Logo
image

ৰাহুল গান্ধী নেহৰু পৰিয়ালৰ যুৱক কাৰণে তেওঁক চাবলৈ মানুহ আহে, কিন্তু ভোট নিদিয়েঃ বদৰুদ্দিন আজমল

ডিজিটেল সংবাদ, নগৰবেৰাৰ প্ৰতিবেদকঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বাঘমাৰাচৰত বৃহস্পতিবাৰে এ আই ইউ ডি এফৰ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি দলৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। আজমলে কয় যে অসমত এতিয়া এ আই ইউ ডি এফ আৰু বিজেপিয়ে কাম কৰি আছে। কংগ্ৰেছ বৰ্তমান ময়দানত নাই। এনেই পৰাজয় মানি লৈছে কংগ্ৰেছে। কংগ্ৰেছে জানে তেওঁলোকে নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জত জিকিব নোৱাৰে। সেয়েহে কংগ্ৰেছে বৰ্তমান ঘৰত বহিয়েই নিৰ্বাচনী অংক কৰি আছে। কংগ্ৰেছে টাউন অঞ্চলৰ ভোট হিচাপ কৰি আছে আৰু কংগ্ৰেছে টাউনত যিমান বেছি লাগি থাকিব এ আই ইউ ডি এফে গাঁও অঞ্চলৰ সকলো ভোট লাভ কৰিব। অৰ্থাৎ আজিৰ তাৰিখত কংগ্ৰেছে ৰাজনৈতিক অংকই শিকিব নোৱাৰিলে। এই সন্দৰ্ভত কংগ্ৰেছক কটাক্ষ কৰি হিন্দীত এক ডায়লগ মাৰি বদৰুদ্দিন আজমলে কয়, "ল্যাগে ৰহো মুন্না ভাই"।

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি আজমলে কয় যে ৰাহুল গান্ধীয়ে ভাৰত জোৰো যাত্ৰাৰ জৰিয়তে কিমান সফল হৈছে? ভাৰতবৰ্ষৰ ৫০ শতাংশ ঠাই ঘুৰি বিগত নিৰ্বাচনত কেইটা আসন লাভ কৰিছে বুলি প্ৰশ্ন কৰে আজমলে। তেওঁ আৰু কয় যে ৰাহুল গান্ধী নেহৰু পৰিয়ালৰ এগৰাকী যুৱক হিচাপে তেওঁক চাবলৈ মানুহ যাবই কিন্তু ভোট নিদিয়ে। তেওঁৰ কাম নাই! ৰাহুল গান্ধীৰ এনে যাত্ৰাই উপকৃত নকৰে কংগ্ৰেছ দলক। বদৰুদ্দিন আজমলৰ মতে, উজনি অসমত কংগ্ৰেছৰ এতিয়া কোনো ভোট নাই, সেয়ে এতিয়া নামনি অসমত জপিয়াই পৰিছে কংগ্ৰেছ। আজমলে আৰু কয় যে অসম কংগ্ৰেছত বৰ্তমান যিমান মানুহ আছে সকলো বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। বিজেপিৰ এই কংগ্ৰেছী এজেণ্ট সকলে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতেই সদায় আজমলক আক্ৰমণ কৰি আহিছে। ফলত লাভৱান হৈছে বিজেপিয়ে। নিজৰ ভাষণত আজমলে আৰু কয় যে আমি খেলত নামিছো আৰু খেল হ'বই।

ইফালে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা' বলৱৎ হ'লে অসমৰ ৰাজনৈতিক পৰিস্থিতি কেনে হ'ব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বদৰুদ্দিন আজমলে কয় যে বিগত সময়ত 'কা'ৰ বিৰুদ্ধে কিমান আন্দোলন হৈছিল, কেইবাজন শ্বহীদ হ'ল, কিন্তু নিৰ্বাচনততো বিজেপিয়েই জয়ী হ'ল। গতিকে নিৰ্বাচন বেলেগ, 'কা' বেলেগ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সন্দৰ্ভত তেওঁ কয় মই ভূপেন বৰা সন্দৰ্ভত একো নকওঁ। ভূপেন বৰাই আজমলক যিমান গালি পাৰিব সিমানেই এ আই ইউ ডি এফৰ ভোট বাঢ়িব। আজমলে প্ৰত্যুত্তৰ দিলে ৰাইজে ক'ব আজমল আৰু ভূপেন বৰা একেই।

ইফালে 'ইণ্ডিয়া' মহাজোঁটৰ মোহ যেন এতিয়াও এৰিব পৰা নাই আজমলে। তেওঁ পুনৰ কয় যে নিৰ্বাচনত ৩খন আসনত জয়ী হৈ যিকোনো প্ৰকাৰে 'ইণ্ডিয়া' মহাগোটবন্ধনক সমৰ্থন দিব এ আই ইউ ডি এফে । লগতে তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ শত্ৰু বিজেপি নহয়, বদৰুদ্দিন আজমল হৈছে কংগ্ৰেছৰ প্ৰধান শত্ৰু। তেওঁ আৰু কয় যে অসম কংগ্ৰেছৰ এতিয়া কোনো এজেণ্ডা নাই, বদৰুদ্দিন আজমলক বিদায় দিয়াই কংগ্ৰেছৰ এতিয়া একমাত্ৰ এজেণ্ডা হৈ পৰিছে। ইপিনে অসমৰ শিক্ষা ব্যৱস্থাৰ লগতে সংখ্যালঘু অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ দুখ লগা অৱস্থাৰ বাবে আজমলে দায়ী কৰে কংগ্ৰেছক। ৭৫ বছৰ শাসন কৰি কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক সকলে শিক্ষা ব্যৱস্থাৰ উন্নয়ণৰ পৰিৱৰ্তে দিল্লী, মুম্বাইত ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছে। যাৰ বাবে আজিও সংখ্যালঘু বসতি প্ৰধান অঞ্চলত শিক্ষাৰ পৰিৱেশ অতিকৈ পুতৌজনক। আজমলে নিজৰ ভাষণত সংখ্যালঘু লোকে নিজৰ সন্তানক যিকোনো মূল্যৰ বিনিময়ত উচ্চ শিক্ষিত কৰি গঢ়ি তোলাৰ আহ্বান জনায় । চৰাঞ্চলৰ শিক্ষা ব্যৱস্থা উন্নয়ণৰ বাবে আজমল ফাউণ্ডেচনৰ জৰিয়তে শীঘ্ৰেই 'চৰে চৰে শিক্ষা' শীৰ্ষক এক আঁচনি গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে বদৰুদ্দিন আজমলে। উল্লেখ্য যে এ আই ইউ ডি এফৰ বৰপেটা জিলা কমিটিৰ উদ্যোগত আৰু চেঙা সমষ্টি কমিটিৰ সহয়োগত অনুষ্ঠিত জনসভাত দলৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম, হাফিজ বছিৰ উদ্দিন কাছিমী, আশ্ৰাফুল হুছেইনৰ লগতে দলৰ কেইবাজন নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।