ইউৰিক এচিডে অক্ষম কৰিব পাৰে শৰীৰ ! আহাৰত এইখিনি ৰাখিবই
আমাৰ অসম বিশেষঃ আজিকালি প্ৰায় সংখ্যক লোকেই ইউৰিক এচিডৰ সমস্যাত ভোগে৷ যিকোনো বয়সৰ লোকেই ইউৰিক এচিডৰ সমস্যাত ভুগিব পাৰে৷ ইউৰিক এচিডে অক্ষম কৰি তুলিব পাৰে আপোনাৰ শৰীৰ৷ কাৰণ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালেই বিভিন্ন পৰ্যায়ৰ বিষৰ সৃষ্টি হোৱাৰ লগতে একাধিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ সময়ৰ লগে লগে মানুহৰ শৰীৰৰ অস্থিসন্ধিত ইউৰিক এচিড জমা হৈ থাকে আৰু ইয়াৰ ফলত শৰীৰৰ সংশ্লিষ্ট স্থানবোৰ ফুলি উঠে আৰু বিষ আৰম্ভ হয়৷ বহু বছৰ আগতে ইউৰিক এচিড বৃদ্ধি পালে খোৱা-লোৱাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ কিন্তু এতিয়া নিৰ্দিষ্ট কিছু খাদ্যৰ বাহিৰে সকলো খাদ্যই খাব পাৰে ইউৰিক এচিডত আক্ৰান্ত লোকে৷ বিশেষজ্ঞসকলে শেহতীয়াকৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি এই কথা সদৰী কৰিছে৷
ইউৰিক এচিড বাঢ়িলে কি কৰিব, পৰিত্ৰাণৰ উপায় কি?
◾ইউৰিক এচিড বাঢ়িলে পৰ্যাপ্ত পৰিমাণে পানী খোৱা উচিত৷ প্ৰতিদিনে কমেও চাৰে তিনি লিটাৰৰ পৰা চাৰি লিটাৰ পৰ্যন্ত পানী খালে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কমি যায়৷
◾যিয়ে প্ৰচুৰ পৰিমাণে মাছ-মাংস খায় তেওঁলোকৰ শৰীৰত ইউৰিক এচিড বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছি থাকে৷ সুৰাপান আৰু কাৰ্বনেটেড কোলা জাতীয় ঠাণ্ডা পানীয় নিয়মিত খালেও ইউৰিক এচিড বৃদ্ধি পাব পাৰে৷
◾স্বাভাৱিকতকৈ বেছি ওজন হ’লেও ইউৰিক এচিড বৃদ্ধিৰ সম্ভাৱনা থাকে৷ ইয়াৰউপৰি ত্ৰিশৰ পৰা পঞ্চাশ বছৰ বয়সীয়া পুৰুষসকলৰ মাজত ইউৰিক এচিড বৃদ্ধিৰ সম্ভাৱনা বহু বেছি৷
◾প্ৰতিদিনৰ ডায়েটত ফেট্ ফ্ৰী গাখীৰ ৰাখক৷ প্ৰচুৰ পৰিমাণে ফল-মূল আৰু পাচলি খাওক৷ ভাতৰ উপৰি ৰুটী আৰু আলু খাব পাৰে৷
◾অনিয়ন্ত্ৰিত ৰক্তচাপ, ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যা আৰু কিডনীৰ অসুখ থাকিলে ইউৰিক এচিড বৃদ্ধি পাব পাৰে৷
◾চাহৰ সলনি কফি খোৱাৰ অভ্যাস কৰক৷ পাৰিলে ব্লেক কফি খাওক৷ প্ৰতিদিনে তিনিৰ পৰা চাৰি কাপ ব্লেক কফি খালে শৰীৰৰ ভালে থাকে৷ আনকি ইয়াকে লৈ যাতে কিডনীৰ সমস্যাৰ নহয়, তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত৷
◾প্ৰতিদিনৰ খাদ্য তালিকাত ভিটামিন চি ৰাখক৷ নিয়মিত নেমু বা ভিটামিন চি যুক্ত ফল খাওক৷ ভিটামিন চিয়ে ইউৰিক এচিড নিয়ন্ত্ৰণত ভালকৈ কাম কৰে৷
◾ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত শাৰীৰিক সমস্যাই দেখা দিলে তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷