Logo
image

মিজোৰামত সোমালহি ১৫১ জুণ্টা সেনা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ জানুৱাৰীঃ ম্যানমাৰত একগোট হৈ চৰকাৰী বাহিনীৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধত লিপ্ত হোৱাগণতন্ত্ৰকামী ‘পিপলছ ডিফেন্স ফ’ৰ্চ’ৰ (পিডিএফ) সশস্ত্ৰ বিদ্ৰোহী দলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি শনিবাৰে ১৫১জন ম্যানমাৰৰ সেনাই সীমান্ত পাৰ হৈ আহি মিজোৰামৰ লংগটলাই অঞ্চলত আশ্ৰয় গ্ৰহণ কৰিছে৷ সামৰিক জুণ্টা চৰকাৰৰ সেনাবাহিনীয়ে সীমান্তৱৰ্তী এই অঞ্চলত বিদ্ৰোহীৰ সৈতে হোৱা প্ৰত্যেকখন যুদ্ধতে পৰাজয়বৰণ কৰিছে৷ বিগত ডেৰমাহ ধৰি ম্যানমাৰৰ সেনাৰ সৈতে দেশখনৰ সকলো সশস্ত্ৰ বিদ্ৰোহী দলে একগোট হৈ পিডিএফ নামেৰে যুদ্ধ অব্যাহত ৰাখিছে৷ সশস্ত্ৰ বিদ্ৰোহীৰ মূল লক্ষ্য হৈ পৰিছে ম্যানমাৰৰ সেনাবাহিনীৰ ঘাটি দখল কৰা আৰু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা৷ তেনে উদ্দেশ্যেৰে সশস্ত্ৰ পিডিএফৰ বিদ্ৰোহীৰ বিশাল দলে ম্যানমাৰ সেনাৰ বিভিন্ন ঘাটি বেৰি ধৰি আক্ৰমণ চলাই আহিছে৷ শেহতীয়া আক্ৰমণত ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত থকা ম্যানমাৰ সেনাৰ এটা শিবিৰৰ সকলো সেনাই পৰাজয় স্বীকাৰ কৰে আৰু পলায়ন কৰে৷ এনেদৰে পলায়ন কৰা ম্যানমাৰৰ সেনাৰ ১৫১ জনীয়া এটা দলে প্ৰাণৰক্ষাৰ বাবে ভাৰত আৰু ম্যানমাৰ সীমান্ত পাৰ হৈ আহি মিজোৰামত আশ্ৰয় গ্ৰহণ কৰিছে৷ পিডিএফৰ সশস্ত্ৰ বিদ্ৰোহীৰ দলে এই যুঁজ চলাইছে আৰাকান আম¹ নামৰ ম্যানমাৰৰ শক্তিশালী বিদ্ৰোহী দলটোৰ নেতৃত্বত৷ ইতিমধ্যে অঞ্চলটোৰ সকলো বিদ্ৰোহী একগোট হোৱাত তেওঁলোকৰ শক্তি অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ বিদ্ৰোহীৰ দলে ইখনৰ পাছত সিখন চহৰ, গাঁও অধিকাৰ কৰি ক্ৰমাৎ ৰাজধানী য়াংগুণৰ দিশে আগবঢ়াৰ লক্ষ্য লৈছে৷ যুদ্ধৰ আৰম্ভণিতে ম্যানমাৰ চৰকাৰৰ সেনাবাহিনীয়ে যুদ্ধবিমানেৰে বিদ্ৰোহীৰ ওপৰত বোমাবৰ্ষণ কৰিছিল৷ পিছে এই বোমাবৰ্ষণেও বিদ্ৰোহীৰ যুদ্ধ শাম কটাব পৰা নাই৷ বৰং দিনক দিনে বিদ্ৰোহীৰ দলে চৰকাৰী বাহিনীৰ পৰা লুট কৰা অস্ত্ৰৰে অধিক শক্তি সঞ্চয় কৰিছে৷ সংখ্যাত অধিক হোৱাৰ বাবেই ম্যানমাৰৰ সেনাই মুখামুখি যুদ্ধত বিদ্ৰোহীক বলে নোৱাৰি হয় পলাই পত্ৰং দিছে, নহয় আত্মসমৰ্পণ কৰিছে৷ শেহতীয়াকৈ ম্যানমাৰৰ পৰা আহি মিজোৰামত প্ৰৱেশ কৰা ১৫১ জুণ্টা চৰকাৰৰ সেনাক আছাম ৰাইফলছে আশ্ৰয় দিছে৷ সম্প্ৰতি মিজোৰামৰ লংগটলাইৰ পাৰভা নামৰ অঞ্চলত ম্যানমাৰৰ সেনাৰ দলটোক নিৰাপদ আশ্ৰয়ত ৰখা হৈছে৷ অৱশ্যে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আছাম ৰাইফলছে জব্দ কৰি নিজৰ লগত ৰাখিছে৷ উল্লেখ্য ইয়াৰ পূৰ্বে যোৱা নৱেম্বৰত ১০৪ জন ম্যানমাৰৰ সেনাই মিজোৰামত প্ৰৱেশ কৰি আশ্ৰয় গ্ৰহণ কৰিছিল৷ তেওঁলোকক পৰৱত¹ সময়ত ভাৰত চৰকাৰে ম্যানমাৰৰ চৰকাৰৰ হাতত গতাই দিয়ে৷