Logo
image

আৰ্থিক বৃদ্ধিৰ হাৰৰ শীৰ্ষস্থানৰ দিশে ভাৰত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ জানুৱাৰীঃ ক’ভিড অতিমাৰীৰ ভয়ানক আঘাত আৰু ৰাছিয়া-ইউক্ৰেইনৰ সৰ্বনশীয়া যুদ্ধই বিশ্বৰ অৰ্থনীতিৰ বৃদ্ধিৰ গতি স্থবিৰ কৰি পেলালেও ভাৰতত ইয়াৰ প্ৰভাৱ আচৰিতভাৱে সীমাৱদ্ধ৷ সেয়ে ২০২৪ চনতো ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ বিশ্বৰ শীৰ্ষস্থানত থাকিব বুলি পূৰ্বাভাস জনাইছে ৰাষ্ট্ৰসংঘই৷ ৰাষ্ট্ৰসংঘৰ সংস্থা ‘ৱল্ডৰ্ ইক’নমিক ছিটুৱেচন এণ্ড প্ৰছপেক্ট-২০২৪’ ৰ প্ৰতিবেদনত ভৱিষ্যদ্বাণী কৰা অনুসৰি ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ এইবাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত সৰ্বাধিক হ’ব৷ ইয়াৰ অৰ্থ এয়া নহয় যে, ভাৰতীয় অৰ্থনীতিয়ে বিশ্বৰ শীৰ্ষস্থান দখল কৰিব৷ প্ৰকৃতাৰ্থত অৰ্থনৈতিক উন্নয়নৰ গতিৰ যি হাৰ, সেই হাৰ ভাৰতৰ সৰ্বাধিক হ’ব বুলি ৰাষ্ট্ৰসংঘৰ সংস্থাই পূৰ্বানুমান কৰিছে৷ অন্যাৰ্থত ভাৰত হ’ব এইবছৰ বিশ্বৰ সবাতোকৈ দ্ৰুত বিকাশশীল দেশ৷ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ মতে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.২ শতাংশ হ’ব৷ প্ৰতিবেদন অনুসৰি বৰ্তমান পৰিস্থিতিত ভাৰতৰ বজাৰত আভ্যন্তৰীণ চাহিদা আছে আৰু উৎপাদন তথা বিতৰণৰ ক্ষেত্ৰত শক্তিশালীভাৱে বৃদ্ধিৰ সম্ভাৱনা আছে৷ প্ৰসংগতঃ, ২০২১ চনত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰসংঘৰ একেটা সংস্থাই ৭.৩ শতাংশ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল৷ কিন্তু বৰ্ষশেষত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ হৈছিল ৮.৮ শতাংশ৷ অৰ্থাৎ বৃদ্ধিৰ গতি ৰাষ্ট্ৰসংঘই সঠিকভাৱে বুজিব পাৰিছিল৷ ৰাষ্ট্ৰসংঘৰ এইবাৰৰ প্ৰতিবেদনৰ মতে অতিমাৰী, যুদ্ধ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত চীনৰ বৃদ্ধিৰ হাৰ যিদৰে হ্ৰাস পাই আছে, একে কাৰণতে এইবাৰে আৰ্থিক বৃদ্ধিৰ হাৰ হ্ৰাস পাই থাকিব৷ এনে পৰিস্থিতিত ভাৰতৰ বজাৰত বিনিযোগৰ সম্ভাৱনা বৃদ্ধি পাব৷