Logo
image

আগুৱাই অনা হ’ব নিৰ্বাচন! বিজেপিৰ ৰথী-মহাৰথীৰ কুচকাৱাজ অসমত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জানুৱাৰীঃ  নৱবৰ্ষৰ উচাহ-উদ্দীপনাৰ মাজতে সংগোপনে অসমত প্ৰৱেশ কৰিলে নিৰ্বাচনী বতাহ৷ এক কথাত ক’বলৈ গ’লে নিৰ্বাচনী চাইৰেণ বাজিল অসমত৷ বিজেপিৰ ৰথী-নহাৰথীৰ ২০২৪ৰ লোকসভাকেন্দ্ৰিক ব্যাপক কুচকাৱাজ আৰম্ভ হ’ল অসমত৷ হয়তো সময়তকৈ আগুৱাব পাৰে লোকসভাৰ নিৰ্বাচন৷ ৰাজ্যিক বিজেপিৰ নিৰ্বাচন মেনেজমেণ্টৰ বুজ ল’বলৈ ১০ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ নতুন বছৰত  প্ৰদেশ বিজেপিয়ে অনুষ্ঠিত কৰিবলগীয়া প্ৰথমখন পূৰ্ণাংগ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকিব জে পি নড্ডা৷ আজি এক সংবাদমেলত প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই কথা ঘোষণা কৰি কয় যে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিৰ সাংগঠনিক জিলা, মৰ্চা, কোষ, মণ্ডল আৰু বুথসমূহে নিজাকৈ কৰ্মপদ্ধতি তৈয়াৰ কৰিছে৷ ইয়াৰ লগত সংগতি ৰাখি অহা জ্জ্ব জানুৱাৰীত ৰঙিয়াত দলৰ জ্জ্বটা মৰ্চাৰ সংযুক্ত বৈঠক, ৯ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ব্যৱস্থাপনা বৈঠক আৰু বিষয়ববীয়া সভা, ১০ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিজেপি অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব৷ ২০২৪ বৰ্ষৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা উপস্থিত থাকি দলীয় কাৰ্যকৰ্তাসকলক মাৰ্গ দৰ্শন কৰিব৷ উল্লেখ্য, লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে প্ৰতিখন গাঁৱক স্পৰ্শ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ বিজেপিৰ এই নীতিক অধিক ত্বৰান্বিত কৰাৰ লগতে ১০ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী মেনেজমেণ্টৰো বুজ ল’ব জে পি নড্ডাই৷ ইফালে, নড্ডাৰ অসম ভ্ৰমণৰ এদিন পূৰ্বে ৯ জানুৱাৰীত শোণিতপুৰৰ লেৰেলা কছাৰী সমন্বয় ক্ষেত্ৰত আয়োজিত নিখিল বাথৌ মহাসভাৰ মুকলি অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো অসমলৈ অহাৰ কথা আছে৷ একেদৰে জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুও অসমলৈ আহিব৷ বিজেপিৰ এনে তৎপৰতাৰ বিপৰীতে ১৮ জানুৱাৰীত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীও অসমলৈ আহিব৷ কাজেই জানুৱাৰীতে হাইপ্ৰ’ফাইল নেতাৰ অসম চফৰে ৰাজ্যৰ নিৰ্বাচনী বতাহ গৰম কৰি তুলিব৷ ভোটময় হ’ব ৰাজ্য৷