Logo
image

জ্যোতি চিত্ৰবনৰ বিশাল ছেটত শ্বুটিং ‘বীৰাংগণা সাধনী’ৰ

দক্ষ পৰিচালক বিশ্বজিৎ বৰা পৰিচালিত নতুন অসমীয়া ছবি ‘বীৰাংগনা সাধনী’ৰ বৰ্তমান জ্যোতি চিত্ৰবনত কেইবাটাও সুবিশাল ছেটত দৃশ্যগ্ৰহণ চলি আছে৷ ৮০ ফুট দীঘল আৰু ৪৫ ফুট বহল এক আড়ম্বৰপূৰ্ণ বিশাল ছেটত চলিছে ছবিখনৰ দৃশ্যগ্ৰহণ৷ এনেধৰণৰ বিশাল ছেট অসমীয়া ছবিত ইয়াৰ পূৰ্বে তৈয়াৰ হোৱা নাছিল৷ এই বিশাল ছেটটো নিৰ্মাণ কৰিছে দক্ষ কলা নিৰ্দেশক নুৰুদ্দিন আহমেদে৷ ইতিমধ্যে ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা লাভ কৰা পৰিচালক বিশ্বজিৎ বৰাৰ এই ছবিখনৰ শিল্পীসকলৰ উপৰি কাৰিকৰী দিশৰ সৈতে জড়িত হৈ থকা এক বিশাল ইউনিটৰ সদস্যসকলে অতি নিষ্ঠাৰে নিজ নিজ বিভাগত অত্যন্ত ব্যস্ত হৈ থকা দেখি অভিভূত হৈ পৰিলো৷ পৰিচালক বিশ্বজিৎ বৰাই জনালে যে প্ৰতিটো বিভাগতেই মুম্বাই, হায়দৰাবাদ আদিৰ সুদক্ষ কাৰিকৰী লোক ছবিখনৰ সৈতে জড়িত হৈ আছে৷ ‘বাহুৱলী’ ছবিখনৰ কাৰিকৰী দিশৰ সৈতে জড়িত হৈ থকা এগৰাকী কুশলীকো লগ পালো দৃশ্যগ্ৰহণস্থলীত৷ প্ৰতিদিনে প্ৰায় ডেৰশ-দুশ লোকে ছবিখনত কাম কৰি আছে৷ ছবিখনৰ লগত জড়িত কলা-কুশলীসকল অসমৰে যদিও বহুতো কলা-কুশলী হায়দৰাবাদৰ পৰা আহিছে৷ ছবিখনত তপন দাস, ভবেশ বৰুৱা, মলয়া গোস্বামী, মৃদুল চুতীয়া, অৰুণ হাজৰিকা, হিমাংশু প্ৰসাদ দাস, প্ৰণামী বৰা, চন্দনা শৰ্মা, ৰাজীৱ ক্ৰ’কে ধৰি বহু জনপ্ৰিয় অভিনেতা- অভিনেত্ৰীয়ে অভিনয় কৰিছে৷ ছবিখনৰ চুতীয়া ৰজা নীতিপালৰ চৰিত্ৰত অভিনয় কৰিছে মণিপুৰৰ লোকানন্দই৷ তেওঁ বৰ্তমান ফিলিপিনছৰ  বাসিন্দা৷ জ্যোতি চিত্ৰবনৰ আটকধুনীয়া ছেটত বহু শিল্পীক চৰিত্ৰানুযায়ী বেশভূষাৰ সৈতে দেখা পালো৷ ১২ জানুৱাৰীলৈকে এই বিশাল ছেটত চিত্ৰগ্ৰহণ হ’ব৷ ছবিখনৰ অনলাইন প্ৰডিউছাৰ তথা প্ৰডাকছনৰ কাম-কাজত বিশেষভাৱে জড়িত থকা অসীম শইকীয়াই আমাক জনোৱা মতে ‘বীৰাংগনা সাধনী’ৰ অতি গুৰুত্বপূৰ্ণ যুদ্ধখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব পানীখাইতিৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত৷ ‘বীৰাংগনা সাধনী’ৰ ছেটত পৰিলক্ষিত হ’ল অসমত পোন প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছে এনে ধৰণৰ ছেট৷ ইতিমধ্যে জ্যোতি চিত্ৰবনৰ এই বিশাল ছেট পৰিদৰ্শন কৰি গৈছেহি বলীউডৰ বিখ্যাত চিত্ৰনিৰ্মাতা প্ৰকাশ ঝা, বিশিষ্ট চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, দক্ষ অভিনেতা আদিল হুছেইনকে ধৰি একাংশ স্বনামধন্য ব্যক্তিয়ে৷ ছবিখনৰ মুুখ্য সহকাৰী হিচাপে আছে প্ৰণাম দেশাই৷ ডি অ’ পি ঈশ্বৰ৷ মেকআপত আছে আকাশ৷ কষ্টিউম লোপামুদ্ৰা গগৈৰ৷ ভি এফ এক্স অভিষেক জাংগিৰ৷ ষ্টীল ফটো পল্লৱ মহন্তৰ৷ ছবিখনৰ কিছু শ্বুটিং শদিয়া, চন্দনগিৰি পৰ্বতকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত চলিব বুলি জানিব পৰা গৈছে৷