Logo
image

লক্ষ্যস্থানত আদিত্য

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ জানুৱাৰীঃ ভাৰতৰ প্ৰথম সৌৰ অভিযানৰ প্ৰথম পৰ্যায় চূড়ান্ত সফলতাৰে সম্পন্ন হৈছে৷ ভাৰতে সূৰ্য অভিমুখে প্ৰেৰণ কৰা আদিত্য এল-১ নামৰ পৰ্যবেক্ষণকাৰী কৃত্ৰিম উপগ্ৰহটো আজি শনিবাৰে লেগাৰেঞ্জ নামৰ অঞ্চলটোত উপনীত হয়৷ এই লেগাৰেঞ্জ অঞ্চলত থাকিয়েই ভাৰতৰ আদিত্য এল-১য়ে সূৰ্যক সমীপৰ পৰা পৰ্যবেক্ষণ কৰিব৷ শনিবাৰে ভাৰতৰ সৌৰ অভিযানৰ সাফল্যৰ এই খবৰ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ যদিও সমগ্ৰ অভিযানটো ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে পৰিচালনা কৰি আছে, তথাপি ইছৰোৱে এই সাফল্যৰ খবৰ প্ৰকাশ কৰাৰ পৰিৱৰ্তে দেশবাসীক জনায় প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁ ‘এক্স’ হেণ্ডলত লিখে– ‘ভাৰতে  আৰু এটা মাইলফলক তৈয়াৰ কৰিলে৷ ভাৰতৰ প্ৰথম সৌৰ পৰ্যক্ষেণকাৰী মহাকাশ যান আদিত্য এল-ৰতাৰ নিজৰ গন্তব্য স্থানত উপস্থিত হৈছে৷ এয়া আমাৰ বিজ্ঞানীসকলৰ নিৰলস পৰিশ্ৰমৰ ফচল৷ ইছৰোৰ এই অভাৱনীয় সাফল্যত সমগ্ৰ দেশৰ সৈতে ময়ো গৰ্বিত৷ মানৱ সভ্যতাৰ স্বাৰ্থত আমাৰ বিজ্ঞানে এনেদৰেই আৰু অনেক দুৱাৰ উন্মোচন কৰি থাকিব৷’ 

সূৰ্যৰ নিকটৱৰ্তী লেগাৰেঞ্জ পইণ্ট বা  এল-১পইণ্টৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ৷ আনহাতে, পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব হৈছে ১৫ কোটি কিলোমিটাৰ৷ সেই দিশৰ পৰা চাবলৈ গ’লে ভাৰতৰ সৌৰ পৰ্যবেক্ষণকাৰী মহাকাশ যানখন পৃথিৱী আৰু সূৰ্যৰ দূৰত্বৰ এক শতাংশহে অতিক্ৰম কৰিছে৷ অৱশ্যে সূৰ্যৰ প্ৰৱল তাপৰ বাবে ইয়াতকৈ আৰু সূৰ্যৰ সমীপলৈ কোনো পদাৰ্থ আগবাঢ়ি যোৱাটো সম্ভৱ নহয়৷ শনিবাৰে বিয়লি ভাৰতীয় সময়মতে ৪ বজাত ইছৰোৱে যানখনত লেগাৰেঞ্জ পইণ্টত স্থাপন কৰে৷ তাৰ পৰাই এই যানখনে সূৰ্যক পৰ্যবেক্ষণ কৰিব৷ সেই স্থানৰ পৰা সূৰ্য আৰু ভাৰতৰ মহাকাশ  যানখনৰ মাজত কোনো প্ৰতিবন্ধকতা নাথাকিব৷ সেয়ে যানখনে সূৰ্যৰ বহু অজানা তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব৷