Logo
image

গ্ৰন্থমেলাত ৫ দিনত ১কোটি ১৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী

ডিজিটেল সংবাদ, গুৱাহাটীঃ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ বাকৰি মঙলবাৰে পঞ্চম দিনাও উৎসাহী গ্ৰন্থপ্ৰেমীৰ সমাগম, সাহিত্য ৰসিকৰ আড্ডা-আলোচনা, প্ৰকাশক সন্মিলন আদি বিভিন্ন মনোজ্ঞ কাৰ্যসূচীয়ে উমাল কৰি তোলে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা গ্ৰন্থমেলা কাৰ্যতঃ ভাষা-সাহিত্য-সংস্কৃতিৰ পীঠস্থানলৈ ৰূপান্তৰিত হৈছে৷ বিপণীত পঢ়ুৱৈৰ উপস্থিতিয়ে প্ৰকাশন গোষ্ঠীসমূহকো বাৰুকৈয়ে উৎসাহিত কৰা পৰিলক্ষিত হৈছে৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত ১ কোটি ১৫ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে৷ 

ইপিনে মঙলবাৰে বিয়লি ২ বজাত গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত  'সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা'ই আয়োজন কৰে 'প্ৰকাশক সন্মিলন আৰু সম্বৰ্ধনা' অনুষ্ঠান৷ ইয়াত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ৰাজস্থানৰ জয়পুৰস্থিত বাল সাহিত্য অকাডেমিৰ সচিব ৰাজেন্দ্ৰ মোহন শৰ্মাই৷ তেওঁ ভাষণত কয় যে গ্ৰন্থ যিদৰে লেখকৰ শ্ৰম আৰু মেধাৰ ফচল, ঠিক সেইদৰে প্ৰকাশকসকলৰো শ্ৰম আৰু অৰ্থ ইয়াত অপৰিহাৰ্য৷ কিতাপৰ মহত্ত্বপূৰ্ণ জগতখনক প্ৰকাশকসকলেই জীয়াই ৰাখিছে ৷ সভ্যতাৰ গতিত কিতাপৰ বিকল্প নাই ৷ কিতাপৰ সুগন্ধিয়ে যি আনন্দ দিয়ে অন্যই নোৱাৰে৷ ল’ৰা-ছোৱালীক সদায় গ্ৰন্থ উপহাৰ দিয়া উচিত৷ ইয়াৰ ফলত ৰাষ্ট্ৰৰ ভৱিষ্যৎ সুন্দৰ হ’ব৷ এখন ৰাজ্যত চুকেকোণে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ চৰকাৰী পদক্ষেপ আদৰণীয় আৰু আশাব্যঞ্জক৷ অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশ লয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক কনকসেন ডেকাই৷ 

ডেকাই ভাষণত কয়, “গ্ৰন্থ সভ্যতাৰ মজ্জা৷ গ্ৰন্থই সভ্যতাক তৰান্বিত কৰিছে ৷ এতিয়া ইণ্টাৰনেটৰ যুগতো গ্ৰন্থৰ জনপ্ৰিয়তা অব্যাহত আছে ৷ এইক্ষেত্ৰত প্ৰকাশকসকলৰ ভূমিকা অনস্বীকাৰ্য৷ আজি ইয়াত প্ৰকাশকসকলক সম্বৰ্ধনা জ্ঞাপন কৰাটো অতি ভাল কাম হৈছে।" অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি ক্ৰমে নবীন বৰুৱা, ইমাৰণ আহমেদ, অজিত কুমাৰ বৰ্মনে ৷ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মাই আদৰণি ভাষণ দিয়া গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷ সম্বৰ্ধিত প্ৰকাশকসকল হৈছে জ্যোতিপদ দেৱ চৌধুৰী (বাণী প্ৰকাশ), জ্যোতিন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা (দত্ত বৰুৱা এণ্ড কোঃ), কৌস্তভ কুমাৰ গুহ (অসম বুক ডিপো), শ্ৰীকান্ত ভৰালী (সুৰভি সাহিত্য কুটীৰ, ডিব্ৰুগড়), মাখনলাল বাঢ়ৈ (গ্ৰন্থ বিক্ৰেতা, খুমটাই), বিমল চন্দ্ৰ দেৱ (এম বি ডি), অনিতা ভট্টাচাৰ্য (গ্ৰন্থ বিক্ৰেতা), ভূপাল তলুকদাৰ (লক্ষী বুক ষ্টল), সুধাংশু সিন্‌হা (ৰাজকুমাৰ বুক ষ্টল), বিকাশ দত্ত (গ্ৰন্থ বিক্ৰেতা), কেশৱ মল্লিক(ষ্টুণ্ডেন্টছ লাইব্ৰেৰী, ধুবুৰী )৷ তেওঁলোকক ফুলাম গামোছা, এৰি চাদৰ , কিতাপৰ টোপোলাৰে আদৰণি জনোৱাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয় ৷

সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত  মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতাত যোগদান কৰে  নৰ্থ ইষ্ট পাব্লিক স্কুল, কাহিলীপাৰা,  প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়, গীতানগৰ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে ৷