Logo
image

কৰণৰ ছবিৰ প্ৰস্তাৱ কিয় নাকচ কৰিছিল শৰ্মিলাই

শৰ্মিলা ঠাকুৰ৷ বিগত কেইবাটাও দশকজুৰি বিনোদন জগতক মোহাচ্ছন্ন কৰি ৰাখিছিল এইগৰাকী জীৱন্ত কিংবদন্তী স্বৰূপ অভিনেত্ৰীয়ে৷ সত্তৰ দশকত ৰূপালী পৰ্দাত অভিনয়েৰে খলকনি তোলা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম শৰ্মিলা ঠাকুৰ৷ ‘কফি উইথ কৰণ’-ৰ অষ্টম ছিজনৰ শেহতীয়া খণ্ডত পুত্ৰ ছেঈফ আলী খানৰ সৈতে অতিথি হিচাপে উপস্থিত আছিল শৰ্মিলা ঠাকুৰ৷ শৰ্মিলাই বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আহিছে৷ বলীউডৰ ভিতৰ চ’ৰাৰ সূত্ৰমতে অভিনেত্ৰীগৰাকী কৰ্কট ৰোগত আক্ৰান্ত৷ ঘূণাক্ষৰেও এই কথা পৰিয়ালৰ বাহিৰে আনে জনা নাছিল৷ এইবাৰ নিজমুখে নিজৰ ৰোগটোৰ কথা সদৰী কৰে বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে৷ সৰু পৰ্দাৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’টোত পুত্ৰ ছেঈফৰ সৈতে উপস্থিত থাকি প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে পৰিচালক কৰণ জোহৰৰ সন্মুখত ৰাজহুৱা কৰে নিজৰ জটিল ৰোগটোৰ কথা৷  এই জটিল ৰোগৰ বাবেই এদিন কৰণ জোহৰৰ ছবিত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰিছিল শৰ্মিলাই৷ উল্লেখ্য, কৰণ জোহৰৰ ‘ৰকী অউৰ ৰাণী কি প্ৰেম কহানি’ ছবিত অভিনয় কৰাৰ কথা আছিল শৰ্মিলা ঠাকুৰে৷ শ্বাৱনা আজমীৰ পূৰ্বে যামিনীৰ চৰিত্ৰটোত শৰ্মিলা ঠাকুৰক অভিনয়ৰ বাবে কৰণ জোহৰে প্ৰস্তাৱ দিছিল৷ শাৰীৰিক অসুস্থতাৰ বাবে কৰণৰ প্ৰস্তাৱ নাকচ কৰিছিল শৰ্মিলাই৷ অনুষ্ঠানটোত বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে স্মৃতিচাৰণ কৰি কৈছিল যে অভিনেত্ৰী অমৃতা সিঙৰ সৈতে পুত্ৰ ছেঈফৰ বিয়াত তেওঁৰ সন্মতি নাছিল৷ এই বিবাহৰ কথা জানি তেওঁ কষ্ট পাইছিল৷ কাৰণ সেই সময়ত ১৯৯১ চনত অমৃতাৰ বয়স আছিল ৩৩ আৰু  ছেঈফৰ বয়স আছিল মাত্ৰ ২১ বছৰ৷ ২০০৪ চনত ছেঈফ-অমৃতাৰ বিবাহ বিচ্ছেদ হয় আৰু ২০১২ চনত ছেঈফে অভিনেত্ৰী কৰীনা কাপুৰক বিয়া কৰায়৷ উল্লেখ্য, শৰ্মিলা ঠাকুৰৰ জীৱন কাহিনীও অতি ৰোমাঞ্চকৰ৷ ১৯৬৬-৬৭ চন৷ জনপ্ৰিয় ক্ৰিকেটাৰ আৰু জনপ্ৰিয় অভিনেত্ৰীৰ মাজত প্ৰেম-সম্পৰ্কৰ আৰম্ভণি৷ ভাৰতীয় ক্ৰিকেট দলৰ তদানীন্তন অধিনায়ক মনচুৰ আলী খান পাটাউদি আৰু সেই সময়ৰ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ প্ৰেমে সংবাদ মাধ্যমত তোলপাৰ লগাইছিল৷ ক্ৰিকেটাৰ আৰু বোলছবি নায়িকাৰ প্ৰেম ৰোমাঞ্চকৰ যুটীয়ে ক্ৰিকেট ইতিহাসত এক নতুন অধ্যায়ৰ সৃষ্টি কৰিছিল৷ দুয়োৰে মধুৰ সম্পৰ্কই এদিন বিবাহৰ মুখ দেখিলে৷ নবাব মনচুৰ-শৰ্মিলাৰ প্ৰেম পৰ্বৰ পাছত ক্ৰিকেট গ্লেমাৰ আৰু বলীউডৰ গ্লেমাৰৰ মাজত প্ৰেম-প্ৰণয় হোৱাটো এক পৰম্পৰা হৈ পৰিছিল৷