Logo
image

কিডনী, লিভাৰ সুস্থ ৰাখিবৰ বাবে খাওক এইবিধ শাক

আমাৰ অসম বিশেষঃ গ্ৰাম্যাঞ্চলত বাটে-ঘাটে উপলব্ধ এবিধ সহজলভ্য শাক৷ কেৱল গ্ৰামাঞ্চলতেই নহয় আজিকালি বছৰৰ বাৰমাহেই চহৰৰ বজাৰতো সুলভ এইবিধ শাক৷ পূৰ্বতে কেৱল শীতকালতহে এই শাকবিধ পোৱা গৈছিল৷ কিন্তু আজিকালি বছৰৰ সকলো সময়তে বজাৰত পোৱা যায় এই ঔষধিগুণসম্পন্ন শাকবিধ৷ এই শাকবিধ কি বাৰু? আপুনি অনুমান কৰিব পাৰিছেনে? বাটে-ঘাটে বজাৰত উপলব্ধ এই শাকবিধেই হৈছে মিথি শাক৷ শৰীৰৰ বিভিন্ন অংগৰ উপকাৰ সাধে মিথি শাকে৷ মিথি শাকত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’, ‘চি’ পটাচিয়াম, মেগনেচিয়াম, কেলছিয়াম, আইৰণ, এমিনো এচিদ, ফচফৰাছ, জিংকৰ দৰে গুৰুত্বপূৰ্ণ পৌষ্টিক উপাদান আছে৷ মানৱ শৰীৰৰ সুস্থতাৰ বাবে এই উপাদানসমূহ অত্যন্ত প্ৰয়োজনীয়৷ মিথি শাকত থকা আশ্চৰ্যকৰ কেতবোৰ ঔষধি গুণ হ’ল– 

◾গাত গৰম পানী পৰিলে বা গৰম বস্তু লগাৰ ফলত ছালৰ ক্ষতি হ’লে মিথি শাকৰ লেপ লগাব লাগে৷ এই লেপ লগালে তাৎক্ষণিকভাৱে ছালৰ জ্বলা-পোৰা দূৰ হয় আৰু পোৰা অংশৰ উপশম হয়৷ 

◾মুখত ঘাঁ হ’লে মিথি শাক চোবাই খালে বা পাতলকৈ ৰন্ধা মিথি শাকৰ জোল খালে সোনকালে মুখৰ ঘাঁ আঁতৰ হয়৷  

◾প্ৰস্ৰাৱৰ সময়ত যদিহে জ্বলা-পোৰা কৰে তেন্তে মিথি শাকৰ কেঁচা ৰসৰ লগত দুচামুচ জিৰাৰ গুৰি, দুচামুচ নেমু টেঙাৰ ৰস খাওক৷ আপোনাৰ প্ৰস্ৰাৱৰ জ্বলা-পোৰা দূৰ হ’ব৷

◾কিডনীত পাথৰ হ’লে প্ৰতিদিনে একাপ মিথি শাকৰ ৰস খালে উপকাৰ পোৱা যায়৷ 

◾পিত্ত-লিভাৰৰ সমস্যা আৰু শৌচৰ সমস্যা দূৰ কৰে মিথি শাকে৷

◾ছালত বগা পৰা বেমাৰ হ’লে মিথি শাকে এই ৰোগ নিৰাময় কৰে৷