Logo
image

মানাহ দৰ্শনৰ সময়ত অঘটনঃ জুবিন গাৰ্গলৈ প্ৰকাণ্ড গঁ‌ড়ৰ চোঁ‌চা

ডিজিটেল সংবাদ, আনন্দ বজাৰৰ প্ৰতিবেদকঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰূপে উপস্থিত হৈ জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক গঁড়ে খেদা এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। ঘটনাটো সংঘটিত হৈছিল বৃহস্পতিবাৰে দিনৰ ভাগত।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ভিতৰচ'ৰাত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা৷ বৃহস্পতিবাৰে নিচেই পুৱা কণ্ঠশিল্পী জুবিন গাৰ্গে সতীৰ্থসহ উপস্থিত হয় মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বাঁহবাৰী ৰেঞ্জত। মানাহৰ বাঁ‌হবাৰী বনাঞ্চলত সতীৰ্থৰ সৈতে জীপ ছাফাৰী কৰি থকা সময়ছোৱাতেই এটা প্ৰকাণ্ড গঁ‌ড়ে জুবিন গাৰ্গে ছাফাৰী কৰা চলন্ত জীপখনৰ পিছে পিছে চোঁচা লয়। জুবিন গাৰ্গসহ সতীৰ্থসকলক বহু দূৰ খেদি যায় প্ৰকাণ্ড গঁ‌ড়টোৱে। গঁড়টোৱে খেদি থকা সময়ছোৱাত জুবিন গাৰ্গে উচ্চস্বৰত 'গ' বেক, গ' বেক' ধ্বনি দিয়ে। তাৰ পিছতেই থমকি ৰয় গঁ‌ড়টো৷ গঁড়টো থমকি ৰোৱাৰ পিছতে জুবিন গাৰ্গে পুনৰ 'দেটছ গুড' বুলি চিঞৰ দিয়ে।

উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ জুবিন গাৰ্গে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত জীপ ছাফাৰী কৰিছিল। সেই সময়তেই জুবিন গাৰ্গে ছাফাৰী কৰা চলন্ত জীপখনলৈ আক্ৰমণাত্মক হৈ পৰে প্ৰকাণ্ড গঁড়টো৷