Logo
image

নাগালেণ্ডৰ পৰা আমগুৰি হৈ অসম সোমাব ৰাহুলৰ যাত্ৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জানুৱাৰীঃ ভাৰত জোড়ো যাত্ৰাৰ পাছত ১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ভাৰত ন্যায় যাত্ৰা৷ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা৷ ইয়াৰ বাবে ১৩ জানুৱাৰীত ৰাহুল গান্ধী সদলবলে ইম্ফলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ এআইচিচিৰ সূত্ৰৰ মতে, ইম্ফলৰ পৰা আৰম্ভ হ’বলগীয়া এই ন্যায় যাত্ৰা মণিপুৰৰ পৰা আহি নাগালেণ্ডত প্ৰৱেশ কৰিব৷ নাগালেণ্ডত এই যাত্ৰা শেষ কৰি শিৱসাগৰ জিলাৰ আমগুৰিয়েদি ৰাহুল গান্ধী অসমত প্ৰৱেশ কৰিব৷ আমগুৰিৰ পৰা  যোৰহাট হৈ মাজুলী, ঢকুৱাখনা, উত্তৰ লখিমপুৰ, ইটানগৰ, তেজপুৰ, চামগুৰি, নগাঁও, গুৱাহাটী, হাজো, মুকালমুৱা, বৰপেটা, বঙাইগাঁও, ধুবুৰী আৰু গোলকগঞ্জ হৈ শ্ৰীৰামপুৰেদি অসমৰ পৰা ওলাই যাব ৰাহুল গান্ধী৷ ১৭ জানুৱাৰীত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অসমত প্ৰৱেশ কৰাৰ কথা৷ অসমত এই যাত্ৰা চ্ছ্ৰযপ্ত দিন চলাৰ সম্ভাৱনা আছে৷ সূত্ৰটোৰ মতে ১৪ জানুৱাৰীত ইম্ফলৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত ন্যায় যাত্ৰা ২০ মাৰ্চত মুম্বাইত শেষ হ’ব৷ এই যাত্ৰাই ৬,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব৷ মণিপুৰ, নাগালেণ্ড, অসমৰ উপৰি মেঘালয়, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তিশগড়, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান আৰু গুজৰাটৰ মাজেদি ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰা আগবাঢ়ি মহাৰাষ্ট˜ত শেষ হ’ব৷ এই যাত্ৰাই ১৪খন ৰাজ্যৰ ৮৫খন জিলাক সাঙুৰি ল’ব৷ ভাৰত ন্যায় যাত্ৰাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে সকলো আয়োজন নিখুত কৰি তোলাৰ উদ্দেশ্যেৰে ৰাহুল গান্ধীৰ কাৰ্যালয়ৰ বৃহৎ দল এটা ইতিমধ্যে অসমত উপস্থিত হৈ সকলো প্ৰস্তুতিৰ বুজ লয়৷ দুই-এদিনৰ ভিতৰত ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাৰ অসমৰ কাৰ্যসূচী চূড়ান্ত হ’ব৷ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে ৪,৫০০ কিলোমিটাৰ খোজ কাঢ়িছিল যদিও ভাৰত ন্যায় যাত্ৰাৰ সময়ত খোজ কঢ়াৰ পৰিৱৰ্তে বিভিন্ন সময়ত বাছৰ ব্যৱহাৰ কৰিব কংগ্ৰেছ নেতাজনে৷