Logo
image

লোকসভা ভোটৰ পূৰ্বেই ‘কা’ বলৱৎ কৰাৰ প্ৰস্তুতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জানুৱাৰীঃ অধ্যাদেশ জাৰিৰ চাৰি বছৰ পাছত নাগৰিকত্ব (সংশোধনী) আইনৰ বিধি প্ৰণয়ন কৰাৰ দিশত আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷ লোকসভাৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে চৰকাৰে ‘কা’ৰ বিধি প্ৰণয়নৰ কাম শেষ কৰি ইয়াক দেশবাসীৰ সন্মুখত ৰাখিব৷ ২০১৯ চনৰ ১১ ডিচেম্বৰত বিধেয়কখন আইনত পৰিণত হৈছিল আৰু ইয়াৰ পিছদিনাখনে ৰাষ্ট্ৰপতিয়ে ইয়াক অনুমোদন জনাই স্বাক্ষৰ কৰে৷ ২০২০ চনৰ ১০ জানুৱাৰীৰ পৰা ‘কা’ বলৱৎ হ’ব বুলি গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিছিল৷ কিন্তু বিধি প্ৰণয়ন নকৰাৰ ফলত আজিপৰ্যন্ত আইনখন বলৱৎ কৰিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে৷ সাংবিধানিক নিয়ম অনুসৰি বিধেয়ক এখন সংসদত গৃহীত হোৱাৰ ৬ মাহৰ ভিতৰত সংশ্লিষ্ট মন্ত্ৰণালয়ে যদি ইয়াৰ বিধি প্ৰণয়ন কৰিব নোৱাৰে তেন্তে সংসদৰ ষ্টেণ্ডিং কমিটীৰ পৰা উপযুক্ত কাৰণ প্ৰদৰ্শন কৰি সময়সীমা বৃদ্ধি কৰি ল’ব লাগে৷ বিগত চাৰি বছৰত গৃহমন্ত্ৰণালয়ে ৮ বাৰকৈ আইনখনৰ ম্যাদ বৃদ্ধি কৰিছে৷ গৃহমন্ত্ৰণালয়ৰ সূত্ৰৰ দাবী– শীঘ্ৰে ‘কা’ৰ বিধি প্ৰণয়ন কৰা হ’ব৷ এবাৰ বিধি প্ৰণয়ন হোৱাৰ পাছত আইনখন সমগ্ৰ দেশতে বলৱৎ হ’ব৷ ইতিমধ্যে বিধিৰ খচৰা প্ৰস্তুত কৰা হৈছে আৰু বিভিন্ন মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হৈছে৷ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ইয়াক ঘোষণা কৰা হ’ব৷ ইয়াৰ বাবে মন্ত্ৰণালয় সাজু৷ নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ প্ৰক্ৰিয়া অনলাইন হ’ব৷ কোনোধৰণৰ ভ্ৰমণ নথি অবিহনে লোক এজন কেতিয়া ভাৰতত প্ৰৱেশ কৰিছিল সেই কথা আবেদন প্ৰ-পত্ৰ উল্লেখ কৰিব লাগিব৷ ইয়াৰ বাবে কোনো ধৰণৰ নথি বিচৰা নহ’ব৷ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে কোনো ধৰণৰ নথি-পত্ৰ অবিহনে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ আৰু জৈন ধৰ্মাৱলম্বী লোকক ‘কা’ৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰিব ভাৰতে৷ ফৰেনাৰ্ছ এক্ট ১৯৯৬ আৰু পাচপোৰ্ট এক্ট ১৯২০ উলংঘা কৰি ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বা থকা এই ছটা ধৰ্মৰ লোকৰ বিৰুদ্ধে থকা ফৌজদাৰী গোচৰৰ পৰাও তেওঁলোকক ৰেহাই দিয়া হ’ব৷