Logo
image

কোষ্ঠকাঠিন্যৰ পৰা মুক্ত হওক

খাদ্য গ্ৰহণৰ ওপৰত স্বাস্থ্যৰ বহু কথা নিৰ্ভৰ কৰে৷ কাৰ্বহাইড্ৰেট বেছি পৰিমাণে থকা খাদ্য খালে যিদৰে কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি পায়, একেদৰে দুগ্ধজাত খাদ্য, ৰেডমীট বেছিকৈ খালে হজম প্ৰক্ৰিয়াত বাধা জন্মায়৷ একেদৰে উচ্ছ চৰ্বিযুক্ত খাদ্য বা তেল, মাখন বেছিকৈ খালেও কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি পাব পাৰে৷ কম ফাইবাৰ থকা খাদ্য নিয়মীয়াকৈ খালে বদহজমৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যা সৃষ্টি কৰে৷ 

ডিহাইড্ৰেচনৰ বাবেও কোষ্ঠকাঠিন্যৰ সৃষ্টি হ’ব পাৰে৷ বিশেষকৈ শীত কালত পানী কমকৈ খোৱাৰ ফলত এই সমস্যা বাঢ়ে৷ 

কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে কমেও ২০ ৰ পৰা ৩০ গ্ৰামকৈ আঁহজাতীয় খাদ্য খাব লাগে৷ 

ৰঙা আটা আৰু ঢেঁকীত খুন্দা চাউলৰ ভাত খালে কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি৷ 

দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে৷

নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিব লাগে৷

ৰাতি ভাতৰ পৰিৱৰ্তে ৰুটি আৰু গৰম গাখীৰ খাব লাগে৷

কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ফল-মূল খোৱাৰ অভ্যাস কৰিব লাগে৷

পুৱা-গধূলি খোজ কঢ়াৰ অভ্যাস কৰিলেও এই সমস্যাৰ পৰা হাত সাৰিব পাৰি৷