Logo
image

শংকৰদেৱ কলাক্ষেত্ৰত পঞ্চসুৰৰ ‘মহাৰথী’

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অসমৰ অগ্ৰণী সংস্কৃতি তথা নাট্যগোষ্ঠী পঞ্চসুৰৰ নৱতম প্ৰযোজনা ‘মহাৰথী’ সপ্তম পঞ্চকলা উৎসৱত ২৩ ডিচেম্বৰত কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সফলতাৰে মঞ্চস্থ কৰা হয়৷ ৰশ্মিৰেখা শইকীয়া আৰু প্ৰবীণ কুমাৰ শইকীয়াই মহাভাৰতৰ সৰ্বজন আদৰণীয় চৰিত্ৰ কৰ্ণৰ ওপৰত এক পৰীক্ষামূলক বিশ্লেষণেৰে নাটখন ৰচনা কৰে৷ সুতপুত্ৰ বুলি পদে পদে পাই অহা লাঞ্চনা, গঞ্জনাৰ বেথাৰে ভাৰাক্ৰান্ত কৰ্ণই কিদৰে নিজকে এজন বীৰ বা ৰথীৰ পৰা মহাৰথীলৈ উত্তৰণ ঘটাবলৈ সক্ষম হৈছিল তাৰেই এখন ছবি আঁকিবলৈ চেষ্টা কৰা হৈছে নাটকৰ কাহিনীত৷ ক্ষত্ৰিয়ৰ ৰক্ত ধমনীত প্ৰৱাহমান হৈ থকাৰ পিছতো পৰিচয়বিহীনতাত দুৰ্ভোগ ভোগা কৰ্ণৰ কৰুণ জীৱন গাথাৰে সিক্ত হৈ উঠা এখন মঞ্চসফল নাটকৰ শাৰীত শ্ৰোতা-দৰ্শকে প্ৰথমটো দৰ্শনীতে স্বীকৃতি দিলে শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত৷ কৰ্ণৰ চৰিত্ৰত অভিনেতা সুৰুয কলিতাৰ হৃদয়স্পৰ্শী অভিনয়ে সকলোকে আৱেগিক কৰি তোলে৷ অভিমন্যু বধৰ অপৰাধবোধে মানসিকভাৱে জৰ্জৰিত কৰা কৰ্ণই উত্তৰাৰ সৈতে মুখামুখি হোৱা দৃশ্যই সকলোৰে চকু সেমেকাই তোলে৷ উত্তৰাৰ ভাৱত নিয়ৰ শইকীয়া আৰু কুন্তীৰ ভাৱত দীপান্বিতা তালুকদাৰৰ অভিনয়ে দৃশ্যসমূহক বিশেষ আকৰ্ষণীয়¸ কৰি তোলাত সহায় কৰে৷ সুদৰ্শন অভিনেতা সৌমাৰজ্যোতি বৰাক বাসুদেৱ কৃষ্ণৰ ৰূপত মহাৰথীৰ মঞ্চত দেখি সকলো দৰ্শক আপ্লুত হৈ পৰে৷ দুৰ্যোধনৰ ভাৱত ভৰত চুতীয়া, কৰ্ণৰ মাকৰ চৰিত্ৰত অনিন্দিতা দাস নাথ, শকুণিৰ ভাৱত অভিজিৎ চাংমাই, অৰ্জুনৰ ভাৱত অংশুপ্ৰতীম শইকীয়া, ভীষ্ম আৰু অভিমন্যুৰ ভাৱত বৈদুৰ্য্য চাংমাই, সৰু কৰ্ণৰ ভাৱত দীপু দত্তই সফলভাৱে চৰিত্ৰসমূহ ৰূপায়ণ কৰে৷ অন্যান্য চৰিত্ৰত কণিকা ইংতি, দেৱস্মিতা ৰায়, প্ৰীতি দলে, অনিল চাংমা, সুনীল চাংমা, কমলেশ স্বৰ্গীয়াৰীয়ে সুন্দৰ অভিনয় কৰে৷ ইতিমধ্যে কেইবাখনো বুৰঞ্জীমূলক আৰু লোকসংগীতৰ ভেটিস্বৰূপে লৈ ৰচনা কৰা নাটকৰ পৰিচালনাৰে অসমৰ নাট্য ক্ষেত্ৰখনিত বিশেষ স্থান লাভ কৰা পৰিচালক প্ৰবীণ কুমাৰ শইকীয়াৰ মহাৰথীক এক অনন্য মাত্ৰা প্ৰদান কৰিলে ড॰ মৃণাল জ্যোতি গোস্বামীৰ পোহৰ-সজ্জাই৷  সংগীত সজালে ৰশ্মিৰেখা শইকীয়াই৷ নৃত্য সংৰচনা দীপান্বিতা তালুকদাৰৰ৷ ৰূপসজ্জা পিণ্টু মণ্ডল আৰু ভনিতা বৰ্মন, শব্দ-সঞ্চাৰণত বিজিত দাস৷ প্ৰতিজন দৰ্শকে ভূয়সী প্ৰশংসা কৰা সাজ-সজ্জাৰ দায়িত্বতো আছিল ৰশ্মিৰেখা শইকীয়া৷ কলা আৰু মঞ্চ সজ্জাত নুৰুদ্দিন আহমেদ আৰু ধ্ৰুৱ স্পন্দন৷