Logo
image

আঙুৰ-খিছমিছ কাৰ বাবে কিমান উপযোগী

আমাৰ অসম বিশেষঃ আঙুৰ আৰু খিছমিছ একেই যদিও এই দুটাৰ মাজত আছে গুণগত পাৰ্থক্য৷ দুয়োটাৰ মাজত আছে পুষ্টিগুণৰ পাৰ্থক্য৷ সেইবাবে কোনোজনৰ কাৰণে আঙুৰ স্বাস্থ্যৰ বাবে বেছি উপযোগী হোৱাৰ বিপৰীতে আন কোনোজনৰ বাবে আঙুৰতকৈ খিছমিছ বেছি উপযোগী হ’ব পাৰে৷ 

◾ডায়েবেটিছজনিত ৰোগৰ ক্ষেত্ৰতঃ আঙুৰ শুকোৱাই খিছমিছ তৈয়াৰ কৰা হয়৷ শুকাই যোৱাৰ ফলত খিছমিছত শৰ্কৰাৰ পৰিমাণ অনেকগুণে বাঢ়ি যায়, সেইবাবে ডায়েবেটিছজনিত ৰোগত আক্ৰান্তৰ বাবে খিছমিছ ক্ষতিকাৰক হৈ পৰে৷ তাৰ বিপৰীতে আঙুৰত শৰ্কৰাৰ পৰিমাণ কম গতিকে ডায়েবেটিছ ৰোগীৰ বাবে আঙুৰ বেছি উপযোগী৷ 

◾এণ্টি অক্সিডেণ্টঃ শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰি দিয়াৰ ক্ষেত্ৰত এণ্টি অক্সিডেণ্ট অতি প্ৰয়োজনীয়৷ আঙুৰৰ পৰিৱৰ্তে খিছমিছ বহু পৰিমাণে শুকান হোৱাৰ বাবে এণ্টি অক্সিডেণ্টৰ ঘনত্বও প্ৰায় তিনিগুণ বেছি৷ সেই ক্ষেত্ৰত আঙুৰতকৈ খিছমিছ খালে এণ্টি অক্সিডেণ্ট বাহিৰ কৰি দিয়াত সহায়ক হৈ পৰে৷

◾কেলৰিঃ আঙুৰতকৈ খিছমিছত কেলৰিৰ পৰিমাণ অনেক গুণ বেছি৷ সেই হেতুকে আঙুৰতকৈ খিছমিছ খালে শৰীৰে বেছিকৈ কেলৰি পায়৷ 

◾ওজন হ্ৰাসঃ শৰীৰ ওজন হ্ৰাস কৰিবৰ বাবে খিছমিছ অত্যন্ত প্ৰয়োজনীয় ফল৷ যদিও আঙুৰতকৈ খিছমিছত কেলৰিৰ মাত্ৰা বেছি তৎসত্ত্বেও আঙুৰতকৈ খিছমিছে মেদ হ্ৰাস কৰাত সহায় কৰে৷

◾আপুনি কোনটো গ্ৰহণ কৰিবঃ ব্যক্তিবিশেষে শৰীৰৰ গঠন বেলেগ বেলেগ৷ একেদৰে বিভিন্নজন বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ থাকিব পাৰে৷ সেইহেতু সু-স্বাস্থ্যৰ বাবে আঙুৰ নে খিছমিছ প্ৰয়োজনীয় সেয়া ব্যক্তিবিশেষে পৃথক হ’ব পাৰে৷ যদি এণ্টি অক্সিডেণ্ট বাহিৰ কৰাত গুৰুত্ব দিয়ে তেতিয়া খিছমিছ খাব পাৰে আৰু যদি শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি পালে কোনো সমস্যাৰ সৃষ্টি হয় তেতিয়া খিছমিছৰ পৰিৱৰ্তে আঙুৰ গ্ৰহণ কৰিব পাৰে৷ অথবা আঙুৰ বা খিছমিছ দুয়োটাই যদি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰে, তেতিয়া চিকিৎসকৰ পৰামৰ্শমতে সিদ্ধান্ত লোৱা উচিত৷