ্টা চৰকাৰৰ বিৰুদ্ধে দেশখনৰ সকলো সশস্ত্ৰ সংগঠনে একগোট হৈ যুদ্ধ কৰি ম্যানমাৰৰ সেনাবাহিনীক ইখনৰ পাছত যিখন যুদ্ধত পৰাভূত কৰাৰ সময়ত, সেই অঞ্চলতে খোপনি পুতি থকা পৰেশ বৰুৱা অতিসম্প্ৰতি সুবিধাজনক স্থিতিত আছে৷ এনে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে আলফাৰ সৈতে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হোৱা স্বত্বেও পৰেশ বৰুৱা আৰু আলফা স্বাধীনৰ শক্তিক কেন্দ্ৰ বা ৰাজ্য এখন চৰকাৰেও উপেক্ষা কৰিব নোৱাৰে৷ আনহাতে আত্মসমৰ্পন, গ্ৰেপ্তাৰ আৰু জামিনত থাকি, সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰাৰ এযুগৰ পাছত আলোচনাপন্থী আলফাই চৰকাৰৰ পৰা ইয়াতকৈ আৰু কি অধিক দাবী কৰিব পাৰে? চুক্তিৰ পূৰ্বে সেই কথা সাধাৰণ সম্পাদক অনুপ চেতিয়াই নিজেই স্বীকাৰ কৰিছে৷ তেওঁ কৈছে–‘হাতত ১৩টা বন্দুক লৈ আমি ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰিছো৷ সেয়ে একো নোপোৱাতকৈ কিছু পোৱা বুলি সান্তনা লাভ কৰিছো৷’ ৪৪ বছৰৰ সশস্ত্ৰ সংগ্ৰামৰ অন্তত স্বাধীন অসমৰ সপোন দেখুওৱা আৰু তথাকথিত স্বাধীনতাৰ যুঁজত ১২ হাজাৰৰো অধিক অসমীয়া যুৱকে প্ৰাণ বলি দিয়াৰ পাছত আলফাৰ সাধাৰণ সম্পাদকৰ এই স্বীকাৰোক্তি অতি অসহায় আৰু ৰাজ্যখনৰ বাবে অভাৱনীয় ক্ষতিকাৰক যেন হৈ পৰিছে৷ অথচ প্ৰায় একে সময়তে সশস্ত্ৰ সংগ্ৰাম কৰা বড়ো বিদ্ৰোহীয়ে এক দশক পূৰ্বেই কেন্দ্ৰৰ পৰা বলেৰে আদায় কৰি লৈছিল স্বায়ত্তশাসন, ভাষাৰ সাংবিধানিক স্বীকৃতি, ষষ্ঠ অনুসূচীৰ মৰ্যাদাকে ধৰি সন্মানীয় প্ৰাপ্য৷ ইয়াৰ তুলনাত আলফাৰ প্ৰাপ্তি তেনেই পুতৌ লগা বা নিশকতীয়া মাথোঁ৷ স্বাধীন অসম, সাৰ্বভৌম ৰাষ্ট্ৰৰ পৰা অৰ্থনৈতিক পেকেজলৈ পৰ্যবসিত আলফাৰ দাবী অৱশ্যেই বহ্বাৰম্ভে লঘূক্ৰিয়া৷ 

দুকুৰি বছৰীয়া সংগ্ৰামৰ অন্তত আজি আলফা নেতৃত্বই  ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰ কৰা চুক্তিত আচলতে পালে কি সেই প্ৰশ্নৰ উত্তৰ ৰাজ্যবাসীৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে৷ আলফা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত এই ঐতিহাসিক ত্ৰিপাক্ষিক চুক্তি অনুসৰি অলপতে হৈ যোৱা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক সমুখত ৰাখি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দিহা প্ৰদান কৰা হৈছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ১২৬খন আসন বিশিষ্ট অসম বিধানসভাত যিদৰে অলিখিতভাবে থলুৱা জাতি-জনগোষ্ঠীৰ বাবে ৯৪খন আসন সংৰক্ষিত কৰা হৈছে, ভৱিষ্যতেও সেই দৰে থলগিৰি, জাতি-জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰা হ’ব৷ চুক্তি অনুসৰি, জনসংখ্যাৰ ঘনত্ব, ভৌগোলিক অৱস্থান আদি যিবোৰ পদ্ধতি তথা প্ৰণালী অনুসৰণ কৰি চলিত বছৰত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে পৰৱৰ্তী পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াও উক্ত প্ৰণালী অনুসৰণ কৰি সম্পন্ন কৰা হ’ব৷ আলফা নেতৃত্বৰ মতে, এই চুক্তিয়ে অসমৰ থলুৱা জাতি-জনগোষ্ঠীক আগন্তুক ৬০ বছৰৰ বাবে সাংবিধানিক তথা ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰিব৷ উল্লেখ্য যে আজিৰ ত্ৰিপাক্ষিক চুক্তিখনত কেন্দ্ৰীয় চৰকাৰৰ হৈ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ বিভাগৰ অতিৰিক্ত সচিব পীয়ুছ গোৱেল, অসম চৰকাৰৰ হৈ অতিৰিক্ত মুখ্য সচিব [গৃহ] ৰবি কোটা আৰু আলফাৰ হৈ দলৰ সংগঠনৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়াই স্বাক্ষৰ কৰে৷ ইপিনে চুক্তিত থকা আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে অসমৰ আন্তঃগাঁথনি তথা উন্নয়নমূলক প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে ১.৮০ লাখ কোটি টকা ব্যয় কৰিব৷ ইয়াৰ ভিতৰত অহা পাঁচ বছৰত ৬০খন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ব্যয় কৰা হ’ব ১ লাখ কোটি টকা৷ আনহাতে উন্নয়নমূলক প্ৰকল্পত ব্যয় কৰা হ’ব ৫০ৰ পৰা ৮০ হাজাৰ কোটি টকা৷ তদুপৰি আগন্তুক পাঁচ বছৰৰ বাবে ৫,০০০ কোটি টকাৰ এক বিশেষ উন্নয়নমূলক পেকেজৰ কথা সন্নিবিষ্ট কৰা হৈছে চুক্তিখনত৷ চুক্তিৰ দফা অনুসৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতি বছৰ ৫০০ কোটি টকাকৈ ব্যয় কৰিবলগীয়া পুঁজিৰ জৰিয়তে অসমত এখন ‘ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট [গুৱাহাটী]’, ‘স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেকচাৰ’, ‘ইণ্ডিয়ান ইনষ্টিটিউটছ অফ ছায়েন্স এডুকেচন এণ্ড ৰিছাৰ্চ’ আৰু ৰে’লৰ সা-সামগ্ৰী প্ৰস্তুতকাৰী কাৰখানাকে ধৰি প্ৰায় তিনি ডজন প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব৷ চুক্তি মতে ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিবলৈ ভোটাৰ তালিকাত যাতে বিদেশী কিম্বা অবৈধ প্ৰব্ৰজনকাৰীৰ নাম সোমাই নাযায় তাৰ বাবে কঠোৰ ব্যৱস্থা থাকিব৷ পৌৰসভা, নগৰ নিগম আৰু পঞ্চায়তত অন্যান্য পিছপৰা জাতিৰ সংৰক্ষণৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে এখন কমিটী গঠন কৰা হ’ব৷ একেদৰে কৰ্মসংস্থাপন তথা শিক্ষানুষ্ঠানসমূহত অৰ্থনৈতিক সংৰক্ষণৰ বাবে অন্যান্য পিছ পৰা জাতিৰ উপ-শ্ৰেণীবিভাজন কৰাৰ বাবেও আন এখন কমিটী গঠন কৰা হ’ব৷ চুক্তি অনুসৰি খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ ক্ষেত্ৰত উচ্ছতম ন্যায়ালয়ে যি নিৰ্দেশ প্ৰদান কৰিব সেয়া চৰকাৰে ৰূপায়ণ কৰিব৷ লগতে অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে সীমান্তৰ সুৰক্ষাত সীমান্ত আৰক্ষীক অধিক শক্তিশালী কৰা হ’ব সুৰক্ষা ব্যৱস্থাৰ দ্বিতীয় বেহু হিচাপে৷ লক্ষণীয়ভাবে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসমত ভূমিৰ নথি ‘ডিজিটেলাইজ’ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে৷ ভূমিৰ মালিকানা সুনিশ্চিত কৰাৰ বাবে বিধানসভাত আইন প্ৰণয়ন কৰা হ’ব, কৃষিভূমি সুৰক্ষিত কৰা হ’ব৷ আনহাতে বনভূমি তথা চৰকাৰী ভূমিৰ বেদখলৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰা হ’ব৷ চুক্তিত থকা আন এটা তাৎপৰ্যপূৰ্ণ বিষয় হৈছে ৰাজ্যৰ বেদখলমুক্ত ভূমিক সামৰি এটা ‘লেণ্ড বেংক’ স্থাপন কৰা হ’ব, য’ৰ পৰা ভূমিহীন খিলঞ্জীয়া লোকক ভূমি প্ৰদান কৰা হ’ব৷ ইপিনে ৰাজ্যৰ মৃতপ্ৰায় চাহ বাগিচাসমূহৰ সমস্যা অধ্যয়ন কৰি কেনেদৰে বাগিচাবোৰ পুনৰুজ্জীৱিত কৰিব পাৰি তাৰ বাবে এখন কমিটী গঠন কৰা হ’ব বুলি চুক্তিখনত লিপিবদ্ধ কৰা হৈছে৷ আনহাতে চুক্তিত প্ৰাক-স্বাধীন ভাৰতৰ অসমত থকা সাতখন জিলাত জাতীয় পৰিচিতি, সংস্কৃতি, ঐতিহ্য, শিল্প কলা আদিকলৈ অধ্যয়নৰ বাবে এখনকৈ ‘কালচাৰেল একাডেমী এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ স্থাপনৰ কথা সন্নিৱিষ্ট কৰা হৈছে৷ চুক্তিত থকা আন এটা তাৎপৰ্যপূৰ্ণ বিষয় হৈছে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ‘ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ’ প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে৷ উল্লেখ্য যে আলফাই বিচৰা মতে, ৰাজ্যৰ শৈক্ষিক, ৰে’ল, বান আৰু গৰাখহনীয়া, উদ্যোগ, পৰ্যটন, ক্ৰীড়া, কৃষি, এক্ট  ইষ্ট পলিচি, দক্ষতা বিকাশ, জৈৱ ইন্ধন ক্ষেত্ৰ, জলাশয় উন্নয়ন, ৰাস্তা আৰু দলং আদি সৰ্বাংগীণ উন্নয়নৰ কথা চুক্তিখনত বিশেষভাবে উল্লেখ কৰা হৈছে৷  চুক্তিৰ শেষ দফাত চুক্তি ৰূপায়ণৰ বাবে এখন যুটীয়া নিৰীক্ষণ কমিটি গঠন কৰা হ’ব বুলি কোৱা হৈছে, য’ত আলফাৰ পৰা দুজন নেতাক সামৰি লোৱা হ’ব৷